লোকসংস্কৃতিৰ সাধনা
অসমৰ লোকসংস্কৃতিৰ বৈচিত্র্যই সকলোকে মুগ্ধ কৰি আহিছে৷ অসমৰ লোকসাহিত্য, লোকনৃত্য, লোকগীত, উৎসৱ-পার্বণ, লোকবিশ্বাস, আচাৰ-ব্যৱহাৰ আদিৰ মাজেৰে ইয়াৰ সমৃদ্ধিশালী ৰূপটো পৰিস্ফুট হৈ আহিছে৷ অসমীয়া লোকসাহিত্যত সিঁচৰতি হৈ থকা বিভিন্ন ধৰণৰ গীত, কাহিনী, ফঁকৰা যোজনা, প্রবচন আদিয়ে ইয়াৰ বৈচিত্র্যপূর্ণ ৰূপটো প্রতিভাত কৰিছে৷ একেদৰে বিভিন্ন জনগোষ্ঠীৰ অমূল্য সম্পদ বিহুনৃত্য, বাগৰুম্বা নৃত্য, ওজাপালি আদি এই বৃহৎ অঞ্চলটোৰ লোকনৃত্যৰ অন্যতম বৈশিষ্ট্য৷ বিহুগীত, আইনাম, অপেচৰা গীত, ভক্তিমূলক গীত আদিও অসমৰ লোকসংস্কৃতিৰ এৰাব নোৱাৰা অংগ৷ গীত-মাত অথবা উৎসৱ-পার্বণৰ লগতে অসমৰ জনসাধাৰণে পৰিধান কৰা পৰম্পৰাগত পোছাক, যেনে– মেখেলা-চাদৰ, সূতীয়া পোছাক আদিও অসমৰ লোকসংস্কৃতিৰ অন্যতম অংগ৷ বিভিন্ন সময়ত পালন কৰা বিহু, দুর্গাপূজা আদিৰ লগতে বিভিন্ন জনগোষ্ঠীয়ে পালন কৰা উৎসৱো আমাৰ লোকসংস্কৃতিৰ অবিচ্ছেদ্য অংগ৷ অসমৰ লোকসংস্কৃতিৰ এই বৈশিষ্ট্যসমূহে ইয়াৰ এক অনন্য পৰিচয় বহন কৰিছে৷ অসমৰ লোকসংস্কৃতিৰ পথাৰখন চহকী কৰিছে দৰঙৰ সমৃদ্ধিশালী ঐতিহ্যই৷ লোকসাহিত্য, লোককলা, লোকনৃত্য আৰু বিভিন্ন উৎসৱ–পার্বণে দৰঙৰ লোকসংস্কৃতিক একক আৰু অনন্য কৰি তুলিছে৷ দৰঙৰ ওজাপালি, নাঙেলী গীত, ঢেপা ঢুলীয়া, টোকাৰী গীত আৰু অন্যান্য লোকনৃত্য আদিয়ে অসমৰ লোকসংস্কৃতিক অধিক বর্ণময় কৰি তুলিছে৷ অসমৰ এই বর্ণাঢ্য লোকসংস্কৃতিক যিসকল পুৰোধা লোকসংস্কৃতিবিদে গভীৰ চর্চা আৰু গৱেষণাৰ জৰিয়তে অধিক বর্ণময় কৰিছে তেওঁলোকৰ ভিতৰত অন্যতম হ’ল ড০ নবীন চন্দ্র শর্মা৷ সুদীর্ঘকাল লোকসংস্কৃতিৰ সাধনাৰে তেওঁ নিজকে লোকসংস্কৃতিৰ চর্চাৰ বাবে আগ্রহীসকলৰ বাবে আদর্শ আৰু প্রেৰণাৰ উৎস হৈ পৰিছে৷ ড০ শর্মাই অধ্যাপনাৰ লগতে উচ্চ মানৰ গৱেষণা কৰি বিদ্বৎ সমাজৰ মাজত সুকীয়া আসন অধিকাৰ কৰিছে৷ তেওঁৰ জন্ম দৰং জিলাৰ ঐতিহ্যমণ্ডিত হাজৰিকাপাৰাৰ বামুণচুবাত ১৯৩৮ খ্রীষ্টাব্দৰ ২১ জুনত৷ ১৯৬৫ খ্রীষ্টাব্দত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কৃতিত্বৰে অসমীয়া বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পিছত উক্ত বিশ্ববিদ্যালয়ৰ পৰা প্রাচ্যতত্ত্ববিদ ড০ সত্যেন্দ্রনাথ শর্মাৰ তত্ত্বাৱধানত অনন্ত কন্দলীৰ কৃতি বিষয়ত ১৯৭৭ খ্রীষ্টাব্দত পি এইচ ডি উপাধি লাভ কৰে৷ ড০ শর্মাই শিক্ষকতাৰ লগতে উচ্চ শিক্ষাৰ ক্ষেত্রত মনোনিৱেশ কৰি বিশেষ কৃতিত্ব অর্জন কৰে৷ প্রাগজ্যোতিষ মহাবিদ্যালয়ত ১৬ বছৰ কাল অধ্যাপনা