নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ বাবে গুপ্তচৰ বৃত্তি ! যুৱকক গ্রেপ্তাৰ

🔹 পাকিস্তানৰ বাবে গুপ্তচৰ বৃত্তি ! যুৱকক গ্রেপ্তাৰ

🔹 পাক সেনা বিষয়াৰ পত্নীৰে যোগাযোগ

নিউজ ডেস্ক, ২৪ মে’ : পাকিস্তানৰ বাবে গুপ্তচৰ বৃত্তি -ত জড়িত থকাৰ অভিযোগত পুনৰ এজন সন্দেহজনক লোকক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ উত্তৰ প্রদেশৰ বাৰাণসীৰ পৰা গ্রেপ্তাৰ কৰা হৈছে তুফাইল নামৰ এজন তৰুণক৷ উত্তৰ প্রদেশ আৰক্ষীৰ সন্ত্রাস প্রতিৰোধ শাখাৰ সূত্রই সদৰী কৰা অনুসৰি, পাকিস্তানী সেনাৰ এজন জোৱানৰ পত্নীৰ সৈতে সঘনে বার্তালাপ চলিছিল অভিযুক্তৰ৷ ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তা সম্পর্কীয় বিভিন্ন তথ্য পাকিস্তানলৈ সৰবৰাহৰ অভিযোগ আছে ধৃত তুফাইলৰ বিৰুদ্ধে৷ প্রাথমিক তদন্ত অনুসৰি ভাৰতৰ বিভিন্ন গুৰুত্বপূর্ণ স্থানৰ ছবি তুলি অভিযুক্তই পাকিস্তানী মোবাইল নম্বৰলৈ প্রেৰণ কৰিছিল৷ ইয়াৰ ভিতৰত আছে ৰাজঘাট, নমোঘাট, জ্ঞানবাপী, জামা মছজিদ, লালকিল্লা, নিজামুদ্দিন আউলিয়া আৰু বিভিন্ন ৰে’ল ষ্টেচন৷ উত্তৰ প্রদেশ সন্ত্রাস প্রতিৰোধ শাখাৰ সূত্রই সদৰী কৰা অনুসৰি, প্রায় ৬০০ পাকিস্তানী নম্বৰ ব্যৱহাৰকাৰীৰ সৈতে তুফাইলৰ যোগাযোগ আছিল৷ আৰক্ষীৰ বিবৃতি অনুসৰি, পাকিস্তানৰ ফৈছলাবাদৰ বাসিন্দা নাফিছা নামৰ এগৰাকী মহিলাৰ সৈতে ছ’চিয়েল মিডিয়াত বার্তালাপ হৈছিল অভিযুক্তৰ৷

You might also like