সুকন্যা : মঞ্চ–চলচ্চিত্র জগতৰ বিশিষ্ট অভিনেত্রী চেতনা দাসৰে সাক্ষাৎকাৰ
সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ
ফোনঃ ৮৬৩৮৪–১৪৯৫৪
ফটোঃ দিব্যজ্যোতি ৰাভা
৭০ৰ দশকৰ পৰা অসমৰ মঞ্চ আৰু চলচ্চিত্র জগতত সুদীর্ঘ ৫০ বছৰে দর্শক–শ্রোতাৰ হৃদয় জয় কৰি আহিছে বিশিষ্ট অভিনেত্রী চেতনা দাসে৷ প্রয়াত গিৰীন্দ্র কুমাৰ তালুকদাৰ আৰু যোগপ্রভা তালুকদাৰৰ কন্যা চেতনা দাস বিবাহপাশত আবদ্ধ হয় বিমলানন্দ দাসৰ সৈতে৷ পিতৃৰ চাকৰি সূত্রে শ্বিলঙত জন্মগ্রহণ কৰিলেও অসমৰ বিভিন্ন ঠাইত তেওঁ শৈশৱকাল কটায়৷ অৱশ্যে শৈশৱ আৰু যৌৱনৰ বহু সময় কটোৱা অভিনেত্রীগৰাকীয়ে সত্রনগৰী বৰপেটা আৰু সাংস্কৃতিক নগৰী তেজপুৰৰ পৰাই বর্ণিল অভিনয় জীৱনৰ অধিকাংশ সমল আহৰণ কৰি নিজকে সমৃদ্ধ কৰি তোলে৷ তৃতীয় শ্রেণীত পঢ়ি থাকোঁতেই ‘শোণিত কুঁৱৰী’ নাটৰ জৰিয়তে অভিনয় যাত্রা আৰম্ভ কৰা অভিনেত্রীগৰাকীয়ে ১৯৬৫ চনত ‘তেজপুৰ মাল্টিপাৰপজ গার্লছ স্কুল’ৰ হৈ শ্রেষ্ঠ অভিনেত্রীৰ বঁটা লাভ কৰিছিল৷ তেজপুৰৰ বাণ থিয়েটাৰতো তেওঁ কেইবাখনো চিৰযুগমীয়া নাটত অভিনয় কৰি দর্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা চেতনা দাসে চন্দ্রধৰ গোস্বামী, নটসূর্য ফণী শর্মা, কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাকে ধৰি বহু প্রথিতযশা নাট্যকাৰ, অভিনেতাৰ সান্নিধ্য লাভ কৰিছিল৷ এইসকল মহীৰূহৰ সৈতে তেওঁ ‘চিৰাজ’, ‘চাণক্য’, ‘নাগৰাজ বাসুকী’, ‘মহিজীৱী’ আদি নাটকত অভিনয় কৰাৰ সুযোগ পাইছিল৷ ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত নাট্য মহোৎসৱত তেওঁ দৰং মহাবিদ্যালয়ক প্রতিনিধিত্ব কৰি নাট্য সম্রাট প্রফুল্ল বৰা ৰচিত ‘সিহঁত নমৰে’ নাটখনৰ যোগেদি স্বর্ণপদক লাভ কৰে৷ ১৯৭৫ চনৰ ৩১ অক্টোবৰত সাংস্কৃতিক সঞ্চালকালয়ৰ নাট্য শাখাত এগৰাকী নাট্যশিল্পীৰূপে যোগদান কৰাৰ পিছত ২০০০ চনত চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰে৷
আপোনাৰ জন্ম ক’ত হৈছিল? শৈশৱ ক’ত কটাইছিল?
মোৰ দেউতা প্রয়াত গিৰীন্দ্র কুমাৰ তালুকদাৰে কৰ বিভাগত চাকৰি কৰিছিল৷ কর্তব্যৰ খাতিৰত তেওঁ বিভিন্ন ঠাইত ঘূৰি ফুৰিবলগীয়া হৈছিল৷ তেওঁ মেঘালয়ৰ মনোৰম চহৰ শ্বিলঙত চাকৰি কৰি থকা অৱস্থাত মোৰ তাতেই জন্ম হৈছিল৷ অৱশ্যে মই শৈশৱ আৰু কৈশোৰৰ লগতে কলেজীয়া জীৱন অতিবাহিত কৰিছোঁ ক্রমে সত্রনগৰী তথা কলা–সংস্কৃতিৰ অন্যতম কেন্দ্র বৰপেটা আৰু তেজপুৰত৷
আপুনি শৈশৱতে অভিনেত্রী হোৱাৰ সপোন দেখিছিল নেকি?
মই সৰুৰে পৰা অভিনয় ভাল পাইছিলোঁ৷ নাটক চাবলৈ মই একপ্রকাৰ বলিয়া আছিলোঁ৷ কিন্তু অভিনেত্রী হোৱাৰ সপোন কেতিয়াও দেখা নাছিলোঁ৷ মই প্রাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতেই ‘শোণিত কুঁৱৰী’ নাটকত কুঁজী বুঢ়ীৰ চৰিত্রত অভিনয় কৰিছিলোঁ৷ ঘৰতো মই অনবৰতে আনে কথা কোৱা ধৰণবোৰ নকল কৰি সেইবোৰ ক’বলৈ চেষ্টা কৰিছিলোঁ৷ ঘৰতে নাটক কৰি সেইবোৰ চাবলৈ লগৰবোৰক আৰু চুবুৰীয়াৰ ডাঙৰবোৰকো মাতিছিলোঁ৷ কেতিয়াবা বিছনাখনকে মঞ্চ কৰি লৈ তাত অভিনয় কৰিছিলোঁ আৰু গান গাইছিলোঁ৷ সেইবোৰ দেখি সকলোৱে বৰ আমোদ পাইছিল আৰু প্রশংসাও কৰিছিল৷ মাহঁতৰ সৈতে নাটক চাবলৈ গৈছিলোঁ৷ নাটক চাবলৈ যোৱাৰ আশাত আগতীয়াকৈ পঢ়ি শেষ কৰিছিলোঁ৷ এনেকৈয়ে ক’ব নোৱাৰাকৈ এদিন অভিনয় জগতখনত সোমাই পৰিলোঁ৷
আপুনি শৈশৱৰ পৰা কিছুদিন বৰপেটাত আৰু বহুদিন তেজপুৰত কটাইছে৷ আপোনাৰ বর্ণিল সাংস্কৃতিক যাত্রাত এই দুখন ঠাইৰ প্রভাৱ আছেনে?
প্রতিগৰাকী ব্যক্তিৰ জীৱনতে শৈশৱ আৰু কৈশোৰ অতিবাহিত কৰা ঠাইসমূহৰ এক বিশেষ প্রভাৱ থাকে৷ মোৰ ক্ষেত্রতো সেয়াই হৈছিল৷ মোৰ শ্বিলঙত জন্ম হ’লেও কিছুদিন পিছত দেউতা ধুবুৰীলৈ আৰু তাৰ পিছত বৰপেটালৈ বদলি হৈছিল৷ সত্রনগৰী বৰপেটাৰ সাংস্কৃতিক জগতত এক বিশেষ সুনাম আছে৷ আচলতে বৰপেটাতে মোৰ শিল্পী জীৱনৰ বীজ অংকুৰিত হৈছিল৷ মই প্রাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতেই ফুকন হলত ‘শোণিত কুঁৱৰী’ নাটত কুঁজী বুঢ়ী চৰিত্রত অভিনয় কৰিছিলোঁ৷ কুঁজী বুঢ়ী হ’বৰ বাবে মোৰ পিঠিত এটা গাৰু বান্ধি দিয়া হৈছিল৷ অভিনয় কি বুজি পোৱা নাছিলোঁ যদিও মঞ্চত অভিনয় কৰি অপাৰ আনন্দ পাইছিলোঁ আৰু মনে মনে গৌৰৱবোধ কৰিছিলোঁ৷ অৱশ্যে তাত কেইবছৰমান থকাৰ পিছতে দেউতা