নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-বিৰোধী ষড়যন্ত্রত চীন

চুবুৰীয়া ৰাষ্ট্র চীনৰ ভাৰত-বিৰোধী ষড়যন্ত্র বিগত দশক দশক ধৰি চলি আহিছে৷ ভাৰতৰ বিৰুদ্ধে বিশ্বৰ সমুদায়তো চীনে বিপৰীত স্থিতি গ্রহণ কৰি থকাটো সর্বজনবিদিত৷ তেনেদৰে ভাৰতৰ চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ সৈতে চীনৰ বন্ধুত্ব অতি ঘনিষ্ঠ ৷ ফলস্বৰূপে পাকিস্তানৰ ভাৰতবিৰোধী ষড়যন্ত্রত পৰোক্ষ কিম্বা প্রত্যক্ষভাৱে সমর্থন কৰি আহিছে৷ পাকিস্তানৰ সন্ত্রাসবাদী সংগঠনৰ হাতত চীনৰ অস্ত্র–শস্ত্র সহজভাৱে উপলব্ধ হৈ আছে৷ জম্মু–কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীয়ে চলোৱা আক্রমণৰ পিছত ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদী শিবিৰত ‘অপাৰেচন সিন্দূৰে’ৰে আঘাত কৰি বিধ্বস্ত কৰে৷ ইয়াৰ প্রত্যুত্তৰত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অঘোষিত যুদ্ধ আৰম্ভ কৰে৷ পাকিস্তানৰ সকলো আক্রমণ ভাৰতীয় সেনাই সম্পূর্ণ ব্যর্থ কৰি চিৰবৈৰী ৰাষ্ট্রখনৰ বুকুত বায়ুসেনাৰ ঘাটিত ভাৰতীয় সেনাই বিধ্বস্ত কৰে৷ পাকিস্তানক চীনে অস্ত্র–শস্ত্র দি সহায় কৰাৰ অভিযোগো উত্থাপিত হৈছে৷ ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত চীনে ভাৰতবিৰোধী ষড়যন্ত্রত লিপ্ত হৈছে৷ ভাৰতৰ উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশক নিজৰ বুলি দাবী কৰি দেশখনৰ পৰম্পৰাগত শৈলীৰে নামকৰণ কৰে৷ ভাৰত আৰু চীনৰ মাজত থকা ৩,৮০০ কিলোমিটাৰ সীমান্ত দশক দশক ধৰি বিতর্কিত হৈ আহিছে৷ ১৯৬২ চনত চীন–ভাৰতৰ যুদ্ধৰ পিছত ২০২০ চনত চীন আৰু ভাৰতৰ সৈন্যই লাডাখত প্রত্যক্ষ সংঘাতত লিপ্ত হয়৷ এই সংঘাতক লৈ দুয়োখন দেশৰ মাজত সংঘাত তীব্রতৰ হৈ উঠে যদিও বিগত বর্ষৰ অক্টোবৰত দুয়োখন দেশে কূটনৈতিক আৰু সামৰিক আলোচনাৰে লাডাখত শান্তি বর্তাই ৰখাৰ সহমতত উপনীত হয়৷ এই প্রক্রিয়া চলি থকাৰ সময়তে অৰুণাচল প্রদেশক চীনে নিজৰ বুলি দাবী কৰি জ্যাংনান নাম দিছে৷ এই প্রদেশখনক দক্ষিণ তিব্বতৰ অংশ হিচাপে ঘোষণা কৰিছে৷

চীনে ভাৰতবিৰোধী ষড়যন্ত্রৰ পৰিচয় দাঙি ধৰি আকৌ এবাৰ অৰুণাচলৰ বিভিন্ন স্থানৰ নতুনকৈ নামকৰণ কৰিছে৷ ভাৰতৰ ২৭টা স্থানৰ নতুন নামকৰণ কৰি বিবৃতি প্রকাশ কৰিছে চীনৰ অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ে৷ দেশখনৰ এই পদক্ষেপৰ তীব্র বিৰোধিতা কৰি বিবৃতি প্রকাশ কৰিছে ভাৰতেও৷ বিদেশ মন্ত্রণালয়ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে অৰুণাচল প্রদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু ভৱিষ্যতেও  হৈ থাকিব৷ যোৱা ১২ মে’ত চীনৰ অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ৰ তৰফৰ পৰা জনোৱা হয় যে অৰুণাচল প্রদেশৰ ২৭টা অঞ্চলৰ নতুন নামকৰণ কৰা হৈছে৷ স্মর্তব্য যে দীর্ঘদিন ধৰি অৰুণাচল প্রদেশ চীনৰ নিজ ভূখণ্ড বুলি দাবী কৰি অহা হৈছে৷ দেশখনৰ একাধিক মানচিত্রত অৰুণাচল প্রদেশক ‘জ্যাংনান’ অর্থাৎ তিব্বতৰ দক্ষিণ অংশ বুলি প্রকাশ কৰি অহা হৈছে৷ সেই জঘন্য পদক্ষেপ পুনৰ এইবাৰ গ্রহণ কৰিছে বেইজিং প্রশাসনে৷ দেশখনৰ এই ষড়যন্ত্রৰ পিছতেই তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ভাৰতে৷ বিদেশ মন্ত্রণালয়ে দাবী কৰে যে ভাৰতৰ ৰাজ্য অৰুণাচল প্রদেশৰ নামকৰণৰ ব্যর্থ আৰু অযুক্তিকৰ চেষ্টা চলাইছে চীনে৷ সেয়া ভাৰতৰ নজৰত আছে৷ চীনে যিমানেই নতুন নতুনকৈ অৰুণাচল ভূখণ্ডৰ নামকৰণ নকৰক কিয়, অৰুণাচল প্রদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু থাকিব বুলি মন্তব্য কৰে বিদেশ মন্ত্রণালয়ৰ মুখপাত্রগৰাকীয়ে৷ স্মর্তব্য যে যোৱা বছৰ অৰুণাচল প্রদেশৰ ৩০টা স্থানৰ চীনে নতুনকৈ নামকৰণ কৰিছিল৷ শেহতীয়াকৈ একেই পদক্ষেপ গ্রহণ কৰিছে বেইজিঙে৷ ১২টা আৱাসিক অঞ্চল, ১১খন পাহাৰ, চাৰিখন নদী, এটা সুৰংগ আৰু দুটা খালী স্থানৰ নামকৰণ কৰিছে বেইজিং প্রশাসনে৷ এই ঘটনা সন্দর্ভত বিদেশ মন্ত্রণালয়ে প্রতিক্রিয়া প্রকাশ কৰি কৈছে যে নির্বোধৰ দৰে কাম কৰি আহিছে চীনে৷ নতুন নামকৰণ কৰিলেও বাস্তৱ কেতিয়াও সলনি কৰিব পৰা নাযায় বুলিও বিদেশ মন্ত্রণালয়ৰ প্রতিক্রিয়াত উল্লেখ কৰা হয়৷ বাৰে বাৰে অৰুণাচলক নিজৰ ভূখণ্ড হিচাপে দাবী কৰি চীনে সীমান্তত ভাৰতৰ সৈতে সংঘাত দীর্ঘদিনলৈ অক্ষত ৰাখিব বিচাৰে বুলি বিশেষজ্ঞ মহলে ধাৰণা কৰিছে৷ অৰুণাচল প্রদেশ ভাৰতৰ অংগ হৈ আছে, ই হৈ থাকিব৷

You might also like