সাপক চুম্বন দিবলৈ গৈ মৃত্যুৰে যুঁজিছে কৃষকে
ভাইৰেল হ’বলৈ গৈ এতিয়া হাস্পতালত মৃত্যুৰ সৈতে যুঁজি আছে ব্যক্তিগৰাকীয়ে৷
সাপক চুম্বন দিবলৈ গৈ মৃত্যুৰে যুঁজিছে কৃষকে
নিউজ ডেস্ক, ১৮ জুন : ৰীলছ বনাই ভাইৰেল হোৱাৰ নিচাত বহুতেই আশ্চর্যজনক কাণ্ড কৰি পেলায়৷ ইয়াৰ মাজতে কেতিয়াবা ভয়ংকৰ পৰিণতিৰো সন্মুখীন হ’বলগীয়া হয় এনে লোকসকল৷
এইবাৰ উত্তৰ প্রদেশত ঘটিল তেনে এক ঘটনা৷ ৰীলছৰ নিচাত বিষাক্ত সাপক চুম্বন দিবলৈ গৈছিল ৫০ বছৰীয়া এজন ব্যক্তিয়ে৷ তাতেই ঘটিল বিপদ৷ ব্যক্তিজনৰ জিভাত খুঁটিলে এই বিষাক্ত সাপে৷
ভাইৰেল হ’বলৈ গৈ এতিয়া হাস্পতালত মৃত্যুৰ সৈতে যুঁজি আছে ব্যক্তিগৰাকীয়ে৷ সংবাদ সংস্থা পিটিআইৰ সূত্রই সদৰী কৰা অনুসৰি উত্তৰ প্রদেশৰ আমৰোহা জিলাৰ হাইবতপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা৷ ব্যক্তিজনৰ নাম জিতেন্দ্র কুমাৰ৷ পেছাত তেওঁ এজন কৃষক৷ যোৱা শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনা৷
জানিব পৰা গৈছে যে খেতিপথাৰত বিষাক্ত সাপ ধৰি জিতেন্দ্রই ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ নিচাত এই সাপডালক চুম্বন দিবলৈ গৈছিল৷ সাপৰ মুখ নিজৰ মুখৰ সন্মুখলৈ আনি কেমেৰাত প’জ দিয়াৰ সময়তে এই অভাৱনীয় ঘটনা ঘটে৷