বদলি হৈছিল অসমৰ আন এখন সাংস্কৃতিক চহৰ তেজপুৰলৈ৷ তেজপুৰৰ ঐতিহ্যমণ্ডিত ‘বাণ থিয়েটাৰ’ত মই বহু বৰেণ্য অভিনেতা–ভিনেত্রীৰ সৈতে অভিনয় কৰাৰ সুযোগ লাভ কৰিছিলোঁ৷ তেওঁলোকৰ সান্নিধ্যই মোক এই জগতখনৰ বহু অভিজ্ঞতা আহৰণ কৰাত সহায় কৰিছিল৷ তেজপুৰত দুর্গাপূজাৰ সময়ত অষ্টমী, নৱমী আৰু দশমীত বিভিন্ন নাটক অভিনীত কৰা হৈছিল৷ পূজাৰ পিছতে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হয় বাবে আমি স্কুলৰ পৰা আহিয়ে পঢ়া–শুনা সমাপ্ত কৰি নাটকৰ ৰিহার্চেল কৰিবলৈ গৈছিলোঁ৷ পৰৱর্তী সময়ত মই ‘চিৰাজ’, ‘চাণক্য’, ‘নাগৰাজ বাসুকী’, ‘ভোগজৰা’, ‘মহিজীৱী’ আদি বহু প্রখ্যাত নাটকত অভিনয় কৰাৰ সুযোগ পাইছিলোঁ৷ চলচ্চিত্রত অভিনয় কৰাৰ আগতে মঞ্চত অসংখ্য নাটকত অভিনয় কৰিছিলোঁ৷ মঞ্চত অভিনয় কৰাৰ এক সুকীয়া আমেজ আছে৷ কাৰণ মঞ্চত লগে লগে দর্শকৰ পৰা অভিনয় দক্ষতাৰ প্রমাণ পোৱা যায়৷
আপুনি তেজপুৰত নাটক কৰোঁতে বহু বৰেণ্য অভিনেতা–ভিনেত্রীৰ সান্নিধ্যলৈ আহিছিল৷ আপুনি লগ পোৱা বিখ্যাত অভিনেতাসকল কোন আছিল?
মই সৰুৰে পৰা কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা, নটসূর্য ফণী শর্মাৰ দৰে পুৰোধা ব্যক্তিসকলৰ সৈতে নাটক কৰাৰ সুযোগ লাভ কৰিছিলোঁ৷ সেই সময়ত মই তেওঁলোক যে ইমান বিখ্যাত অথবা বৰেণ্য ব্যক্তি সেয়া উপলব্ধি কৰিব পৰা নাছিলোঁ৷ পিছৰ ফালে যেতিয়া তেখেতসকলৰ অভিনয় দক্ষতা, সুদক্ষ পৰিচালকৰ গুণ আৰু ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি আচৰিত হৈছিলোঁ৷ এনে বৰেণ্য ব্যক্তিৰ সান্নিধ্য লাভ কৰা আৰু তেওঁলোকৰ সৈতে অভিনয় কৰিবলৈ পোৱাটো সঁচাকৈয়ে গৌৰৱৰ কথা বুলি মই ভাবোঁ৷ পৰৱর্তী সময়তো মই অসমৰ বহু প্রখ্যাত অভিনেতা, নাট্যকাৰ, পৰিচালকৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিছোঁ৷ তেজপুৰত লগ পোৱা বৰেণ্য ব্যক্তিসকলৰ উপৰি পৰৱর্তী সময়ত দুলাল ৰয়, ৰুদ্র বৰুৱা আদিৰ উপৰি নিপন গোস্বামী, বিজু ফুকনৰ পৰা আৰম্ভ কৰি নতুন প্রজন্মৰ শিল্পীসকলৰ লগত অভিনয় কৰাৰ সুযোগ লাভ কৰিছোঁ৷
‘উপপথ’ নামৰ নাটকখন আপোনাৰ অভিনয় জীৱনৰ অন্যতম কীর্তিস্তম্ভ৷ পিছলৈ এইখন চলচ্চিত্র ৰূপেও নির্মাণ কৰা হৈছে৷ এই বিষয়ে আপুনি কওকচোন?
