‘অচিন চিনাকি’ৰ ‘চিনাকি’ পদক্ষেপ
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ ক’ৰণাৰ আতংক, মহানগৰীৰ বিভিন্ন স্থানত সজাগতা অভিযান। এই ক্ষেত্ৰত অচিন চিনাকি ফাউণ্ডেচনৰ প্ৰশংসনীয় পদক্ষেপ। সদায় নিজৰ কামত নিয়োজিত হৈ থাকে প্ৰশাসনৰ লোকসকল। দিন-ৰাতি একাকাৰ কৰি নিজ কৰ্মত ব্যস্ত থকাৰ লগতে জনতাৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোচহীনভাৱে দায়িত্ৱ পালন কৰে প্ৰশাসন তথা আৰক্ষীৰ লোকসকলে। যিতেহু কৰ’ণা ভাইৰাছে এতিয়া মহামাৰীৰ ৰূপ ধাৰণ কৰিছে সেই উদ্দেশ্যই সদা ব্যস্ত থকা আৰক্ষীৰ লোকসকলক একোখনকৈ মাক্স আৰু ছেনীটাইজাৰৰ সৈতে হাত পৰিস্কাৰ কৰিলে অচিন চিনাকি ফাউণ্ডেচনৰ সদস্যসকলে
আনহাতে মহানগৰীৰ বিভিন্ন প্ৰান্তত সজাগতা সৃষ্টিৰ বাবে ষ্টাৰ ফকছ এণ্টাৰটেইনমেণ্ট আৰু এম্বিশ্ব্যন একাডেমীৰ উদ্যোগত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে সাধাৰণ জনতাক লগতে ছেনীটাইজাৰে হাতখন সঘনে পৰিস্কাৰ কৰি থাকিবলৈ আহ্বান জনায়।