ট্রাম্পৰ ‘শুল্ক বোমা’-ই হিন্দী চিনেমালৈ মাতিছে মহাসংকট
🔹 আমেৰিকাৰ বাহিৰত নির্মিত চলচ্চিত্রত ১০০ শতাংশ কৰ
নিউজ ডেস্ক, ৬ মে’ : সামগ্রীৰ ওপৰত শুল্ক বোমা প্রয়োগ কৰি বিশ্বজুৰি বাণিজ্যিক ক্ষেত্রখনত অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰি বিতর্কৰ আৱর্তত থকা আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে এইবাৰ লক্ষ্য কৰি লৈছে বিনোদনৰ ক্ষেত্র৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে বিনোদনৰ ক্ষেত্রখনতো প্রয়োগ কৰিলে শুল্ক বোমা৷ আমেৰিকাৰ বাহিৰত নির্মিত চলচ্চিত্রৰ ওপৰত ১০০ শতাংশ কৰ আৰোপ ৰাষ্ট্রপতি ট্রাম্পৰ৷ বিদেশত নির্মিত ছবি আমেৰিকাত মুক্তি দিলেই আদায় দিব লাগিব নতুনকৈ ১০০ শতাংশ কৰ৷ ৰাষ্ট্রপতি ট্রাম্পে বাণিজ্য বিভাগ আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ বাণিজ্য প্রতিনিধিক শীঘ্রেই দেশলৈ আহিবলগীয়া চলচ্চিত্র আৰু বিদেশী ভূমিত নির্মিত চলচ্চিত্রৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ কর্তৃত্ব প্রদান কৰিছে৷
ট্রাম্পে কয়– আমি আমেৰিকাতেই পুনৰ চলচ্চিত্র নির্মাণ হোৱাটো বিচাৰোঁ৷ বিশ্বৰ আন দেশৰ চলচ্চিত্র উদ্যোগত এই নতুন শুল্ক বোমাই আঘাত হনাৰ সমান্তৰালকৈ ভাৰতীয় চলচ্চিত্র ক্ষেত্রখনত মহাসংকট আনিব৷ মহাসংকটৰ সন্মুখীন হ’ব হিন্দী চলচ্চিত্র জগত৷ অকল হিন্দী চলচ্চিত্রই নহয়, ভাৰতৰ সমগ্র চলচ্চিত্র উদ্যোগটোৱেই সংকটৰ সন্মুখীন হ’ব৷ দেশৰ দক্ষিণৰ পৰা বলীউডলৈকে নির্মিত চলচ্চিত্রসমূহ আমেৰিকাত মুক্তি দি বিপুল পৰিমাণৰ ধন উপার্জন কৰি আহিছে৷ দক্ষিণ ভাৰতৰ লগতে বলীউডৰ ছবিসমূহৰ উপার্জন আমেৰিকাৰ বক্স অফিচৰ ওপৰতো নির্ভৰশীল হৈ আছে৷ এনে পৰিপ্রেক্ষিতত ভাৰতীয় ছবিসমূহে ট্রাম্পৰ শুল্ক বোমাত ক্ষতিৰ সন্মুখীন হ’ব৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে বিদেশত নির্মিত ছবিত ১০০ শতাংশ কৰ আৰোপ কৰাৰ লগে লগে বলীউডৰ ছবিৰ প্রতি ভাবুকি আহিব৷ আমেৰিকাৰ চলচ্চিত্র জগত বিশেষকৈ হলীউড ক্ষতিগ্রস্ত হৈ থকাৰ প্রতি লক্ষ্য ৰাখিয়েই ৰাষ্ট্রপতি ট্রাম্পে এই বিনোদনত ১০০ শতাংশ শুল্ক বোমা প্রয়োগ কৰিলে৷
আমেৰিকাৰ চলচ্চিত্র জগত সংকটত পৰা মানেই ৰাষ্ট্রীয় নিৰাপত্তালৈ ভাবুকি বুলি উল্লেখ কৰি মার্কিন চৰকাৰে বিনোদন ক্ষেত্রত ১০০ শতাংশ কৰ আৰোপ কৰিলে৷ মন কৰিবলগীয়া যে আমেৰিকা যুক্তৰাষ্ট্রৰ ষ্টুডিঅ’ৰ প্রযোজনা কৰা অধিকাংশ ছবিয়েই আমেৰিকাৰ বাহিৰত চিত্রগ্রহণ কৰা হয়৷ বিশেষকৈ ডেডপুল এণ্ড ৱ’লভাৰিন, উইকেড আৰু গ্লেডিয়াৰ ২ ছবিকেইখন আমেৰিকাৰ বাহিৰত চিত্রগ্রহণ কৰা হৈছিল৷ অর্থাৎ আমেৰিকাৰ বাহিৰত নির্মাণ কৰা হৈছে৷ বিদেশী ছবিত ১০০ শতাংশ কৰ আৰোপ কৰাৰ বিপৰীতে নিজৰ দেশৰ প্রযোজনা কোম্পানীসমূহে বাহিৰত ছবি নির্মাণ কৰিলেও একেই কৰ ভৰিব লাগিব৷
মার্কিন ৰাষ্ট্রপতিৰ এই সিদ্ধান্তক অষ্ট্রেলিয়া আৰু নিউজিলেণ্ড চৰকাৰে সমর্থন কৰিলেও বিশ্বৰ আন দেশে এইক্ষেত্রত এতিয়াও প্রতিক্রিয়া ব্যক্ত কৰা নাই৷ মন কৰিবলগীয়া যে বিশ্বৰ দেশসমূহৰ তীব্র প্রতিক্রিয়াৰ পাছত মার্কিন ৰাষ্ট্রপতি ট্রাম্পে চীনক বাদে বিশ্বৰ সকলো দেশকেই ৯০ দিনৰ বাবে নতুনকৈ আৰোপিত সামগ্রীৰ শুল্ক বন্ধ ৰাখিছে৷ চীনৰ ক্ষেত্রত কোনো ৰেহাই দিয়া হোৱা নাই৷ এই পর্যায় চলি থকাৰ সময়তে বিনোদন ক্ষেত্রত ট্রাম্পৰ শুল্ক বোমাই বিশ্বজুৰি আন এক অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰাটো নিশ্চিত৷