প্রসিদ্ধ নাট্যকাৰ প্রফুল্ল বৰাৰ ‘উপপথ’ নামৰ নাটখনত মই এগৰাকী আইতাকৰ চৰিত্রত অভিনয় কৰিছিলোঁ৷ এই নাটকখন অসমৰ বিভিন্ন মঞ্চত অভিনীত হৈছিল৷ অসমৰ সকলো দর্শকৰে নাটকখনে হূদয় জয় কৰিছিল৷ আমাৰ নাটকৰ গোটেই গ্রুপটোৰ ভিতৰত মই সৰু আছিলোঁ৷ কিন্তু মোতকৈ ডাঙৰ কেইবাজনেও মোৰ নাতিৰ চৰিত্রত অভিনয় কৰিছিল৷ পিছলৈ এই নাটকখনৰ চলচ্চিত্র ৰূপ দিয়া হৈছিল৷ মই প্রথমতে ভয় খাইছিলোঁ, মোক ছবিখনত নল’ব চাগে৷ দুই–এগৰাকী অভিনেত্রীৰ নাম বিবেচনা কৰা বুলিও মই শুনিছিলোঁ৷ কিন্তু অৱশেষত ছবিখনত মোকেই লোৱা হ’ল৷ ছবিখনত বিজু ফুকনে মোৰ ল’ৰাৰ চৰিত্রত অভিনয় কৰিছিল৷ তেজপুৰ সংগীত নাটকম গোষ্ঠীয়ে অসমৰ বিভিন্ন ঠাইত এই নাটখন মঞ্চস্থ কৰিছিল৷ মই নাটখনৰ মাজেৰে জনপ্রিয়তাও অর্জন কৰিছিলোঁ৷ সঁচাকৈয়ে এই নাটখনে মোক এগৰাকী অভিনেত্রীৰূপে স্বীকৃতি লাভত বিশেষভাৱে সহায় কৰিলে৷
অনাতাঁৰ কেন্দ্রযোগে প্রচাৰিত ‘গোৱর্র্ধন চৰিত’ ধাৰাবাহিকখনৰ জৰিয়তে আপুনি সমগ্র অসমত পৰিচিত হৈ পৰিছিল৷ এই সম্পর্কে কওকচোন?
হয়, সেই সময়ত বিনোদনৰ আটাইতকৈ জনপ্রিয় মাধ্যম আছিল অনাতাঁৰ কেন্দ্র৷ বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়াই ৰচনা কৰা আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্রযোগে প্রচাৰিত ‘গোৱর্ধন চৰিত’ নামৰ নাটকখনে সমগ্র অসমৰ শ্রোতা–ৰাইজৰ হূদয় জয় কৰিবলৈ সক্ষম হৈছিল৷ মই ‘মইনা’ নামৰ চৰিত্র এটিত অভিনয় কৰিছিলোঁ৷ শ্রোতা ৰাইজৰ মাজত মই মইনা নামেৰেই পৰিচিত হৈছিলোঁ৷ মোৰ বিপৰীতে অভিনয় কৰিছিল ইন্দ্র বণিয়া (পোনাদা)ই৷ নাটকখনৰ গোবৰ আৰু মইনা চৰিত্রৰ মাজত শ্রোতাসকল ইমান সোমাই পৰিছিল যে বহুতে পোনাদা আৰু মোক স্বামী–স্ত্রী বুলি ভাবিছিল৷ গাঁও অঞ্চলৰ পৰা বহু অনুৰাগীয়ে মোক চাবলৈ, লগ কৰিবলৈ আহিছিল৷ সেই কথাবোৰে মোক এতিয়াও মুগ্ধ কৰে৷
অসমত আপোনাৰ অনুৰাগীৰ সংখ্যাৰ সীমা নাই৷ কোনোবা অনুৰাগীয়ে আপোনাক সাক্ষাৎ কৰিবলৈ অহাৰ ঘটনা ঘটিছে নেকি?
