নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ কেৱল এটা ম’হ কিনিবলৈ দ্বিতীয়বাৰ বিবাহত আবদ্ধ হোৱাৰ চেষ্টা কালি উত্তৰ প্রদেশৰ হাছানপুৰৰ এখন মহাবিদ্যালয়ত চৰকাৰী উদ্যোগত ধুমধামেৰে পতা হৈছিল সমূহীয়া বিবাহ৷ সেই সময়তে হঠাৎ এদল লোকে এগৰাকী মহিলাৰ বিৰুদ্ধে অভিযোগ আনে৷ অভিযোগ অনুসৰি চৰকাৰী অনুদানৰ টকা পাবলৈ হেনো এই মহিলাগৰাকীয়ে সকলোৰে চকুত ধূলি দি দ্বিতীয়বাৰ বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে৷ অভিযুক্ত তৰুণীৰ নাম আছমা৷ ৩ বছৰ পূর্বে নুৰ মহম্মদ নামৰ যুৱক এজনৰ সৈতে আছমাৰ বিয়া হয়৷ কিন্তু একাধিক কাৰণত তেওঁলোকৰ মাজত মনোমালিন্য আৰম্ভ হয়৷ ছমাহ পূর্বে নিজৰ পিতৃগৃহলৈ উভতি আহে আছমা৷ বর্তমান আদালতত চলি আছে বিবাহ বিচ্ছেদৰ গোচৰ৷ পিতৃগৃহত থকা সময়ত আছমাই খবৰ লাভ কৰে যে চৰকাৰে এক সমূহীয়া বিবাহ অনুষ্ঠানৰ আয়োজন কৰিছে৷ অকল সেয়াই নহয়, মুখ্যমন্ত্রী যোগী আদিত্যনাথে সমূহীয়া বিবাহ আঁচনিৰ অধীনত কইনাক ৩৫,০০০ টকা দিব৷ ইয়াৰ উপৰি নৱদম্পতীক বিনামূলীয়াকৈ বিভিন্ন ধৰণৰ উপহাৰো প্রদান কৰিব চৰকাৰে৷ এই কথা শুনাৰ পিছত আছমাই ঠিক কৰে যে নিজৰ খুৰাকৰ পুত্র জাবেৰ আহমেদৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব তেওঁ৷ উদ্দেশ্য এটাই, টকা আৰু উপহাৰ সংগ্রহ কৰা৷ চৰকাৰৰ পৰা পাবলগীয়া ধনেৰে এটা ম’হ ক্রয় কৰাৰ সংকল্প লৈছিল আছমাই৷ ভবা মতেই দেওবাৰে উত্তৰ প্রদেশৰ হাছানপুৰৰ কলেজৰ চৰকাৰী সমূহীয়া বিবাহ অনুষ্ঠানত হাজিৰ হয় এই তৰুণী৷ এই অনুষ্ঠানত ৩০০ দৰা–কইনাৰ একেলগে বিবাহ সম্পন্ন হোৱাৰ কথা আছিল৷ কিন্তু মাজপথতে আছমাৰ পৰিকল্পনা ব্যর্থ হয়৷ শহুৰেকৰ পৰিয়ালৰ লোকে জনাই দিয়ে যে আছমা বিবাহিত৷ তাৰ পিছতো নিজকে কুমাৰী বুলি দাবী কৰি বিবাহপাশত আবদ্ধ হোৱাৰ চেষ্টা চলাইছে৷ এই অভিযোগ পোৱাৰ লগে লগে সমূহীয়া বিবাহ অনুষ্ঠান বন্ধ কৰি দিয়া হয়৷ আছমাৰ পৰিকল্পনা সফল নহ’ল৷ ৩৫ হাজাৰ টকা হাতলৈ আহিলেই ম’হ কিনাৰ যি সপোন আছিল আছমাৰ, সেয়া সপোন হৈয়েই থাকিল৷ স্মর্তব্য যে উত্তৰ প্রদেশত এয়াই প্রথম নহয়, পূর্বেও চৰকাৰী উদ্যোগত আয়োজন কৰা সমূহীয়া বিবাহ অনুষ্ঠানত এনেধৰণৰ ঘটনা ঘটিছে৷ বিশেষকৈ চৰকাৰে আগবঢ়োৱা ধন লাভ কৰিবলৈ এই ধৰণে ভুৱা বিয়াৰ বাবে সাজু হয় বহু যুৱক–যুৱতী৷ ইতিমধ্যে এনে বহু যুৱক–যুৱতীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাও গ্রহণ কৰিছে প্রশাসনে৷ আছমাৰ বিৰুদ্ধে প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰিব, সেয়া অৱশ্যে তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই৷