সম্পাদকীয় : নিবনুৱা সমস্যা আৰু দক্ষতা বৃদ্ধি
তথ্য অনুযায়ী বর্তমান অসমৰ বিভিন্ন নিয়োগ বিনিময় কেন্দ্রত পঞ্জীয়ন কৰা শিক্ষিত নিবনুৱাৰ সংখ্যা ২১,৩১,৪০২জন
অসমে ভুগি অহা কেইবাটিও সমস্যাৰ ভিতৰত এটি জ্বলন্ত সমস্যা হ’ল নিবনুৱা সমস্যা ৷ একোটা চাকৰিৰ নিযুক্তিৰ সময়ত খালী থকা পদৰ বিপৰীতে আবেদন কৰা নিবনুৱাৰ সংখ্যাই সচেতন লোকক চিন্তাত পেলাই দিয়ে৷
একে সময়তে বহু শিক্ষিত নিবনুৱাই নিজৰ শিক্ষাগত অর্হতাৰ তুলনাত নিম্নমানৰ চাকৰিৰ বাবেও আবেদন কৰে আৰু চাকৰি ল’বলৈ বাধ্য হয়৷ এই ছবিখনেই প্রকাশ কৰে অসমত নিবনুৱা সমস্যাই কি ৰূপ ধাৰণ কৰিছে৷
এইটোও পঢ়ক — সুকন্যা : অসম মহিলা বিশ্ববিদ্যালয়-ৰ উপাচার্য ড০ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰৰে সাক্ষাৎকাৰ
শেহতীয়া তথ্য অনুযায়ী বর্তমান অসমৰ বিভিন্ন নিয়োগ বিনিময় কেন্দ্রত পঞ্জীয়ন কৰা শিক্ষিত নিবনুৱাৰ সংখ্যা ২১,৩১,৪০২জন৷ এই সংখ্যাই অসমৰ শিক্ষাব্যৱস্থা আৰু কর্মসংস্থাপনৰ মাজত থকা ব্যৱহাৰিক আৰু আদর্শগত ব্যৱধানকেই প্রকট কৰে৷
চৰকাৰী তথ্য অনুসৰি, অসমৰ মুঠ জনসংখ্যাৰ ১০ শতাংশতকৈও অধিক লোক নিবনুৱাত পৰিণত হৈছে৷ এহ পৰিস্থিতিয়ে অসমৰ যুৱ সমাজৰ মাজত হতাশা আৰু দুখৰ পীডাদায়ক অৱস্থা ঘনীভূত কৰিছে আৰু ইয়ে বিভিন্ন ধৰণৰ সামাজিক অস্থিৰতা বৃদ্ধিৰ কাৰণো হৈ পৰিছে৷ স্নাতকোত্তৰ ডিগ্রীধাৰী এজন শিক্ষিত যুৱকে স্কুলৰ চকীদাৰৰ চাকৰি কৰিবলগীয়া হোৱাটোক শ্রমৰ মর্যাদাৰ উদাহৰণ বুলি ক’ব নোৱাৰি৷
স্নাতকোত্তৰ ডিগ্রীধাৰীগৰাকীয়ে এনে চাকৰি পোৱা উচিত, যি চাকৰিৰ বাবে তেনেকুৱা ডিগ্রীৰ প্রয়োজন হয়৷ অসমত প্রায় সকলোৰে মূল লক্ষ্য হ’ল চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰা৷ বিভিন্ন কাৰণত চৰকাৰী খণ্ডত চাকৰিৰ সুযোগ সীমিত৷ ব্যক্তিগত খণ্ডৰ চাকৰিত নিৰাপত্তাৰ প্রসংগটো সন্দেহৰ মাজতেই ৰৈ যায়৷
এইটোও পঢ়ক — সুকন্যা : স্বনামধন্য অভিনেত্রী মৃদুলা বৰুৱা-ৰে সাক্ষাৎকাৰ
সেইবাবেই এই খণ্ডৰ চাকৰিৰ প্রতি যুৱক–যুৱতীৰ আগ্রহ কম৷ নিবনুৱা সমস্যাৰ সমাধান অকল চৰকাৰী চাকৰিৰে হ’ব নোৱাৰে৷ এই সমস্যা সমাধানত বিশেষভাৱে সহায় কৰিব পৰা এখন ক্ষেত্র হ’ল স্বনিয়োজন৷
স্বনিয়োজনৰ লগত সমান্তৰালভাৱে উচ্চাৰিত আন এটি দিশ হ’ল দক্ষতাৰ প্রসংগ৷ অসমৰ নিবনুৱা সমস্যাৰ আন এটি গুৰুত্বপূর্ণ কাৰণ হ’ল দক্ষতাৰ অভাৱ৷ বহুতো যুৱক–যুৱতী শিক্ষিত হ’লেও প্রয়োজনীয় দক্ষতাৰ অভাৱত তেওঁলোকে চাকৰি পোৱাত অসুবিধা হয়৷ বর্তমানৰ শিল্প–বাণিজ্যত বিশেষকৈ প্রযুক্তি, স্বাস্থ্য–সেৱা, নৱীকৰণযোগ্য শক্তি আৰু ডন্নত ডৎপাদনৰ ক্ষেত্রত বিশেষভাৱে দক্ষ বা স্কিলড লোকৰ চাহিদা বেছি৷ কিন্তু পৰম্পৰাগত শিক্ষাহ এইবোৰ ক্ষেত্রত প্রয়োজনীয় দক্ষতা প্রদান কৰিব নোৱাৰে৷
