নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘চম্পক’? ব’ৰ্ডক লিখিত উত্তৰ দিয়াৰ নির্দেশ দিল্লী HC-ৰ

নিউজ ডেস্ক, ১ মে’ : ‘চম্পক’? ব’ৰ্ডক লিখিত উত্তৰ দিয়াৰ নির্দেশ দিল্লী HC-ৰ>  চলিত আইপিএলত সকলোৰে দৃষ্টি আকর্ষণ কৰিছে এটি ৰবট কুকুৰে৷ প্রতিখন মেচতে খেলপথাৰত ঘূৰি–ফুৰা দেখা যায় এই ৰবট কুকুৰটোক৷ কিন্তু ৰবটটোৰ ‘চম্পক’ নামটোক লৈ ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ বিৰুদ্ধে গোচৰ তৰিছে একে নামৰ এখন পত্রিকাই৷ এই প্রসংগত বিৰাট কোহলিৰ নাম টানি আনি উত্তৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে৷

আৱির্ভাৱতে আলোড়ন সৃষ্টি কৰিছে চম্পক নামৰ ৰবটটিয়ে৷ শৰীৰত লগোৱা আছে কেমেৰা৷ ক্রিকেটাৰসকলৰ সৈতে ৰবটটোৱে হাতো মিলাইছে৷ এই চম্পকক লৈয়ে দিল্লী হাইক’ৰ্টত ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ বিৰুদ্ধে গোচৰ দাখিল কৰি তেওঁলোকে কৈছে যে চম্পক নামটো ব্যৱহাৰ কৰি ব’র্ডে পত্রিকাৰ নামৰ কপিৰাইট লংঘন কৰিছে৷

পত্রিকাখনৰ অধিবক্তা অমিত গুপ্তাৰ বক্তব্য– একেই নাম ব্যৱহাৰ কৰি আর্থিকভাৱেও ক্ষতি কৰা হৈছে৷ ইয়াৰ প্রত্যুত্তৰ দি বিচিচিআইৰ অধিবক্তা জে ছাই দীপকেও কৈছে– এয়া এটা ফুলৰ নাম৷ তদুপৰি এই নামটো নির্বাচিত কৰা হৈছে দর্শকৰ ভোটৰ জৰিয়তে৷ সেইবাবে আইপিএল আৰম্ভ হোৱাৰ প্রায় এমাহ পিছত ইয়াৰ নামকৰণ কৰা হয়৷ বিচাৰক সৌৰভ বন্দোপাধ্যায়ে ব’ৰ্ডক চাৰি সপ্তাহৰ ভিতৰত লিখিত উত্তৰ দিবলৈ নির্দেশ দিছে৷

পৰৱর্তী শুনানি গ্রহণ কৰা হ’ব ৯ জুলাইত৷ অৱশ্যে বিচাৰ প্রক্রিয়া চলি থকা সময়ত বিচাৰক বন্দোপাধ্যায়ে হঠাতে কোহলিৰ নাম উল্লেখ কৰে৷ তেওঁৰ মন্তব্য– বিৰাট কোহলিৰ আন এটা নাম চিকু৷ সেই একে নামেৰে চম্পক পত্রিকাৰ এটি চৰিত্র আছে৷ তেনেহ’লে কোহলিৰ সেই নামক লৈও চম্পক পত্রিকাই প্রশ্ন উত্থাপন কৰিব নেকি? এইক্ষেত্রত পত্রিকাৰ ফালৰ পৰা যুক্তি দিয়া হৈছে এইবুলি– চিকু নামেৰে কোনো পণ্য উপস্থাপন কৰিলে সেয়া কিন্তু আর্থিক শোষণ হ’ব৷

You might also like