নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা প্রতিৰোধত সফল জাপানৰ ‘ফেভিপিৰাভিৰ’

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ জাপানৰ দৰব ফেভিপিৰাভিৰৰ জৰিয়তে মাৰাত্মক ক’ৰোনাত আক্রান্ত বহু লোক আৰোগ্য হৈছে৷ দেশখনৰ সংবাদ মাধ্যমে চীনৰ চিকিৎসক ঝাং জিনমিনৰ বক্তব্যৰ উদ্ধৃতি দি এই তথ্য সদৰী কৰিছে৷ ৱুহান আৰু ছেনঝেনত ৩৪০গৰাকীতকৈ অধিক লোকক এই দৰববিধেৰে আৰোগ্য কৰি তোলা হৈছে৷ উল্লেখনীয় যে চীনৰ বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয়েও জাপানৰ দৰববিধৰ জৰিয়তে ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমিত ৰোগীক আৰোগ্য কৰি তোলাটো সম্ভৱ বুলি ঘোষণা কৰিছে৷ জাপানৰ সংবাদ মাধ্যমৰ মতে ফুজিফিল্মে এই দৰববিধ উদ্ভাৱন কৰিছিল৷ ইফালে, বিশেষজ্ঞ চিকিৎসক ঝাঙৰ মতে এই দৰববিধ ক’ৰোনাৰ প্রতিৰোধৰ ক্ষেত্রত বিশেষভাৱে প্রভাৱশালী হিচাপে চিহ্ণিত হৈছে৷ ফেভিপিৰাভিৰ সাধাৰণতে ফ্লু ড্রাগ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে৷ পূর্বৰে পৰা চীনে এই দৰববিধ পক্ষীৰ পৰা সংক্রমিত ভাইৰাছ প্রতিৰোধৰ ক্ষেত্রত ব্যৱহাৰ কৰি আহিছে৷ এইবাৰ ক’ৰোনাৰ দ্বাৰা সংক্রমিত লোকসকলৰ ক্ষেত্রতো দৰববিধ ব্যৱহাৰ কৰি উপকৃত হৈছে চীনৰ চিকিৎসকসকল৷

You might also like