নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দাক্ষিণাত্যৰ ২৫ চলচ্চিত্র তাৰকাৰ বিৰুদ্ধে গোচৰ

নিউজ ডেস্ক, ২১ মার্চঃ তেলেগু চলচ্চিত্রৰ ২৫ তাৰকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে ৰেৱন্ত ৰেড্ডী নেতৃত্বাধীন তেলেংগানাৰ কংগ্রেছ চৰকাৰে৷ ৰাণা ডগ্গুবতি, প্রকাশ ৰাজ, বিজয় দেৱৰাকোণ্ডাৰ দৰে বিশিষ্ট চিত্র তাৰকাসকলৰ বিৰুদ্ধে তৰা হৈছে এই গোচৰ৷ অবৈধ বেটিং এপৰ বিজ্ঞাপন আৰু প্রচাৰৰ অভিযোগ অনা হৈছে এই ২৫ অভিনেতাৰ বিৰুদ্ধে৷ সেইবাবে প্রতাৰণাসহ একাধিক ধাৰাত গোচৰ ৰুজু হৈছে দক্ষিণৰ এই ছুপাৰষ্টাৰসকলৰ বিৰুদ্ধে৷ জানিব পৰা গৈছে যে অবৈধ বেটিং এপৰ সৈতে যুক্ত অভিনেতা আৰু ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰসকলৰ্ বিৰুদ্ধে অভিযোগ দাখিল কৰে ফণীন্দ্র শর্মা নামৰ এগৰাকী ব্যৱসায়ীয়ে৷ ব্যৱসায়ীগৰাকীয়ে অভিযোগ কৰা অনুসৰি বিপুল জনপ্রিয় এই চিত্র তাৰকাসকলৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি বেটিং সংস্থাবোৰে তেওঁলোকৰ এপ আৰু ৱেবছাইটৰ প্রচাৰ চলাইছে৷ যিহেতু জনপ্রিয় তাৰকাসকল এই বিজ্ঞাপনৰ সৈতে জড়িত, গতিকে সাধাৰণ জনতা প্রভাৱিত হৈছে৷ বিশেষকৈ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত পৰিয়ালসমূহ আকৃষ্ট হৈছে আৰু প্রচুৰ আর্থিক লোকচানৰ সন্মুখীন হৈছে৷ ফণীন্দ্র শর্মাই নিজেও এই বেটিং এপত বিনিয়োগ কৰাৰ কথা ভাবিছিল৷ কিন্তু পৰিয়ালৰ পৰামর্শৰ বাবে তেওঁ সেই কাম নকৰিলে৷ ইয়াৰ পিছতেই ২৫ তাৰকাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ফণীন্দ্র শর্মাই৷ মাঞ্চু লক্ষ্মী, প্রণীতা নিধি আগৰৱালা, অনন্যা নাগালা, চিৰি হনুমানথুৰ দৰে তাৰকাসকলৰ বিৰুদ্ধে ফণীন্দ্র শর্মাৰ অভিযোগৰ ভিত্তিতে এজাহাৰ ৰুজু হয়৷ ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা অনুসৰি প্রতাৰণা আৰু আইটি আইনৰ কেইবাটাও ধাৰাত ৰুজু হৈছে গোচৰ৷ কিন্তু চিত্র তাৰকাসকলৰ পৰা এতিয়ালৈকে কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা হোৱা নাই৷ প্রশ্ণ উঠিছে তেলেংগানা চৰকাৰৰ ভূমিকাক লৈ৷ যোৱা ডিচেম্বৰ মাহত ‘পুষ্পা–২’ ছবিৰ প্রিমিয়াৰত পদপিষ্ট হৈ এগৰাকী লোকৰ মৃত্যু হৈছিল৷ সেই ঘটনাত গ্রেপ্তাৰ কৰা হৈছিল বিখ্যাত অভিনেতা আল্লু অর্জুনক৷ তাৰ পিছৰে পৰা অভিনেতাসকলৰ সৈতে তেলেংগানা চৰকাৰৰ শীতল যুদ্ধ চলি আছে৷ ইয়াৰ মাজতে ব্যৱসায়ী ফণীন্দ্র শর্মাৰ অভিযোগৰ ভিত্তিত তেলেংগানাত ২৫গৰাকী অতি জনপ্রিয় চিত্র তাৰকাৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা বিষয়টোৱে বিশেষ তাৎপর্য কঢ়িয়াইছে৷ ইয়াত ৰেৱন্ত ৰেড্ডী নেতৃত্বাধীন কংগ্রেছ চৰকাৰৰ নির্দেশনা থকা বুলি ধাৰণা কৰিছে বিশেষজ্ঞ মহলে৷

You might also like