নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মাৰ্চঃ মহাকাশত খোজ দিয়াৰ লক্ষ্যৰে অসম চৰকাৰে স্থাপন কৰিব এক কৃত্রিম উপগ্রহ৷ ২০২৫–২৬ বর্ষৰ বাজেট উত্থাপন কৰি বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে কৰা ঘোষণাৰ পাছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চৰকাৰৰ এই সিদ্ধান্তৰ কথা সবিশেষ সদৰী কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট ঘোষণা– নিজা কৃত্রিম উপগ্রহ থকা দেশৰ প্রথমখন ৰাজ্য হিচাপে পৰিগণিত হ’ব অসম৷ ইয়াৰ জৰিয়তে অসমে তিনি মাহ আগতে বতৰৰ বতৰা লাভ কৰাৰ উপৰি চীন বা অৰুণাচলৰ পৰা নামি আহিব পৰা বানপানীৰো সম্ভেদ লাভ কৰিব৷ তদুপৰি সীমান্তৰে গোপনে পাৰ হ’ব খোজা অনুপ্রৱেশকাৰীকো ধৰা পেলাবলৈ সক্ষম হ’ব এই উপগ্রহৰ জৰিয়তে৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ মহাকাশ বিভাগৰ অধীনস্থ ভাৰতীয় ৰাষ্ট্রীয় মহাকাশ উদগনি আৰু কর্তৃত্ব প্রদান কেন্দ্র (ইনস্পেচ)ৰ সহযোগত জটিল আর্থ–সামাজিক প্রকল্পসমূহৰ কার্য ৰূপায়ণৰ স্বার্থত বিশ্বাসযোগ্য আৰু অবিৰত তথ্য সৰবৰাহৰ নিশ্চিত কৰাৰ লক্ষ্যৰে নিজা কৃত্রিম উপগ্রহ ‘আছামছাট’ উৎক্ষেপণ কৰা হ’ব৷ মুখ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি এই কৃত্রিম উপগ্রহৰ জৰিয়তে ৰাজ্যত কৃষি, দুর্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি বিকাশ, সীমান্ত সুৰক্ষা–ব্যৱস্থাপনা আৰু আৰক্ষীৰ অভিযান আদিৰ ক্ষেত্রত বিশেষভাৱে সহায়ক হ’ব৷ ইনস্পেচ আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’)ৰ সহযোগত অসমৰ মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীসকলক পৰীক্ষামূলক নির্মাণ কার্যত জড়িত কৰা হ’ব৷ আনহাতে, মুখ্যমন্ত্রীগৰাকীয়ে আজি ঘোষণা কৰে যে ৰাজ্য চৰকাৰে অসমীয়া চলচ্চিত্র, সাহিত্য, লোকসংগীত, তথ্যচিত্র আদি সংৰক্ষণ কৰিবলৈ নিজাববীয়াকৈ অ’টিটি প্লেটফর্ম গঠন কৰিব৷ বাজেটত এই সন্দর্ভত বিত্তমন্ত্রী অজন্তা নেওগে ঘোষণা কৰাৰ কথা উল্লেখ কৰি কয় যে কর্ণাটকে ইতিমধ্যে অ’টিটি প্লেটফর্ম গঠনৰ প্রস্তুতি চলাইছে৷ অসমেও নেটফ্লিক্সৰ দৰে এক অ’টিটি প্লেটফর্ম গঠন কৰিব৷ এই প্লেটফর্মৰ জৰিয়তে ড০ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ গীতসমূহ, ড০ বেজবৰুৱাৰ দৰে জনপ্রিয় ছবি এই সকলোবোৰ এই অ’টিটি প্লেটফর্মত সংৰক্ষণ কৰা হ’ব৷ অসমৰ কলা–সংস্কৃতিক সংৰক্ষণ কৰাৰ লক্ষ্যৰে গঠন কৰিব খোজা এই অ’টিটি প্লেটফর্ম কর্ণাটকৰ পূর্বেই স্থাপন হ’লে দেশৰ ভিতৰতে আমি প্রথম ৰাজ্য হিচাপে পৰিগণিত হ’ম৷ মুখ্যমন্ত্রীয়ে বাজেটত উল্লেখ কৰা কৃষকৰ ধানৰ নূ্যনতম সমর্থিত মূল্যৰ কথা উল্লেখ কৰি কয় যে ভাৰত চৰকাৰে কৃষকসকলক নূ্যনতম সমর্থিত মূল্য হিচাপে যি পুঁজি দিয়ে তাৰ ওপৰত অতিৰিক্তকৈ অসম চৰকাৰে ২৫০ টকাকৈ আগবঢ়াব৷ ১ এপ্রিলৰ পৰা অসমত ধানৰ নূ্যনতম সমর্থিত মূল্য ২,৫৫০ টকালৈ বৃদ্ধি হ’ব৷ ২০২১ চনত এই মূল্য ৬০০ টকা আছিল৷ একেদৰে সৰিয়হৰ ক্ষেত্রতো ৰাজ্য চৰকাৰে অতিৰিক্ত ৫০০ টকা প্রদান কৰিব৷ ফলত সৰিয়হৰ মূল্য ৬,৪৫০ টকালৈ বৃদ্ধি হ’ব৷ অদূৰ ভৱিষ্যতে ৰাজ্য চৰকাৰে জিলাসমূহত এছপি’ নির্মাণ কৰা হ’ব৷ এই কেন্দ্রসমূহৰ জৰিয়তে খাটি সৰিয়হৰ তেল প্রস্তুত কৰি তেলৰ এক ব্রেণ্ড প্রস্তুত কৰা হ’ব৷ বাজেটৰ আন এক দিশ উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই বাজেটৰ জৰিয়তে ২০২৬ চনৰ মার্চ মাহৰ ভিতৰত ৬ লাখ লোকক পকী ঘৰ প্রদান কৰা হ’ব৷ এই লক্ষ্যৰে ২০২৫ চনৰ ২৩ মার্চত ৩,৮৮,৩৫৮গৰাকী নতুন হিতাধিকাৰীক প্রধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত পুঁজিৰ প্রথম কিস্তি প্রদান কৰা হ’ব৷ খাদ্য সুৰক্ষাৰ আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ সকলো ৰেচন কার্ডৰ গৰাকীক ৰাজসাহায্যযুক্ত হাৰত এক কিলোগ্রাম মচুৰ দাইল, এক কিলোগ্রাম চেনি আৰু এক কিলোগ্রাম নিমখ প্রদান কৰা হ’ব৷ ইয়াৰ বাবে প্রতি কিলোগ্রাম মচুৰ দাইল ২৫ টকাকৈ, চেনি ২০ টকাকৈ আৰু নিমখ প্রতিকিলোগ্রামত ১০ টকাকৈ নির্ধাৰণ কৰা হ’ব৷ সুলভ বিদ্যুতৰ সন্দর্ভত মুখ্যমন্ত্রীয়ে বাজেটত ঘোষণাৰ কথা উল্লেখ কৰি কয় যে উপভোক্তাৰ বিত্তীয় বোজা সহজসাধ্য কৰাৰ বাবে লক্ষ্য নির্ধাৰিত সাহায্যৰ মাপকাঠী প্রৱর্তন কৰা হ’ব৷ চলিত বর্ষৰ ১ মে’ৰ পৰা নিম্ন আৰু মধ্যবিত্ত উপভোক্তা ইয়াৰ জৰিয়তে লাভান্বিত হ’ব৷ বিশেষকৈ জীৱনধাৰা আৰু যিসকল গ্রাহকে প্রতি মাহত ১২০ ইউনিট খৰচ কৰে সেই গ্রাহকৰ প্রতি ইউনিটত এটকাকৈ হ্রাস কৰা হ’ব৷ হাতী–মানুহৰ সংঘাত সন্দর্ভতো মুখ্যমন্ত্রীৰ ঘোষণা– গজমিত্রৰ জৰিয়তে হাতীৰ বাসস্থান উন্নত কৰা, হাতীৰ গতিবিধি প্রতিমুহূর্তত সর্তকতা পাবৰ বাবে কৃত্রিম বুদ্ধিমত্তা, নির্ভৰ কেমেৰা ব্যৱহাৰ কৰা আদিত গুৰুত্ব আৰোপ কৰা হৈছে৷ ইফালে, বাঁহ–স্মার্ট চিটীৰ উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ভাৰতৰ প্রথমখন বাঁহ–স্মার্ট চিটীৰ লক্ষ্য লোৱা হৈছে৷ ভৱিষ্যতৰ চৰকাৰী গৃহ নির্মাণত বাঁহনির্ভৰ সমগ্রীৰ ব্যৱহাৰত অগ্রাধিকাৰ দিয়া হ’ব আৰু ইয়াৰ জৰিয়তে সৃষ্টি হ’ব নিযুক্তি আৰু ব্যৱসায়৷ বাজেট ঘোষণা সন্দর্ভত কাজিৰঙাৰ প্রসংগত কয় তেওঁ যে কাজিৰঙাত যিমানসমূহ গাড়ী আছে এই গাড়ীসমূহ ইলেক্ট্রনিক কৰা হ’ব৷ বিপ্লৱ কুমাৰ শর্মা কমিটী প্রতিবেদনৰ সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– এপ্রিল মাহৰ পৰা চৰকাৰৰ যিকোনো জাননী অসমীয়া ভাষাত প্রকাশ কৰা হ’ব৷ ছেপ্ঢেম্বৰ মাহত বিধানসভাত এখন আইন অনা হ’ব, যাৰ জৰিয়তে অসমৰ কেইবাটাও ৰাজহ খণ্ডত কেৱল খিলঞ্জীয়া লোকেহে মাটি ক্রয়ৰ সুবিধা লাভ কৰিব৷ এইক্ষেত্রত হিন্দুৱে মুছলমানক মাটি বিক্রী কৰা বা মুছলমানে হিন্দুক মাটি বিক্রী কৰাৰ ক্ষেত্রত মুখ্যমন্ত্রীৰ অনুমোদনৰ প্রয়োজন হ’ব৷ ৰাজ্য চৰকাৰে চৰ অঞ্চলৰ মাটি জৰীপ কৰাৰো সিদ্ধান্ত লৈছে৷ ইয়াৰ ফলত চৰকাৰৰ লেণ্ড বেংক বৃদ্ধি হ’ব৷ কেঞ্চাৰ চিকিৎসাৰ প্রটন থেৰাপী যন্ত্র গুৱাহাটীলৈ অনা হ’ব৷ ইয়াৰ ফলত লাভৱান হ’ব বহু ৰোগী৷ চৰকাৰৰ উদ্যোগত স্থাপন কৰিবলগা এই প্রটন থেৰাপী যন্ত্র দেশৰ ভিতৰতে প্রথম হ’ব৷ আনহাতে, এই বাজেটৰ জৰিয়তে ভৱিষ্যতৰ এক কল্পনা প্রস্তুত কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়– ৰাজ্যখনে অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্রত নেতৃত্ব ল’ব পৰাকৈ এই বাজেটখন প্রস্তুত কৰা হৈছে৷ ইয়াৰ বাবে বিত্তমন্ত্রীগৰাকী ধন্যবাদৰ পাত্র৷ এই বাজেটত কোনো নতুন কৰ নাই৷ চাহপাতৰ কেঁচাপাতৰ ওপৰত যি কৰ আৰোপ কৰা হয়, সেয়াও দুবছৰৰ বাবে ৰেহাই দিয়া হৈছে৷ তদুপৰি মাহত ১৫ হাজাৰ টকালৈকে উপার্জন কৰা ব্যক্তিক প্রফেছনেল টেক্সৰ পৰা ৰেহাই দিয়া হৈছে৷ প্রাদেশিকীকৰণৰ ফলত শিক্ষক–কর্মচাৰীৰ দৰমহা বৃদ্ধি, গাঁওবুঢ়াৰ দৰমহা বৃদ্ধি, আশা–ংগনৱাড়ী কর্মীৰ দৰমহা বৃদ্ধি, বাণীকান্ত কাকতি লিটাৰেচী কম্পিউটাৰ আঁচনিত কাম কৰা শিক্ষকৰো দৰমহা বৃদ্ধি কৰা হৈছে৷ কর্মচাৰীসকলে সন্মুখীন হৈ অহা বহু সমস্যা এই বাজেটৰ জৰিয়তে দূৰ কৰাৰ প্রচেষ্টা চলোৱা হৈছে৷ এক নতুন সপোনৰ লক্ষ্যৰে এখন শক্তিশালী বাজেট আগবঢ়োৱা হৈছে৷ আনকি নির্বাচনৰ বতৰতো চৰকাৰখনে যাতে লক্ষ্যৰ পৰা বিচলিত নহয়, সেই লক্ষ্যৰে এই বাজেট প্রস্তুত কৰা হৈছে৷