বাঘ মানৱ
বাঘ মানৱ
ইংৰাজীত এশাৰী জনপ্রিয় বাক্য আছে–One Man Army. এজনীয়া সৈন্য বাহিনী৷ অর্থাৎ এজনেই এটা সেনাবাহিনীৰ সমান৷ এই বাক্যশাৰীৰে সাধাৰণতে এজন মানুহৰ অতুলনীয় কর্মদক্ষতা আৰু কর্মসক্ষমতাক বুজোৱা হয়৷ … কুৰি শতিকাৰ মধ্যভাগলৈ ঘন জংঘল আৰু সেউজ আৱৰণেৰে ঢকা আছিল ভাৰতবর্ষ৷ এই গভীৰ অৰণ্য ভৰি আছিল হাতী, ম’হ, বিভিন্ন প্রজাতিৰ হৰিণা, বনৰীয়া গাহৰি, অলেখ ৰকমৰ বান্দৰ, ৰং–বিৰঙী চৰাইৰে৷ আৰু আছিল বনৰ ৰজা ঢেকীয়াপতীয়া বাঘ৷ হিমালয়ৰ পাদদেশৰ পৰা কেৰালাৰ ঘন অৰণ্যলৈ অবাধ ৰাজত্ব আছিল ঢেকীয়াপতীয়া বাঘৰ৷ ভাৰতৰ অৰণ্যৰ অন্যতম সু–শোভিত প্রাণীবিধেই হ’ল বাঘ৷ শাৰীৰিক অৱয়ব, শক্তি আৰু গোজৰণিৰে বাঘ সদায়ে জংঘলৰ সবাতোকৈ আকর্ষণীয় প্রাণী৷ ১৯৫০ চনৰ এক আনুমানিক তথ্য মতে ভাৰতবর্ষত সেই সময়ত প্রায় ৪০ হাজাৰ ঢেকীয়াপতীয়া বাঘ আছিল৷ কিন্তু অবাধ হাৰত চিকাৰ আৰু অৰণ্যৰ ভয়াৱহ সংকোচনত বাঘৰ সংখ্যা উদ্বেগজনকভাৱে হ্রাস পাইছিল৷ মাত্র ৬০টা বছৰৰ ভিতৰতে ভাৰতৰ অন্যতম বিলুপ্তপ্রায় প্রাণী হৈ পৰিছিল বনৰ ৰজা বাঘ৷ ২০১০ চনৰ পৰিসংখ্যা মতে ভাৰতত সেই সময়ত বাঘৰ সংখ্যা আছিল মাত্র ১,৭০৬টা৷ ১৯৫০ চনৰ ৪০ হাজাৰটা বাঘৰ পৰা ২০১০ চনত মাথোঁ সোতৰশটালৈ হ্রাস পোৱাৰ পৰিসংখ্যাই নিশ্চিত কৰে কি ভয়ানকভাৱে ভাৰতত কমি আহিছিল বাঘৰ সংখ্যা৷ এই বিলুপ্তপ্রায় অৱস্থাৰ পৰা এতিয়া দেশৰ অৰণ্যত বাঘৰ সংখ্যা এক সন্তোষজনক অৱস্থালৈ ঘূৰি আহিছে৷ ৱাইল্ড লাইফ প্রটেকচন ছ’চাইটী অৱ ইণ্ডিয়াৰ শেহতীয়া তথ্য মতে ভাৰতত বর্তমান বাঘৰ সংখ্যা ৩,৬৮২টা৷ এই পৰিসংখ্যাই নিশ্চিত কৰিছে যে দেশৰ অৰণ্যত পুনৰ শ্রীবৃদ্ধি হৈছে বাঘৰ৷ আৰু যি মুষ্টিমেয় ব্যক্তিৰ প্রচেষ্টাত বাঘৰ সংখ্যা আশাতীতভাৱে বৃদ্ধি পাইছে সেইসকলৰ ভিতৰত উজ্জ্বলতম বন্যপ্রেমীগৰাকীয়েই হ’ল বাল্মিক থাপৰ৷
