নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাবালিকাক ২৬ সপ্তাহৰ গর্ভপাতৰ অনুমতি প্রদান ওড়িশা উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, ৫ মার্চ : বাৰম্বাৰ ধ*র্ষণৰ ফলত ১৩ বছৰীয়া নাবালিকা এগৰাকী অন্তঃসত্ত্বা হোৱা ঘটনাই ওড়িশাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গর্ভাৱস্থাৰ ২৬ সপ্তাহত নাবালিকাগৰাকীক গর্ভপাতৰ অনুমতি দিছে ওড়িশা উচ্চ ন্যায়ালয়ে৷ উল্লেখ্য যে ২৬ সপ্তাহৰ গর্ভপাতৰ বাবে আদালতৰ অনুমতিৰ প্রয়োজন৷ লক্ষণীয় যে অন্তঃসত্ত্বা নাবালিকাগৰাকীয়ে শাৰীৰিক অসুস্থ হৈ মৃগী ৰোগত ভুগি আছিল৷ এনে পৰিপ্রেক্ষিততে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে সমস্ত দিশ পর্যালোচনা কৰি অন্তঃসত্ত্বা নাবালিকাগৰাকীক গর্ভপাতৰ অনুমতি দিয়ে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, নাবালিকাগৰাকীক এজন যুৱকে প্রাণেমৰাৰ ভাবুকি দি কেইবাবাৰো ধ*র্ষণ কৰাৰ ফলত অন্তঃসত্ত্বা হৈছিল৷ বিগত বর্ষৰ আগষ্ট মাহত এই ঘটনাটো সংঘটিত হৈছিল৷

You might also like