হয়, অসংখ্য অনুৰাগীয়ে মোক চাবলৈ, এষাৰ কথা পাতিবলৈ অহা দেখিলে মনটো অভিভূত হৈ পৰে৷ বিশেষকৈ গাঁও অঞ্চলৰ মানুহৰ মৰমে মোক সদায় আপ্লুত কৰি আহিছে৷ এবাৰ গাঁৱৰ পৰা এগৰাকী বৃদ্ধা আহিছিল গুৱাহাটীলৈ৷ তেওঁ গুৱাহাটীৰ বিভিন্ন স্থান দর্শন কৰাৰ লগতে ‘গোৱর্ধন চৰিত’ৰ মইনাজনীক চাব বিচাৰি পুতেকৰ লগত ৰবীন্দ্র ভৱনলৈ আহিছিল৷ তেতিয়া মই সাংস্কৃতিক সঞ্চালকালয়ত চাকৰি কৰি আছিলোঁ৷ প্রথমতে তেওঁ মোক মইনা বুলি মানি ল’ব খোজা নাছিল৷ কিন্তু মোৰ মাতটো শুনাৰ পিছত মোক সাবটি ধৰি কৈছিল অ’ এইজনীয়ে মইনা হয়৷ মানুহগৰাকীৰ আগ্রহ আৰু মৰম দেখি মই চকুপানী ৰখাব পৰা নাছিলোঁ৷ পিছত তেওঁ মোক কাষলতিৰ তলত লৈ অনা এখন ৰিহা মেখেলা উলিয়াই দি কৈছিল– মই এই কাপোৰযোৰ তোমালৈ আনিছোঁ, পিন্ধিবানে? মই তেতিয়াও চকুপানী টুকিছিলোঁ৷ সেই কাপোৰযোৰ মই প্রত্যেক বিহুতে পিন্ধোঁ আৰু এতিয়াও সযতনে সাঁচি ৰাখিছোঁ৷
আপুনি মঞ্চৰ লগতে চলচ্চিত্র জগততো সমানেই সুনাম অর্জন কৰিছে৷ আপুনি অভিনয় কৰা প্রথমখন ছবিৰ বিষয়ে কওকচোন?
মঞ্চজগতৰ পৰা মই চলচ্চিত্র জগতত খোজ পেলাইছিলোঁ নিপ বৰুৱাৰ ‘বৰুৱাৰ সংসাৰ’ নামৰ ছবিখনৰ জৰিয়তে৷ ছবিখনৰ এটি বিহুগীতত অভিনয় কৰিছিলোঁ৷ শ্বুটিং হৈছিল ব্রহ্মপুত্রৰ বালিচৰত৷ কিন্তু শ্বুটিঙৰ সময়ত কেমেৰাটো নেদেখি কেমেৰা ক’ত বুলি সুধিছিলোঁ৷ ছবিখনৰ কেমেৰামেন আছিল নলীন দুৱৰা৷ তেওঁ বহু দূৰত পাহাৰৰ ওপৰত থকা কেমেৰাটো মোক দেখুৱাই দিছিল৷ ইমান দূৰত কেমেৰাটো দেখি ভাবিছিলোঁ মোক চাগে পৰুৱা যেন লাগিব৷ পিছত জোনাকী হলত ছবিখন চাবলৈ গৈ দেখিলোঁ বৰ ডাঙৰ ডাঙৰকৈ পর্দাত ওলাইছিলোঁ৷ সেয়া দেখি মই বৰ আনন্দ পাইছিলোঁ৷ তেতিয়াহে মই লগৰবোৰক চিনেমাখন চাবলৈ যাবলৈ কৈছিলোঁ৷ তাৰ আগতে কাকো কোৱা নাছিলোঁ৷ কাৰণ যদি ছবিখনত পৰুৱা যেন হৈ ওলাওঁ অথবা একেবাৰে নোলাৱেই তেন্তে কি হ’ব৷ এয়াই আছিল মই অভিনয় কৰা প্রথমখন ছবিৰ অভিজ্ঞতা৷
আপুনি ক’ত চাকৰি কৰিছিল আৰু কেতিয়া অৱসৰ গ্রহণ কৰিলে?
