নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠিন পৰিশ্রমৰ ফল বৈভৱ

কঠিন পৰিশ্রমৰ ফল বৈভৱ

সফলতাৰ পথ সদায় কঠিন ৷ ইয়াৰ বাবে কোনো চমু পথ নাই৷ অত্যধিক পৰিশ্রম আৰু একাগ্রতা অবিহনে কেতিয়াও সফলতাৰ মুখ দেখা সম্ভৱপৰ নহয়৷ চলিত প্রিমিয়াৰ লীগত চমকপ্রদ ক্রীড়া নৈপুণ্যৰে সকলোৰে দৃষ্টি আকর্ষণ কৰা ভাৰতীয় ক্রিকেটৰ বিস্ময় বালক বৈভৱ সূর্যবংশীৰ সাফল্যও একেনিশাৰ ভিতৰতে অহা নাই৷ মাত্র ১৪ বছৰ বয়সতে বিশ্বৰ বহু আগশাৰীৰ বলাৰক স্তম্ভিত কৰা বৈভৱে তেওঁৰ পৰিশ্রমৰ ফল লাভ কৰিছে৷ শেহতীয়াভাৱে গুজৰাট টাইটানছৰ তীব্র বলিং আক্রমণৰ বিৰুদ্ধে সাহসেৰে ধুমুহাৰ গতিত বেটিং কৰি মাত্র ৩৫টা বলতে শতৰান অর্জন কৰিছে৷ এই ঐতিহাসিক ইনিংছটোৰ জৰিয়তে সর্বকনিষ্ঠ ক্রিকেটাৰ হিচাপে ভাৰতীয় ক্রিকেট জগতত ইতিহাস সৃষ্টি কৰিছে বিহাৰৰ সূর্যবংশীয়ে৷ বৈভৱক গঢ়িবলৈ পিতৃ সঞ্জীৱ সূর্যবংশীয়ে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছে৷ এই ত্যাগ আৰু কষ্টৰ ফল লাহে লাহে লাভ কৰিবলৈ লৈছে বৈভৱে৷ বেটিং ধুমুহাৰ লগতে তেওঁলৈ আহিছে স্প’নছৰৰ অসংখ্য প্রস্তাৱ৷ মাত্র ১৪ বছৰ বয়সতে আই পি এলৰ মহা নিলামত বৈভৱে লাভ কৰিছে ১ কোটি ১০ লাখ টকা৷ প্রশিক্ষক ৰাহুল দ্রাবিড়ে বৈভৱৰ মাজত থকা প্রতিভাৰ উমান পাই ৰাজস্থান ৰয়েলছৰ হৈ তেওঁক এনে বৃহৎ মূল্যত ক্রয় কৰিছে৷ বিহাৰৰ সমষ্টিপুৰৰ এটি মধ্যবিত্ত পৰিয়ালৰ সন্তান বৈভৱ৷ শৈশৱৰ পৰাই ক্রিকেটৰ প্রতি আছিল গভীৰ অনুৰাগ৷ ক্রিকেটৰ বাবেই একাকাৰ কৰিছিল দিন–ৰাতি৷ পুত্রৰ এনে অনুৰাগৰ বাবেই পিতৃ–মাতৃয়ে সন্তানৰ স্বপ্ণ পূৰণ কৰিবলৈ যৎপৰোনাস্তি সকলোখিনি কৰিবলৈ আগবাঢ়ি আহিল৷ পৰিয়ালৰ আর্থিক দীনতা সত্ত্বেও পুত্রৰ সপোন পূৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছিল পিতৃ সঞ্জীৱে৷ যাৰ বাবে তেওঁলোকৰ শেষ সম্বল কৃষি ভূমিখিনিও বিক্রী কৰিছিল পিতৃয়ে৷ মাটি বিক্রী কৰি পোৱা সকলো ধন পুত্রৰ ক্রিকেটৰ প্রশিক্ষণত ব্যৱহাৰ কৰিলে৷ পিতৃৰ পৰিশ্রমৰ বিপৰীতে পঢ়া–শুনাৰ লগতে খেলা–ধূলাত যাতে কোনোধৰণৰ ব্যাঘাত নহয়, তাৰ বাবে যাৱতীয় সকলোখিনি কৰিছিল বৈভৱৰ মাতৃয়ে৷ পুৱা–দুপৰীয়াৰ আহাৰ, মানসিক, সমর্থন সকলো আহিছিল মাকৰ পৰা৷
