নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত এজন নাবালককে ধৰি দুজন Covid ৰোগীৰ মৃত্যু

এজন ৰোগীৰ মুখৰ কৰ্কট ৰোগাক্ৰান্ত, আনজন নেফ্ৰটিক চিনড্ৰমত আক্ৰান্ত

মুম্বাইত এজন নাবালককে ধৰি দুজন Covid ৰোগীৰ মৃত্যু

নিউজ ডেস্ক, ২০ মে’ : মুম্বাইৰ কিং এডৱাৰ্ড মেম’ৰিয়েল (কে ই এম) হাস্পতালত ১৪ বছৰীয়া শিশুসহ দুজন ক’ভিড ৰোগীৰ মৃত্যু হৈছে। চিকিৎসালয় কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে দুয়োটা মৃত্যুৰ মূল কাৰণ হৈছে অন্তৰ্নিহিত স্বাস্থ্যজনিত অৱস্থা, য’ত ক’ভিড-১৯য়ে ইয়াৰ অৰিহণা যোগোৱা কাৰক হিচাপে কাম কৰে বুলি হিন্দুস্তান টাইমছত প্ৰকাশ পাইছে।

এজন ৰোগীৰ মুখৰ কৰ্কট ৰোগ আছিল, আনহাতে আনজন নেফ্ৰটিক চিনড্ৰমত আক্ৰান্ত আছিল। সূত্ৰৰ উদ্ধৃতিৰে এএনআইয়ে প্ৰকাশ কৰা অনুসৰি দুয়োৰে মৃত্যুৰ কাৰণ Covid-19তকৈ পূৰ্বৰ অৱস্থাৰ বাবেই।

ৰোগীসকলৰ ভিতৰত এগৰাকী ১৪ বছৰীয়া কিশোৰী নেফ্ৰটিক চিনড্ৰম নামৰ বৃক্কৰ ৰোগত আক্ৰান্ত হৈছিল যাৰ ফলত বৃক্ক বিকল হৈ পৰিছিল আৰু আন এজন ৰোগী হৈছে কেন্সাৰ চিকিৎসাধীন ৫৪ বছৰীয়া মহিলা।

মুম্বাই পৌৰ নিগমে স্পষ্ট কৰি দিছে যে মে’ মাহত বিগত মাহৰ তুলনাত অধিক Covid ৰোগী দেখা গৈছে যদিও এতিয়া এই ৰোগ এণ্ডেমিক আৰু আতংকৰ কাৰণ নহয়। বিএমচিয়ে লগতে কয় যে দ্য চেভেন হিলছ হাস্পতাল আৰু কস্তুৰবা হস্পিতালত কভিডৰ বাবে নিৰ্দিষ্ট বিছনা আছে, যিবোৰ প্ৰয়োজনীয়তাৰ সৈতে ৰেম্প আপ কৰিব পাৰি বুলি হিন্দুস্তান টাইমছৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।

১৪ বছৰীয়া নাবালক ৰোগীজন নেফ্ৰটিক চিনড্ৰম নামৰ বৃক্কৰ বিকাৰগ্ৰস্ত হৈ বৃক্ক বিকল হৈ পৰা বুলি জানিব পৰা গৈছে। ৫৪ বছৰীয়া দ্বিতীয়জন ৰোগী ভৰ্তিৰ সময়ত কেন্সাৰ চিকিৎসাধীন হৈ আছিল।

যোৱা সপ্তাহত কিং এডৱাৰ্ড মেম’ৰিয়েল (কে ই এম) হাস্পতালত Covid ধৰা পৰা দুজন ৰোগীৰ মৃত্যু হয়। চিকিৎসকে জনোৱা মতে, Covidৰ সমান্তৰালকৈ কোমৰবিডিটিৰ বাবেই এই মৃত্যু হৈছে। ১৪ বছৰীয়া এজন ৰোগী নেফ্ৰটিক চিণ্ড্ৰমৰ বাবে বৃক্ক বিকল হৈ পৰিছিল আৰু আনজন ৫৪ বছৰীয়া ৰোগী কেন্সাৰ চিকিৎসাধীন হৈ আছিল।

You might also like