আমাৰ বিবাহৰ এবছৰ পিছতে মোৰ চাকৰি জীৱন আৰম্ভ হৈছিল৷ মই চাকৰি কৰিছিলোঁ সাংস্কৃতিক সঞ্চালকালয়, অসমত৷ ১৯৭৪ চনত আমাৰ বিবাহ হৈছিল আৰু ১৯৭৫ চনত সাক্ষাৎকাৰ দিবলৈ গুৱাহাটীলৈ আহিছিলোঁ৷ মোৰ লগত বহু প্রার্থী সাক্ষাৎকাৰত বহিছিল আৰু মই চাকৰিটো পাবলৈ সক্ষম হৈছিলোঁ৷ নাট্য শাখাত সুদীর্ঘ কাল চাকৰি কৰি মই ২০০০ চনত অৱসৰ গ্রহণ কৰিছিলোঁ৷
আপোনাৰ জীৱনত সর্বাধিক প্রভাৱ পেলোৱা ব্যক্তি বুলি সুধিলে আপুনি মূলতঃ কাৰ কথা ক’ব?
মোৰ জীৱনত সর্বাধিক প্রভাৱ পেলোৱা ব্যক্তি বুলি ক’লে প্রথমে মই স্বামী বিমলানন্দ দাসৰ কথাই ক’ব লাগিব৷ মোৰ জীৱনত তেওঁৰ প্রভাৱ আছিল অপৰিসীম৷ বিবাহৰ পিছত মোৰ ছাঁটোৰ দৰে থাকি তেওঁ মোৰ সাংস্কৃতিক যাত্রাপথত সমর্থন জনাই গৈছিল৷ অৱশ্যে স্বামীৰ ঘৰখনৰো প্রভাৱ যথেষ্ট আছিল৷ মোৰ শহুৰ প্রয়াত নবীন চন্দ্র দাস আৰু শাহু গোলাপ বালা দাসে মোক সাংস্কৃতিক জগতখনত কাম কৰি যাবলৈ সদায় উৎসাহ যোগাইছিল৷ বহু মহিলাৰ বিবাহৰ পিছত অভিনয়, গীত, নৃত্য আদি বন্ধ হৈ পৰে৷ কিন্তু মই সৌভাগ্যৱান যে মোৰ তেনেকুৱা হোৱা নাছিল৷ শহুৰ দেউতাই মোক সাংস্কৃতিক সঞ্চালকালয়ত চাকৰিৰ সাক্ষাৎকাৰলৈ আহিবলৈ কৈছিল৷ তেওঁৰ কথা মতে মই তেজপুৰৰ পৰা গুৱাহাটীলৈ আহি সাক্ষাৎকাৰত অৱতীর্ণ হৈছিলোঁ আৰু চাকৰিটো পাবলৈ সক্ষম হৈছিলোঁ৷
আপোনালোকৰ প্রেম বিবাহ হৈছিল বুলি জানিব পাৰিছোঁ৷ স্বামীৰ ঘৰ ক’ত আছিল আৰু কিদৰে প্রেমৰ সম্পর্ক আৰম্ভ হৈছিল?
