বাক্সাত ভূমি বিবাদ : দুইপক্ষৰ হতাহতিত আহত কিশোৰী, চিকিৎসাধীন
বাক্সাত ভূমি বিবাদ : দুইপক্ষৰ হতাহতিত আহত কিশোৰী, চিকিৎসাধীন
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মে’ : বাক্সাৰ বৰমাৰ সাউকুছিত ভূমি বিবাদৰ ঘটনা। ভূমিকেন্দ্ৰিক সংঘাতত এগৰাকী সপ্তম শ্ৰেণীৰ কিশোৰী গুৰুতৰভাৱে আহত হয়।
সাউকুছিৰ মজিদ আলী আৰু মেৰাজুল আলী নামৰ লোক দুজনৰ মাজত মাটিৰ সীমাক লৈ চলি আহিছিল সংঘাত। সমাজে মাটিৰ সীমা নিৰ্দ্ধাৰণ কৰি দিছিল যদিও শুকুৰবাৰে নিশা আক্ৰমণৰ ঘটনা সংঘটিত হয়।
মেৰাজুল আলী নামৰ লম্পটোৰ আক্ৰমণত মজিদ আলীৰ কন্যা গুৰুত্বৰভাৱে আহত হয়। মজিদ আলীৰ কন্যা সম্প্ৰতি বৰমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে। ইফালে ঘটনাস্থলীত উপস্থিত হৈ বৰমা আৰক্ষী তদন্ত আৰম্ভ কৰে।
আনহাতে সম্প্ৰতি পলাতক হৈ আছে মেৰাজুল আলী নামৰ আক্ৰমণকাৰীটো।