ভুৱা বাতৰি! এছিয়া কাপ নেখেলা সন্দৰ্ভত বিচিচিআইৰ আনুষ্ঠানিক বিবৃতি
ভুৱা বাতৰি! এছিয়া কাপ নেখেলা সন্দৰ্ভত বিচিচিআইৰ আনুষ্ঠানিক বিবৃতি
নিউজ ডেস্ক, ১৯ মে’ : ভাৰতীয় ক্ৰিকেট দলে এইবাৰ এছিয়া কাপ আৰু মহিলা উদীয়মান দলে এছিয়া কাপত অংশগ্ৰহণ নকৰে। সংবাদ মাধ্যমত একেধৰণৰ দাবী উত্থাপন হৈছে যদিও এতিয়া বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই নিজেই এই দাবী খণ্ডন কৰিছে। দেৱজিৎ শইকীয়াই কয় যে এই খবৰ সম্পূৰ্ণ মিছা আৰু এছিয়া কাপত অংশগ্ৰহণৰ সন্দৰ্ভতো কোনো বৈঠক হোৱা নাই, ইয়াৰ ওপৰত সিদ্ধান্ত লোৱাটো দূৰৰ কথা।
বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াৰ উদ্ধৃতি দি সংবাদ সংস্থা এএনআইয়ে কয় যে “আজি পুৱাৰে পৰা আমাৰ দৃষ্টিগোচৰ হৈছে যে বিচিচিআইয়ে ভাৰতীয় দলটোক এছিয়া কাপ আৰু মহিলা উদীয়মান দল এছিয়া কাপলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈছে। এই দুয়োখন প্ৰতিযোগিতা এছিয়ান ক্ৰিকেট পৰিষদৰ অধীনলৈ আহিছে। এতিয়ালৈকে এনে বাতৰিত কোনো সত্যতা নাই।”