পাকিস্তান-ৰ ৯ চহৰত ধাৰাবাহিক বিস্ফোৰণ
🔹 সন্ত্রাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্রত ভয়ংকৰ ড্রোন ষ্ট্রাইক ভাৰতৰ
নিউজ ডেস্ক, ৯ মে’ : পাকিস্তান -ৰ সেনাই ভাৰতৰ সামৰিক ঘাটিলৈ নিক্ষেপ কৰা মিছাইল আক্রমণ সম্পূর্ণৰূপে ব্যর্থ কৰাৰ পাছত প্রত্যাক্রমণ হিচাপে ভাৰতে পাকিস্তানৰ লাহোৰ, ৰাৱালপিণ্ডিসহ কেইবাখনো চহৰত ড্রোনেৰে আক্রমণ কৰে৷ ভাৰতীয় সেনাই পাকিস্তানৰ ৰাৱালপিণ্ডি, লাহোৰ, গুজৰনোৱালা, ছকৱাল, এটক, বাহাৱালপুৰ, মিঞাৱালী, কৰাচী আৰু ছোৰত ড্রোনেৰে আক্রমণ চলায়৷ এই ড্রোন আক্রমণত ৯খন চহৰতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ড্রোনৰ আঘাতত অট্টালিকাৰ ক্ষয়–ক্ষতিও হয়৷ লাহোৰত ভাৰতীয় সেনাৰ ড্রোন আক্রমণৰ পাছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ পাকিস্তান আৰু ভাৰতৰ মাজত আক্রমণ–প্রত্যাক্রমণ আৰম্ভ হোৱাৰ পাছতে মার্কিন নাগৰিকক তাৎক্ষণিকভাৱে পাকিস্তান ত্যাগৰ নির্দেশ দিছে হোৱাইট হাউছে৷ ভাৰতীয় ড্রোনে লাহোৰত আঘাত কৰাৰ পাছতে ইউএছ কনচুলেটে দেশৰ নাগৰিকসকলক সজাগ আৰু সতর্ক হ’বলৈ পৰামর্শ দিয়াৰ লগতে যথাসম্ভৱ পাকিস্তান ত্যাগ কৰিবলৈ নির্দেশ দিছে৷ কনচুলেটৰৰ বিষয়ববীয়াসকলক সজাগ আৰু সতর্ক হৈ থাকিবলৈ নির্দেশ দিয়া হৈছে৷ ৯খন চহৰত ভাৰতে নিক্ষেপ কৰা হেৰণ ড্রোন বিস্ফোৰিত হয় যদিও পাকিস্তানী সেনাই দাবী কৰা মতে, কেইবাটাও ভাৰতীয় ড্রোন আকাশতে প্রতিহত হৈছে৷ লাহোৰৰ ৱাল্টন বিমানবন্দৰৰ সমীপত ড্রোনৰ বিস্ফোৰণ ঘটাত অঞ্চলজুৰি অনাহূত পৰিস্থিতিৰ সৃষ্টি হয়৷ বিমান সেৱাত ব্যাঘাত জন্মাৰ লগতে বিমানবন্দৰত থকা যাত্রীসকলৰ মাজত হাহাকাৰ লাগে৷ ইপিনে, ভাৰতীয় ড্রোনৰ আঘাতত ৰাৱালপিণ্ডি ষ্টেডিয়ামৰ বিস্তৰ ক্ষতিসাধন হৈছে৷ পাকিস্তান ছুপাৰ লীগ (পিএছএল)ৰ ক্রিকেট মেচ আৰম্ভ হোৱাৰ পূর্বেই ড্রোনে আঘাত কৰে ৰাৱালপিণ্ডি ষ্টেডিয়ামত৷ এই ড্রোনৰ আঘাতত ষ্টেডিয়ামখনৰ বিস্তৰ ক্ষতিসাধন হৈছে৷ ক্রিকেট ষ্টেডিয়ামখনৰ ক্ষতি হোৱাত পিএছএলৰ মেচ কৰাচীলৈ স্থানান্তৰ কৰা হৈছে৷ ভাৰতে পাকিস্তানৰ ৯খন চহৰত ড্রোনেৰে আক্রমণ কৰা বুলি প্রকাশ কৰাৰ বিপৰীতে পাকিস্তানী সেনাই ৬খন চহৰত ভাৰতে ড্রোন আক্রমণ চলাইছে বুলি দাবী কৰিছে৷