নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোটেলত ৱাইফাই-ৰ বাবেই সম্পর্কত বিচ্ছেদ প্রেমিক–প্রেমিকাৰ

তৰুণীৰ ফোন দেখি ক্ষুব্ধ যুৱক

নিউজ ডেস্ক, ১৫ মে’ : হোটেলত ৱাইফাই-ৰ বাবেই সম্পর্কত বিচ্ছেদ প্রেমিক–প্রেমিকাৰ। প্রেমিকাৰ সৈতে নিবিড় সময় কটাবলৈ হোটেললৈ গৈছিল প্রেমিক৷ কিন্তু হোটেলত ভৰি দিয়াৰ পিছতেই সামান্য ৱাইফাইৰ ফলত প্রেমিকৰ সুখৰ মুহূর্ত দুখলৈ পৰিৱর্তন হ’ল৷ হোটেলৰ কোঠাত প্রৱেশ কৰাৰ লগে লগে অ’টোমেটিক কানেক্ট হৈ যায় প্রেমিকাৰ ৱাইফাই৷

চকুৰ সন্মুখত এই কাণ্ড দেখাৰ লগে লগে মুহূর্ততে যি বুজিব লাগে সেয়া বুজি উঠে প্রেমিকে৷ ক্ষোভত প্রেমিকাৰ বিৰুদ্ধে ‘বহুগামিতা’ৰ অভিযোগ তুলি হোটেলৰ কোঠাত হুলস্থূল লগাই দিলে প্রেমিকে৷ চীনৰ চংকিং চহৰৰ এখন হোটেলত সংঘটিত এই ঘটনাক লৈ সংবাদ মাধ্যমত সৃষ্টি হৈছে চাঞ্চল্য৷ প্রেমিকৰ সৈতে অৱসৰ বিনোদন কটাবলৈ হোটেলত উপস্থিত হৈছিল লী নামৰ যুৱতীগৰাকী৷

কিন্তু চেক ইন কৰাৰ লগে লগে যুৱতীগৰাকীয়ে বুজিব পাৰে যে লগত কোনো পৰিচয়–পত্র অনা হোৱা নাই৷ এনে অৱস্থাত হোটেল কর্তৃপক্ষলৈ ডিজিটেল পৰিচয়–পত্র প্রেৰণৰ বাবে ফোন উলিয়ায় যুৱতীগৰাকীয়ে৷ তেতিয়াই অ’টোমেটিক কানেক্ট হৈ যায় ৱাইফাই৷ লগে লগে ফোনত নজৰ পৰে লীৰ প্রেমিকৰ৷ অন্য কোনো পুৰুষৰ সৈতে লীৰ ঘনিষ্ঠ মুহূর্তৰ ছবি দেখিবলৈ পায় যুৱকজনে৷ এই বিষয়টোক লৈ কাজিয়া এনে পর্যায় পায়গৈ যে দুয়োৰে মাজত হোটেলতেই সম্পর্কৰ বিচ্ছেদ ঘটে৷

You might also like