স্বামী বিমলানন্দ দাসৰ ঘৰ আছিল তেজপুৰতে৷ আমাৰ দুঘৰৰ মাজত আছিল মাথোঁ এখন পকী দেৱাল৷ আমাৰ দুয়োঘৰৰ মাজত আগৰ পৰাই সু–সম্পর্ক আছিল৷ তেওঁ বায়ুসেৱা বিভাগত ‘ৰাডাৰ অপাৰেট’ৰ হিচাপে চাকৰি কৰিছিল৷ চাকৰিৰ পৰা ঘৰলৈ আহোঁতে আমাৰ চাৰি চকুৰ মিলন হৈছিল আৰু লাহে লাহে প্রেমৰ সম্পর্ক গাঢ় হৈছিল৷ মই তেতিয়া নৱম শ্রেণীত পঢ়ি আছিলোঁ৷ তেওঁ বৰ ভাল মানুহ আছিল আৰু মই স্নাতক দ্বিতীয় বার্ষিকত পঢ়ি থাকোঁতে আমাৰ বিবাহ হৈছিল৷ তেওঁ মোক খুব বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসৰ বাবেই মই কেউফালে নাটক কৰি ঘূৰি ফুৰিলেও আমাৰ মাজত কোনোদিনে সন্দেহৰ ভাব অহা নাছিল৷ অতি আনন্দৰ মাজেৰেই আমি সুদীর্ঘকাল অতিক্রম কৰিছিলোঁ৷ কিন্তু ক’ভিড মহামাৰীত হঠাতে তেওঁ আমাক এৰি গুচি গ’ল৷ এতিয়াও মই তেওঁৰ অভাৱ বৰকৈ অনুভৱ কৰোঁ৷ তেওঁ যেন সকলো সময়তে মোৰ লগত আছে তেনেকুৱা অনুভৱ হয়৷ সেইবাবে মই ক’ৰবালৈ ওলাই যোৱাৰ আগতে তেওঁৰ ফটোখনৰ কাষলৈ গৈ অনুমতি লৈহে যাওঁ৷ এনে এজন মানুহক স্বামীৰূপে পোৱাটো সৌভাগ্যৰ কথা বুলিয়ে মই ভাবোঁ৷
আপুনি মঞ্চত আৰু বহু চলচ্চিত্রত অভিনয় কৰিছে৷ কেইখনমান উল্লেখযোগ্য নাটক আৰু ছবি সম্পর্কে জনাব নেকি?
মোৰ অভিনয় জীৱন আৰম্ভ হৈছিল মঞ্চৰ জৰিয়তে৷ তেজপুৰৰ বাণ থিয়েটাৰত বহু নাটত অভিনয় কৰাৰ উপৰি দৰং কলেজত পঢ়ি থকা সময়তো মই যথেষ্টসংখ্যক নাটকত অভিনয় কৰিছিলোঁ৷ মই দৰং কলেজক প্রতিনিধিত্ব কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত শ্রেষ্ঠ অভিনেত্রীৰূপে স্বর্ণপদক লাভ কৰিবলৈ সক্ষম হৈছিলোঁ৷ বাণ থিয়েটাৰত ভোগজৰা, চিৰাজ, চাণক্য, তেজপুৰ সংগীত নাটকম গোষ্ঠীৰ হৈ অসমৰ বিভিন্ন স্থানত প্রফুল্ল বৰাৰ ‘উপপথ’ নাটকত অভিনয় কৰাৰ উপৰি কলকাতা, দিল্লী, ভুবনেশ্বৰ আদিতো বহু নাটকত অভিনয় কৰিছোঁ৷ মহেন্দ্র বৰঠাকুৰৰ ‘জন্ম’, আদ্য ৰঙাচৰীৰ ‘শুনা জন্মেজয়’, সাৰদা বৰদলৈৰ ‘ভোটাই