থানাতে স্বামীক ঘোচা বিশ্ব চেম্পিয়ন বক্সাৰ ছুইটীৰ, শহুৰেকৰ পৰা লৈছিল ২.৫ কোটিৰ গাড়ী
নিউজ ডেস্ক, ২৭ মাৰ্চঃ ভাৰতৰ প্রাক্তন কাবাদী খেলুৱৈ দীপক নিৱাছ হুদা আৰু তেওঁৰ বক্সাৰ পত্নী ছুইটী বৰাৰ মাজত বিবাহ বিচ্ছেদৰ প্রক্রিয়া চলি আছে৷ সেই গোচৰ সন্দর্ভত তেওঁলোকক থানালৈ মাতি অনা হৈছিল আৰু থানাতে ছুইটীয়ে স্বামী দীপকক ঘোচা মাৰে৷ আৰক্ষীৰ সন্মুখতে সংঘটিত হয় এই ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ ঘটনাটো সংঘটিত হয় হাৰিয়ানাৰ হিছাৰ থানাত৷ ঘটনাটো সংঘটিত হোৱাৰ সময়ত দীপক আৰু ছুইটীৰ বাহিৰেও তেওঁলোকৰ পৰিয়ালৰ সদস্যও আছিল৷ থানাত সকলোৱে চকীত বহি আছিল৷ হঠাতে ছুইটীয়ে চকীৰ পৰা উঠি দীপকক ঘোচা মাৰিবলৈ ধৰে৷ তাত উপস্থিত থকা পৰিয়ালৰ লোকসকলে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰে৷ ছুইটীয়ে স্বামী দীপকক উদ্দেশ্যি গালি–গালাজ কৰে যদিও দীপকে অৱশ্যে নিজৰ চকীখনত মনে মনে বহি আছিল৷ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বর্ণ পদক বিজয়ী ছুইটীয়ে ২০২২ চনত ভাৰতীয় কাবাদী দলৰ প্রাক্তন অধিনায়ক দীপকৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ কিন্তু দুয়োৰে সংসাৰ বেছি দিন নিটিকিল৷ দীপকৰ বিৰুদ্ধে বহু অভিযোগ তুলি ছুইটীয়ে বিবাহ বিচ্ছেদ বিচাৰে৷ যৌতুক লোৱাৰ অভিযোগতো দীপকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ছুইটীয়ে৷ ছুইটীয়ে অভিযোগ কৰে যে বিয়াৰ মাত্র চাৰি দিন পিছতেই দীপকে তেওঁলোকৰ পৰা ২.৫ কোটি টকাৰ এখন গাড়ী বিচাৰিছিল৷ দেউতাকে বেংকৰ পৰা ঋণ লৈ জোঁৱাইক এখন গাড়ী উপহাৰ দিলে৷ তাৰ পিছতো যৌতুকৰ দাবী কমি যোৱা নাছিল৷ দীপকে তেওঁক মাৰপিট কৰা বুলিও অভিযোগ কৰে ছুইটীয়ে৷ হিছাৰৰ আৰক্ষী অধীক্ষক শশাংকে জানিবলৈ দিয়া মতে, ঘটনা সন্দর্ভত তদন্ত অব্যাহত আছে৷ সেইবাবেই এতিয়ালৈকে কাৰো বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা হোৱা নাই৷ তদন্তৰ অন্তত তেওঁলোকে ব্যৱস্থা গ্রহণ কৰিব৷ ছুইটীৰ এই অভিযোগ সন্দর্ভত কোনো মন্তব্য নকৰিলে দীপকে৷