এই দিশবোৰ লক্ষ্য কৰি নিবনুৱা সমস্যা সমাধানৰ বাবে অসম চৰকাৰে কেইবাটাও পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ ভিতৰত দক্ষতা বিকাশৰ প্রশিক্ষণ, উদ্যোগী মানসিকতাৰ প্রচাৰ আৰু নিযুক্তিৰ সুযোগ সৃষ্টিৰ প্রচেষ্টা উল্লেখযোগ্য৷ অসম দক্ষতা বিকাশ মিছন নামেৰে এটি সংস্থা গঠন কৰি যুৱক–যুৱতীক বিনামূলীয়াকৈ অথবা অতি সামান্য মাচুলৰ বিনিময়ত তথ্য–প্রযুক্তি, হোটেল ব্যৱস্থাপনা, উৎপাদন আদি বিভিন্ন ক্ষেত্রত প্রশিক্ষণ দিয়া হয়৷
অসম ষ্টার্টআপ স্কিম, মুখ্যমন্ত্রী যুৱ স্বাভিমান যোজনা আদিৰ যোগেৰেও ডদ্যোগ স্থাপন আৰু স্বনিয়োগৰ সুবিধা বৃদ্ধি কৰিবলৈ আর্থিক সহায় আৰু সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থা আছে৷ ইয়াৰ লগতে অসম চৰকাৰৰ এটি ভৱিষ্যমুখী বিশাল আয়োজন হ’ল দক্ষতা বিশ্ববিদ্যালয় স্থাপন৷ এই শিক্ষা প্রতিষ্ঠানখনে অসমৰ সমাজ জীৱনৰ বাবে এটা নতুন আশাৰ সূচনা কৰিছে৷
এইটোও পঢ়ক — চাকৰিৰ বাবে নিয়োগ বাৰ্তাৰ সকলো বাতৰি একেলগে পঢ়ক
এই বিশ্ববিদ্যালয়খনে প্রধানকৈ গুৰুত্ব দিছে দক্ষতা বিকাশ আৰু নিয়োগযোগ্যতা বৃদ্ধিৰ ওপৰত৷ এই বিশ্ববিদ্যালয়খনত এশটাতকৈও অধিক ক্ষেত্রত প্রশিক্ষণ দিয়া হ’ব৷ এই বিশ্ববিদ্যালয়খনৰ মুখ্য উদ্দেশ্য হ’ল যুৱক–যুৱতীক শিল্পৰ ক্ষেত্রখনৰ বাবে প্রয়োজনীয় দক্ষতাৰে সজ্জিত কৰি চাকৰিৰ বজাৰত সফল হ’বলৈ সক্ষম কৰি তোলা৷
এই বিশ্ববিদ্যালয়ত স্নাতক, স্নাতকোত্তৰ, ডিপ্ল’মা, চার্টিফিকেট আদি নানান স্তৰৰ পাঠ্যক্রম আগবঢ়োৱা হ’ব৷ এটা কথা ঠিক যে কাৰিকৰী দক্ষতা শিকাব পৰা বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান অসমত আছিল৷ কিন্তু সেইবোৰ আছিল চার্টিফিকেট আৰু ডিপ্ল’মা স্তৰৰ৷ নিয়োগৰ ক্ষেত্রখনত ডিপ্ল’মাৰ চাহিদা কম বাবেই সেই শিক্ষানুষ্ঠানবোৰৰ প্রতি ছাত্র সমাজৰ আগ্রহ আছিল কম৷ দক্ষতা বিশ্ববিদ্যালয়ে ডিগ্রী প্রদান কৰিব আৰু এই ডিগ্রীয়ে এই শিক্ষাক অধিক মান্যতা প্রদান কৰিব৷ দক্ষতা বিশ্ববিদ্যালয়ত গুৰুত্ব দিয়া হ’ব দক্ষতাক আৰু এয়া অসমৰ শিক্ষা ব্যৱস্থাত এটা নতুন আৰু আধুনিক সংযোজন হিচাপে বিবেচিত হ’ব৷
অসম চৰকাৰে বিভিন্ন কাৰিকৰী শিক্ষানুষ্ঠানবোৰক উন্নীত কৰি সেইবোৰৰ ডিপ্ল’মাবোৰক ডিগ্রীলৈ উন্নীত কৰাৰ কথা ভাবিব পাৰে৷ নিয়োগ জগতত মান্যতা লাভ কৰা ডিগ্রীয়ে এই শিক্ষাৰ প্রতি ছাত্র সমাজক উৎসাহী আৰু আগ্রহী কৰি তুলিব৷