ডেকা’, আলি হাইদৰৰ ‘এটি চোলাৰ কাহিনী’, প্রবীণ ফুকনৰ ‘অভাৰব্রীজ’, অৰুণ শর্মাৰ ‘পৰশুৰাম’ আদি মই অভিনয় কৰা উল্লেখযোগ্য নাটক৷ আকাশবাণীত প্রচাৰিত ‘গোৱর্ধন চৰিত’, ‘কাঠফুলা’, ‘মইনা সংবাদ’ আদি অন্যতম নাটক৷ ‘বৰুৱাৰ সংসাৰ’ নামৰ ছবিখনেৰে চলচ্চিত্র জগতত অভিনয় আৰম্ভ কৰি এইপর্যন্ত ৮৬খনৰো অধিক চলচ্চিত্রত মই অভিনয় কৰিছোঁ৷ ইয়াৰ ভিতৰত ‘ফিৰিঙতি’, ‘চুৰেণ চোৰৰ পুতেক’, ‘হিয়া দিয়া নিয়া’, ‘অগ্ণিস্নান’, ‘কাদম্বৰী’ আদি অন্যতম৷ অৱশ্যে মই কেইবাখনো নাটকৰ নির্দেশনাও কৰিছোঁ৷ সেইবোৰ হৈছে– দীনেশ শর্মাৰ ‘অজীন পাটকী’, জেউতি বৰাৰ ‘মাজনী’, বসন্ত খনিকৰৰ ‘পোহৰ’, লক্ষ্মীনন্দন বৰাৰ ‘মহে গুণ গুণ কৰে’৷
আপোনাৰ পৰিয়ালত এতিয়া কোন কোন আছে?
আমাৰ ৪জনীয়া পৰিয়ালটোত ছোৱালী দুজনী৷ এজনী অনিন্দিতা দাস৷ তাই শিক্ষয়িত্রী আৰু এগৰাকী সু–অভিনেত্রী৷ আনজনী দীপান্বিতা দাস৷ তাই দিল্লীত চাকৰি কৰে৷ দেউতাক ভগৱানৰ প্রিয় হোৱাৰ পিছত সিহঁতেই মোক চোৱা–চিতা কৰে৷ দুয়োৰে বিয়া হৈছে৷ জোঁৱাইকেইজনো ভাল৷ তেওঁলোকেও মোৰ অনবৰতে খা–খবৰ লৈ থাকে।
আপুনি সুদীর্ঘকাল অভিনয় কৰি আহিছে৷ মঞ্চৰ পৰা চলচ্চিত্রলৈ আপোনাৰ বর্ণিল যাত্রা৷ কিন্তু আপুনি প্রাপ্য সন্মান তথা বঁটা–বাহনৰ পৰা উপেক্ষিত হৈ আছে বুলি ভাবে নেকি?
বঁটা–বাহনৰ কথা মোৰ কোনোদিনে মনলৈ নাহে৷ অৱশ্যে অসম চৰকাৰৰ নটসূর্য ফণী শর্মা বঁটা, সতী ৰাধিকা বঁটাকে ধৰি মই অসংখ্য বঁটা পাইছোঁ৷ কিন্তু অসমৰ ৰাইজৰ মৰম আৰু ভালপোৱা মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ স্বীকৃতি বুলি মই ভাবোঁ৷ গাঁও অঞ্চললৈ গ’লে গোবৰেৰে ঘৰৰ বেৰ লেপি থকা মহিলাবোৰে মোক দেখি যেতিয়া গোবৰৰ হাত গাতে মচি দৌৰি আহি সাবটি ধৰে তেতিয়া মই অভিভূত হৈ পৰোঁ৷ আচলতে মোৰ বাবে বঁটা–বাহনতকৈ ৰাইজৰ মৰমৰ স্থান বহু ওপৰত৷ সেই মৰমেই মোক সদায় আৰু ভাল অভিনয় কৰাৰ বাবে অনুপ্রাণিত কৰি আহিছে৷