নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেহেলগামৰ নাৰকীয়তা, স্থলসেনা-বায়ুসেনা-নৌসেনাক হাইএলাৰ্টত থাকিবলৈ নিৰ্দেশ

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে শ্ৰীনগৰত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইয়াৰ পিছত তেওঁ আক্ৰমণৰ স্থান পৰিদৰ্শন কৰে। আনহাতে দিল্লীত চলি আছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ বৈঠক। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং নিজেই তদাৰক কৰিছে বৈঠকৰ। পোহৰলৈ আহিছে আন এক ডাঙৰ তথ্য। পেহেলগাম আক্ৰমণৰ পিছত স্থল সেনা, বায়ুসেনা আৰু নৌসেনাক হাই এলাৰ্টত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

আনহাতে পেহেলগাম আক্ৰমণৰ সন্ত্ৰাসবাদীৰ স্কেচ্চো উন্মোচিত হৈছে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে বুধবাৰে প্ৰকাশ কৰে তিনিটা স্কেচ। এই আক্ৰমণৰ লগত জড়িত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ নামো পোহৰলৈ আহিছে। এই তালিকাত আছিফ ফৌজী, চুলেমান শ্বাহ আৰু আবু তালহাৰ নাম সন্নিবিষ্ট কৰা হৈছে। খবৰ অনুসৰি স্থানীয় একাংশ লোকেও সন্ত্ৰাসবাদীক সহায় কৰিছে। ভাৰতীয় সেনাই আৰম্ভ কৰিছে অনুসন্ধান অভিযান। এই সকলোবোৰৰ সন্ধান অব্যাহত আছে।

খবৰ অনুসৰি প্ৰায় ৪০ মিনিট ধৰি আক্ৰমণৰ স্থানত আছিল সন্ত্ৰাসবাদী। এই লোকসকলে ইতিমধ্যে আক্ৰমণৰ পৰিকল্পনা কৰিছিল আৰু তেওঁলোকৰ পলায়নৰ পথো নিৰ্ধাৰণ কৰা হৈছিল। এই সন্ত্ৰাসবাদীসকলে প্ৰথমে পীৰ পাঞ্জাল পাহাৰলৈ যায় আৰু তাৰ পিছত পলায়ন কৰে। এই আক্ৰমণৰ পিছত ভাৰতীয় সেনাক হাই এলাৰ্টত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। নৌসেনা আৰু বায়ুসেনাও হাইএলাৰ্টত আছে।

ইফালে চৌদি আৰৱ ভ্ৰমণলৈ হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ যোৱাৰ পিছত পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়। ইয়াৰ বাবেই প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণৰ মাজভাগত এৰি উভতি আহিবলগীয়া হৈছিল। এই সময়ছোৱাত গুৰুত্বপূৰ্ণ কথাটো আছিল যে প্ৰধানমন্ত্ৰী মোদীৰ বিমান পথ সলনি কৰা হ’ল। যি বিমান পথেৰে তেওঁ গৈছিল, সেই বিমান পথেৰে তেওঁ উভতি নাহিল। নতুন দিল্লীলৈ উভতি অহাৰ সময়ত পাকিস্তানৰ আকাশমাৰ্গৰ মাজেৰে অহা নাছিল প্ৰধানমন্ত্ৰী মোদী। কিন্তু যাওঁতে তেওঁ পাকিস্তানৰ আকাশমাৰ্গৰ মাজেৰে গৈছিল।

You might also like