বিশ্বত সর্বাধিক বিমানসেৱা দেউলীয়া হ’বঃ কাপা
নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ ঘাতক ক’ৰোনা ভাইৰাছে মহামাৰী ৰূপ লোৱাৰ পৰিপ্রেক্ষিতত বিশ্বজুৰি বিমানসেৱা ব্যাহত হৈছে ৷ বিমানৰ যাত্রীৰ সংখ্যা আধাতকৈও নিম্নগামী হোৱাৰ লগতে অধিকাংশ দেশেই আক্রান্ত দেশলৈ বিমানসেৱা বাতিল কৰাত বিমানসেৱালৈ ভাবুকি নামি আহিছে ৷ অসামৰিক বিমান পৰিবহণৰ কেন্দ্র চিএপিএ (কাপা)ই প্রকাশ কৰা মতে, চলিত বর্ষৰ মে’ মাহৰ শেষলৈকে বিশ্বৰ সর্বাধিক বিমানসেৱা দেউলীয়া হ’ব ৷ অসামৰিক বিমান পৰিবহণ আৰু ভ্রমণ উদ্যোগৰ বজাৰৰ অনুসন্ধান চলোৱা কাপাই ৱেবছাইটযোগে প্রকাশ কৰা মতে, চলিত বর্ষৰ মে’ মাহৰ শেষলৈকে সর্বাধিক বিমানসেৱা দেউলীয়া হ’ব৷ এইক্ষেত্রত চৰকাৰ আৰু উদ্যোগে পদক্ষেপ গ্রহণ কৰিব লাগিব ৷ নগদ ধন ব্যয় কৰি বিমানৰ যাত্রী হোৱাৰ সংখ্যা আধাতকৈ হ্রাস পোৱাৰ লগতে বিমানৰ যাত্রী হ’বলৈ নাগৰিকক প্রায় অনুৎসাহিত কৰাৰ পৰিপ্রেক্ষিততে বিমানসেৱা সংকটত পৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ইউৰেপীয় সংঘৰ দেশলৈ বিমানসেৱা বাতিল কৰাৰ ফলত উল্লিখিত অঞ্চলসমূহৰ বিমানসেৱাত ভয়াৱহ প্রভাৱ পৰিছে৷ আনহাতে, কাপাই প্রকাশ কৰা তথ্য মতে, ভাৰতৰ বৃহত্তম বিমানসেৱা ইণ্ডিগ’ এভিয়েচনো সংকটত পৰিছে৷ আনহাতে, স্পাইচ জেট, জেট এয়াৰৱেজৰ অৱস্থাও দেউলীয়া হোৱাৰ দিশত ৷