নিউজ ডেস্ক, ১৮ মাৰ্চঃ কেইজনমান বন্ধুক লগত লৈ দামী ৰেষ্টুৰেণ্ট এখনত খাবলৈ গৈছিল তৰুণী এজনীয়ে৷ মেনু কার্ড চাই অর্ডাৰ কৰিছিল পচন্দৰ মাঞ্চুৰিয়ান চিকেন৷ অর্ডাৰ কৰাৰ কিছুসময় পাছতে চাইনিজ এই খাদ্য মেজত দি গৈছিল এজন ৱেইটাৰে৷ গৰম ধোঁৱা ওলাই থকা মাঞ্চুৰিয়ান চিকেন মুখত লৈ কামুৰি দিয়াৰ লগে লগে চকু কপালত উঠিল তৰুণীৰ৷ ভালদৰে নিৰীক্ষণ কৰাৰ পাছত দেখিবলৈ পোৱা গ’ল যে চিকেনৰ পৰিৱর্তে সৰু এন্দুৰ এটা ভাজি দিয়া হৈছে৷ লগে লগে এই ঘটনাক লৈ ৰেষ্টুৰেণ্টখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ঘটনা সন্দর্ভত আৰক্ষীৰ দ্বাৰস্থ হৈছে তৰুণীজনী আৰু তেওঁৰ বন্ধুসকল৷ এই ঘটনাটো ঘটিছে নভী মুম্বাইৰ এখন জনপ্রিয় ৰেষ্টুৰেণ্টত৷ যোৱা ৮ মার্চত নাৰী দিৱস উপলক্ষে এই ৰেষ্টুৰেণ্টলৈ গৈছিল তৰুণীজনী৷ লগত আছিল কেইবাগৰাকীও বন্ধু–বান্ধৱী৷ দুদিন ধৰি ছ’চিয়েল মিডিয়াত এই ঘটনাৰ ভিডি’ ভাইৰেল হৈছে৷ ভজা এন্দুৰৰ ছবি দেখি বিভিন্ন মহলে ৰেষ্টুৰেণ্ট কর্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ দাবী জনাইছে৷ উল্লেখনীয় যে এই ঘটনাৰ পাছতো ৰেষ্টুৰেণ্টৰ ৰন্ধনশালৰ কর্মীসকলে তৰুণীজনী আৰু তেওঁৰ বন্ধু–বান্ধৱীসকলৰ্ সৈতে কাজিয়াত লিপ্ত হয়৷ অৱশ্যে ৰেষ্টুৰেণ্টৰ মেনেজাৰে আহি এই ঘটনা সন্দর্ভত তৰুণীজনীৰ ওচৰত ক্ষমা বিচাৰে৷ ইয়াৰ পাছতে নিকটৱর্তী থানাত তৰুণীজনী আৰু তেওঁৰ বন্ধু–বান্ধৱীসকলে অভিযোগ দাখিল কৰে৷ অভিযোগ পোৱাৰ লগে লগে ৰেষ্টুৰেণ্টখনত উপস্থিত হয় আৰক্ষী৷ খাদ্য সুৰক্ষা আৰু বাকী সকলো ব্যৱস্থাপনা পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ পাছত ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ৷