আচলতে পৰিয়ালৰ সহযোগিতাই এগৰাকী সদস্যৰ সফলতাত প্রভুত পৰিমাণে সহায় কৰে৷ এনে সহযোগিতাৰ বাবেই বৈভৱ এতিয়া পৈণত হৈ উঠিছে৷ ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনৰ আঘাতৰ বাবে দলত খেলাৰ সুযোগ লাভ কৰা বৈভৱে নিজৰ প্রথমখন মেচতে তেওঁৰ প্রতিভাৰ উমান দিছিল৷ কিন্তু গুজৰাটৰ বিপক্ষে মেচখনত প্রায় অকলশৰে দলক সফলতা আনি দিলে এইগৰাকী কিশোৰ বেটাৰে৷ বিহাৰৰ ডক্টৰ মুক্তেশ্বৰ সিনহা মডেষ্টি বিদ্যালয়ৰ অষ্টম শ্রেণীৰ ছাত্র বৈভৱ৷ খেলা–ধূলাৰ লগতে পঢ়া–শুনাতো অত্যন্ত মেধাৱী এইগৰাকী কিশোৰ৷ এক সাক্ষাৎকাৰত পিতৃ সঞ্জীৱে প্রকাশ কৰা অনুসৰি প্রত্যেক দিনা পুৱাই উঠি টিউচন, তাৰ পাছত স্কুল আৰু ক্রিকেটৰ অনুশীলন এই সকলো একেটা ফ্রেমতে বান্ধি আগবাঢ়িছে বৈভৱ৷ এই পৰিশ্রমৰ ফল অতি কম দিনৰ ভিতৰতে দেখিবলৈ পাইছে ভাৰতীয় ক্রিকেট অনুৰাগীয়ে৷ অৱশ্যে পিতৃ–মাতৃৰ অৱদানৰ কথা অকপটে স্বীকাৰ কৰিছে বৈভৱে৷ গুজৰাটৰ বিৰুদ্ধে ৰাজস্থানৰ দুর্দান্ত জয়ৰ পিছতে এটি ভিডিঅ’ত বৈভৱ সূর্যবংশীয়ে কোৱা শুনা গৈছিল– মই আজি যি স্থানত আহি উপনীত হৈছোঁ তাৰ নেপথ্যত আটাইতকৈ বেছি অৱদান আছে মা–দেউতাৰ৷ মই যিহেতু একেবাৰে পুৱাই উঠোঁ, সেইবাবে মায়ে আগতেই শোৱাপাটী এৰি মোৰ বাবে খাদ্য তৈয়াৰ কৰি সাজু কৰি থয়৷ দেউতায়ো অতি সোনকালে উঠে৷ কেৱল মোৰ বাবেই নিজৰ কামো এৰি দিছিল তেওঁ৷ দেউতাৰ কাম কৰিছিল দাদাই৷ অতি কষ্টেৰে আমাৰ পৰিয়ালটোৱে জীৱন অতিবাহিত কৰে৷ দেউতাৰ বিশ্বাস আছিল যে মই কিবা কৰিব পাৰিম৷ বৈভৱে এগৰাকী বিজ্ঞৰ দৰে সাক্ষাৎকাৰত কৈছে– ভগৱানে সকলোকে চাই থাকে৷ যিসকলে পৰিশ্রম কৰে, তেওঁলোকে সফলতাও লাভ কৰে৷ মই এটা কথাই ক’ম যে মই আজি যিখিনি পাইছোঁ, সকলোখিনি মা–দেউতাৰ কৃতিত্ব৷ উল্লেখ্য যে বিগত নৱেম্বৰত আইপিএল ২০২৫ৰ বাবে নিলামৰ জৰিয়তে বৈভৱক ১.১ কোটি টকাত ক্রয় কৰে৷ খবৰ অনুসৰি বর্তমান বৈভৱৰ আনুমানিক সম্পদৰ পৰিমাণ ২.৫ কোটি টকা৷ মাত্র ১৪ বছৰ বয়সতে কোটিপতি হৈছে সূর্যবংশী৷ সম্প্রতি তেওঁৰ আয়ৰ প্রদান উৎস মূলতঃ ৰাজস্থান ৰয়েলছৰ দৰমহা, ঘৰুৱা মেচ ফী আৰু বিভিন্ন বেণ্ডৰ বিজ্ঞাপন৷ নিশাৰ ভিতৰতে জনপ্রিয়তাৰ তুংগত উঠা বৈভৱৰ কাষত আগন্তুক সময়ত যে বিভিন্ন সংস্থাই বিজ্ঞাপনৰ বাবে শাৰী পাতিব তাত সন্দেহৰ অৱকাশ নাই৷

You might also like