এই বাল্মিক থাপৰকে কোৱা হয় ভাৰতৰ ব্যাঘ্র সংৰক্ষণ আন্দোলনৰ One Man Army৷ যোৱা প্রায় চাৰিটা দশকত থাপৰে ভাৰতত বাঘৰ সংৰক্ষণৰ বাবে সকলোতকৈ বেছি পদক্ষেপ গ্রহণ কৰিছিল৷ সুদীর্ঘ কাল বাঘৰ সংৰক্ষণ আৰু গছ ৰোপণৰ বাবে দেশ–বিদেশত অহোপুৰুষার্থ কৰি অহা দেশৰ বাঘ মানৱ হিচাপে অভিহিত বাল্মিক থাপৰে যোৱা ৩১ মে’ত নীৰৱে এই পৃথিৱীৰ পৰা চিৰবিদায় মাগিলে৷ আশ্চর্যজনকভাৱে হিন্দী চিনেমা জগতৰ কোনো সাধাৰণ অভিনেতাৰ মৃত্যুত উবুৰি খাই পৰা প্রচাৰ মাধ্যম কিন্তু দেশৰ তাৰকা প্রকৃতিপ্রেমীজনৰ মৃত্যুত এটা বাতৰি কৰিবলৈ সময় নাপালে৷ খুব সীমিতসংখ্যক সংবাদ মাধ্যমতহে বাল্মিক থাপৰৰ মৃত্যুৰ বাতৰিয়ে স্থান লাভ কৰিলে৷ কেৱল ব্যাঘ্র সংৰক্ষণ আন্দোলনেই নহয়, ভাৰতৰ সেউজ আন্দোলনৰ বাবে থাপৰৰ মৃত্যু কেনে এক বৃহৎ ক্ষতি, সেয়া অনুধাৱন কৰাত ব্যর্থ হ’ল সংবাদ মাধ্যম৷ ৭৩ বছৰত ইহলীলা সম্বৰণ কৰা থাপৰ কেৱল এজন প্রকৃতিপ্রেমীয়েই নাছিল, তেওঁ আছিল এজন দক্ষ লেখক আৰু প্রতিভাৱান তথ্যচিত্র পৰিচালক৷ ৩১ মে’ত দিল্লীৰ নিজা বাসভৱনত চিৰনিদ্রাৰ কোলাত শুই পৰাৰ পূর্বে তেওঁ ৩২খন কিতাপ লিখি থৈ যোৱাৰ উপৰি ১৬খন তথ্যচিত্র নির্মাণ কৰিছিল৷ তেওঁৰ এইসমূহ সৃষ্টিয়েই আছিল প্রকৃতিৰ লগত সংপৃক্ত৷ বাঘৰ বর্তমান ভাৰতৰ অন্যতম আৱাসস্থল ৰানথামব’ৰ অভয়াৰণ্য আছিল থাপৰৰ সকলোতকৈ প্রিয় বিচৰণভূমি৷ এই অভয়াৰণ্যত যেতিয়া বাঘৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা অৱস্থালৈ হ্রাস পাইছিল তেতিয়াই থাপৰে ৰানথামব’ৰৰ ব্যাঘ্র সংৰক্ষণৰ গুৰুত্ব বিশ্বৰ দৃষ্টিলৈ আনিছিল আৰু থাপৰৰ প্রচেষ্টাতে ২০০৬ চনৰ পৰা ২০২০ চনৰ ভিতৰত ৰানথামব’ৰত বাঘৰ সংখ্যা আশাতীতভাৱে বৃদ্ধি পাইছিল৷ ৰানথামব’ৰ ফাউণ্ডেচনৰ প্রতিষ্ঠাপক থাপৰৰ কর্মযজ্ঞ যে কেৱল এইখন অভয়াৰণ্যতে সীমাবদ্ধ আছিল তেনে নহয়, তেওঁ দেশৰ আন আন অঞ্চলতো বাঘৰ শ্রীবৃদ্ধিৰ বাবে প্রতিনিয়ত কাম কৰি গৈছিল৷ তেওঁৰ কামৰ মূল মন্ত্রই আছিল– টাইগাৰ নীডছ স্পেচ৷ অর্থাৎ বাঘক এখন বহল অৰণ্য উপহাৰ দিয়ক৷ তেওঁৰ বিশ্বজুৰি সমাদৃত ‘লেণ্ড অৱ দ্য টাইগাৰ’ শীর্ষক তথ্যচিত্রখনত এই কথা গুৰুত্বসহকাৰে বুজাই থৈ গৈছে৷ হয়তো ভাৰতীয়ই এদিন থাপৰক পাহৰি যাব, কিন্তু দেশৰ অৰণ্যত বিচৰণ কৰি ফুৰা সু–শোভিত বাঘবোৰে তেওঁলোকৰ প্রয়াত বন্ধুৰ প্রচেষ্টাক সদায়ে সোঁৱৰাই থাকিব৷