আহমেদাবাদৰ বিমান দুৰ্ঘটনা : ২১৫টা DNAৰ নমুনাৰ মিল, চমজালে ১৯৮টা মৃতদেহৰ অৱশিষ্ট
এয়াৰ ইণ্ডিয়া এ আই-১৭১ বিমান দুৰ্ঘটনাত ডি এন এ মেচৰ জৰিয়তে ২১৫জন নিহত লোক চিনাক্ত হোৱাৰ বিপৰীতে মুঠ ১৯৮জন নিহত লোকৰ মৃত্যুৰ অৱশিষ্ট নিজ নিজ পৰিয়ালক গতাই দিয়া হয়।
আহমেদাবাদৰ বিমান দুৰ্ঘটনা : ২১৫টা DNAৰ নমুনাৰ মিল, চমজালে ১৯৮টা মৃতদেহৰ অৱশিষ্ট
নিউজ ডেস্ক, ২০ জুন : শেহতীয়াকৈ আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাত বিমানখনত থকা ২৪২জনৰ ভিতৰত ২৪১জন লোকৰ মৃত্যু হয়। এ এন আইৰ বাতৰি অনুসৰি এয়াৰ ইণ্ডিয়া এ আই-১৭১ বিমান দুৰ্ঘটনাত ডি এন এ মেচৰ জৰিয়তে ২১৫জন নিহত লোক চিনাক্ত হোৱাৰ বিপৰীতে মুঠ ১৯৮জন নিহত লোকৰ মৃত্যুৰ অৱশিষ্ট নিজ নিজ পৰিয়ালক গতাই দিয়া হয়।
আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে আজি কয় যে “২১৫জন ডি এন এ নমুনাৰ মিল হৈছে, ইয়াৰে ১৯৮জন মৃতকৰ মৃতদেহ তেওঁলোকৰ পৰিয়ালক গতাই দিয়া হৈছে। ১৯৮জন মৃতকৰ ভিতৰত ১৪৯জন ভাৰতীয় নাগৰিক, ৭জন পৰ্তুগীজ, ৩২জন ব্ৰিটিছ আৰু এজন কানাডিয়ান।”
প্ৰতিবেদন অনুসৰি ১৮৩জন নিহতৰ মৃতদেহ এম্বুলেন্সৰ জৰিয়তে পথেৰে প্ৰেৰণ কৰাৰ বিপৰীতে বাকী ১৫জনৰ মৃতদেহ বিমানযোগে প্ৰেৰণ কৰা হয়।
ইয়াৰ পূৰ্বে আহমেদাবাদৰ আৰক্ষী আয়ুক্তই এ এন আইক জনাইছিল যে এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত ২২২জন নিহত লোকক চিনাক্ত কৰা হৈছে। তেওঁৰ মতে ডি এন এৰ নমুনা ব্যৱহাৰ কৰি ২১৪জন ব্যক্তিক চিনাক্ত কৰাৰ বিপৰীতে ডি এন এ মিল নোহোৱাকৈ ৮জনক চিনাক্ত কৰা হৈছে।
যোৱা ১২ জুনত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰে গুজৰাটৰ আহমেদাবাদৰ পৰা যাত্ৰাৰ বাবে ৰাওনা হৈছিল এয়াৰ ইণ্ডিয়াৰ এই ভয়াৱহ দুৰ্ঘটনা। চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু মুহূৰ্তৰ পিছতে বিমানখনে বি জে মেডিকেল কলেজৰ হোষ্টেল কমপ্লেক্সত খুন্দা মাৰে।