মেঘালয়ৰ ছ’হৰাত নিৰুদ্দেশ মধ্যপ্ৰদেশৰ পৰ্যটক দম্পতী
চলিত বৰ্ষৰ ২৯ মাৰ্চত একেটা অঞ্চল, ছ'হৰা-শ্বেলা অঞ্চলৰ পৰা হাংগেৰীৰ এজন পৰ্যটক নিৰুদ্দেশ হৈছিল
মেঘালয়ৰ ছ’হৰাত নিৰুদ্দেশ মধ্যপ্ৰদেশৰ পৰ্যটক দম্পতী
নিউজ ডেস্ক, ২৪ মে’ : মেঘালয়ৰ পূব খাছি পাহাৰ জিলাৰ ছ’হৰাত পৰ্যটক হিচাপে অহা মধ্যপ্ৰদেশৰ ইন্দোৰৰ এহাল দম্পতী নিৰুদ্দেশ হৈছে।
সোণম ৰঘুবংশী আৰু তেওঁৰ স্বামী ৰাজা ৰঘুবংশী ২৪ ঘণ্টাৰো অধিক সময় ধৰি সন্ধানহীন হৈ আছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি দম্পতীটোৱে এখন দুচকীয়া বাহন ভাড়া কৰি জনপ্ৰিয় পৰ্যটন স্থলীলৈ গৈছিল। পিছত বাহনখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় অঞ্চলটোৰ সুপৰিচিত দৃশ্যপট ছ’হৰা ৰিমৰ ওচৰত।
কৰ্তৃপক্ষই এইটোও নিশ্চিত কৰিছে যে দম্পতীটোৰ সৈতে যোগাযোগৰ একাধিক প্ৰচেষ্টা বিফল হৈছে, কিয়নো তেওঁলোকৰ দুয়োটা মোবাইল ফোন বন্ধ হৈ আছে। দেওবাৰে শেষবাৰৰ বাবে দেখা গৈছিল দম্পতীটোক।
তালাচী অভিযান আৰম্ভ কৰা হৈছে, আৰু আৰক্ষীয়ে চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰা আৰু স্থানীয় লোকৰ সৈতে কথা পতাকে ধৰি সকলো সম্ভাৱ্য কোণৰ তদন্ত কৰি আছে।
তাৎপৰ্যপূৰ্ণভাৱে চলিত বৰ্ষৰ ২৯ মাৰ্চত একেটা অঞ্চল, ছ’হৰা-শ্বেলা অঞ্চলৰ পৰা হাংগেৰীৰ এজন পৰ্যটক নিৰুদ্দেশ হৈছিল। গতিকে উক্ত স্থানত দম্পতীটোৰ অন্তৰ্ধান মাত্ৰ ২ মাহৰ ভিতৰতে দ্বিতীয়টো ঘটনা।
যোৱা ১০ এপ্ৰিলত মেঘালয়ৰ পূব খাছি পাহাৰ জিলাৰ এটা ঠেক ঢালত উদ্ধাৰ হৈছিল হাংগেৰীৰ পৰ্যটকজনৰ মৃতদেহ।
এই ঘটনাৰ পিছত মেঘালয় চৰকাৰে পৰ্যটকসকলক স্থানীয় গাইডৰ কঠোৰ নিৰ্দেশনাত পাহাৰীয়া ভূখণ্ড সযতনে ভ্ৰমণ কৰিবলৈ কয় আৰু অশুভ বতৰত আৱৰি থকা ঠেক পাহাৰীয়া ভূখণ্ডত অকলে যাবলৈ সাহস নকৰিবলৈ কৈছে।