নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতলৈ আহি আছে ফুটবল তাৰকা লিঅনেল মেছি, খেলিব আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীমূলক মেচ

নিউজ ডেস্ক, ২৬ মাৰ্চঃ ভাৰতীয় ফুটবল অনুৰাগীৰ বাবে এটা ভাল খবৰ, আৰ্জেণ্টিনাৰ ফুটবল দলৰ সৈতে ভাৰতলৈ আহিব বিশ্বৰ অন্যতম বিখ্যাত ফুটবলাৰ লিয়নেল মেছি। এইবাৰ মেচ খেলিবলৈ আহিব আৰ্জেণ্টিনাৰ দলটো। মেছিয়ে শেষবাৰৰ বাবে ২০১১ চনত ভাৰত ভ্ৰমণ কৰিছিল, এতিয়া ১৪ বছৰৰ পাছত এই ফুটবল তাৰকাগৰাকী ভাৰতলৈ আহিব।

ভাৰতত ফুটবলৰ প্ৰচাৰৰ বাবে আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ সৈতে এইচ এছ বি চি ইণ্ডিয়াই চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তিৰ অধীনত আৰ্জেণ্টিনাৰ জাতীয় ফুটবল দলে ভাৰতত প্ৰীতি মেচ খেলিব।

এইচ এছ বি চি ইণ্ডিয়াই এক বিবৃতিত কয় যে “২০২৫ চনৰ অক্টোবৰ মাহত আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰীয় ফুটবল দলে আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীমূলক মেচৰ বাবে ভাৰত ভ্ৰমণ কৰিব। তাৰকা খেলুৱৈ লিয়নেল মেছিকো এই দলত অন্তৰ্ভুক্ত কৰা হ’ব।”

এই চুক্তি অনুসৰি চলিত বৰ্ষৰ অক্টোবৰ মাহত ভাৰতৰ কেৰালালৈ আহিব আৰ্জেণ্টিনাৰ দলটো। খেলিব এখন প্ৰীতি মেচ। এই মেচখন কেৰালাৰ কোচিত অনুষ্ঠিত হ’ব।

এ এফ এৰ সভাপতি ক্লাউডিঅ’ ফেবিয়ান টাপিয়াই এই চুক্তিক দলটোৰ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰসাৰণৰ এক “নতুন মাইলৰ খুঁটি” বুলি অভিহিত কৰে।

২০১১ চনত লিয়নেল মেছিয়ে শেষবাৰৰ বাবে ভাৰতলৈ আহিছিল। সেই সময়ত আৰ্জেণ্টিনাৰ ফুটবল দলে কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত ভেনিজুৱেলা দলৰ বিৰুদ্ধে এখন খেল খেলিছিল। দৰ্শকেৰে ভৰি থকা ষ্টেডিয়ামত আৰ্জেণ্টিনা ১-০ গ’লত জয়লাভ কৰিছিল।

You might also like