কৰা ড০ শর্মাই অধ্যাপনাৰ লগতে লোকসংস্কৃতিৰ গৱেষণামূলক অধ্যয়ন অব্যাহত ৰাখে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগত ২৮ বছৰ কাল অধ্যাপনা কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগৰ অধ্যাপক তথা মুৰব্বী হিচাপে তেওঁ গৱেষণাৰ দিশত ভালেখিনি মূল্যৱান অৱদান আগবঢ়ায়৷ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ নীৰৱ সাধনাৰে তেওঁ সমগ্র জীৱন অতিবাহিত কৰিছিল৷ দৰঙৰ কৃষ্টি–সংস্কৃতিয়ে তেওঁক শৈশৱৰ পৰা বিমুগ্ধ কৰিছিল৷ বিশেষকৈ ওজাপালি, নাঙেলী, দেওধনী আদি লোকসংস্কৃতিৰ বৈচিত্র্যৰ মাজত তেওঁ শৈশৱ আৰু যৌৱনৰ বেছিখিনি সময় কটাইছিল৷
পৰৱর্তী সময়ত ড০ শর্মাই নাঙেলী গীত, ওজাপালি, খুলীয়া ভাউৰীয়া, দেউল, সুঁৱেৰি, পাচেতি আদি দৰঙৰ লোকসংস্কৃতিৰো অংগসমূহৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ লোকসংস্কৃতিৰ বিভিন্ন ক্ষেত্রত গৱেষণা কৰি আমাৰ আপুৰুগীয়া লোকসম্পদসমূহ যাউতিযুগীয়া কৰি থৈ গৈছে৷ ড০ শর্মাৰ তত্ত্বাৱধানত ৬০গৰাকী গৱেষকে বিভিন্ন বিষয়ত পি এইচ ডি আৰু এম ফিল উপাধি লাভ কৰিছে৷ ভাষা–সাহিত্য–সংস্কৃতি সম্পর্কীয় বহুসংখ্যক মূল্যৱান গ্রন্থৰো প্রণেতা তেওঁ৷ ড০ শর্মাই লিখা গৱেষণা পত্রৰ সংখ্যা ২৮০খন৷ তদুপৰি অসমীয়া ভাষাত তেওঁৰ দ্বাৰা ৰচিত গ্রন্থৰ সংখ্যা ১১২খন আৰু ইংৰাজী ভাষাত ৰচিত গ্রন্থৰ সংখ্যা ১২খন৷ ড০ শর্মাই লিখা গ্রন্থসমূহৰ ভিতৰত পশ্চিমৰ পৰা পূবলৈ (জীৱনী), তুমিয়েই জানো নাৰী (উপন্যাস), আইমুখৰ সাধু, সাথা বৰতৰ সাধু, সোণাৰ গাছ ৰূপকাৰ পাত, আফ্রিকা মহাদেশৰ সাধু, আমেৰিকাৰ সাধু (সাধুকথা), মাউত–মৈষাল–মাজি, উভতি চাবৰ মন, তোমাক কেতিয়াবা লগ পাম জানো, ভুল নুবুজিবা (চুটিগল্প), অসমীয়া সাহিত্যৰ আলোক ৰেখা, অসমীয়া ভাষা আৰু সাহিত্যৰ ৰূপৰেখা, পুৰণি অসমীয়া সাহিত্যৰ আলোক ৰেখা, পুৰণি অসমীয়া সাহিত্যৰ সুবাস, অসমীয়া লোকসংস্কৃতিৰ আভাস, অসমৰ ওজাপালি, পুৰণি অসমীয়া সাহিত্যৰ সৌৰভ, বসন্ত উৎসৱ আৰু অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকনৃত্য, অসমৰ পৰিৱেশ্য কলা ওজাপালি, লোকসংস্কৃতি, ভাৰতৰ উত্তৰ–পূর্বাঞ্চলৰ লোকসংস্কৃতি, আধুনিক সমাজত লোকসংস্কৃতি, অসমীয়া সংস্কৃতিৰ সমীক্ষা, অসমৰ মাঘ বিহু, জনকৃষ্টিৰ ৰূপৰেখা, উত্তৰ–পূব ভাৰতৰ পৰিৱেশ্য কলা, অসমৰ সাংস্কৃতিক ইতিহাস (দ্বিতীয় খণ্ড), অসমৰ লোকসাহিত্যকে ধৰি ভালেমান মৌলিক গৱেষণালব্ধ গ্রন্থ, দৰং ৰাজবংশাৱলী, ডাক প্রবচন আৰু ডাক পৰম্পৰা, আদি দশম, শ্রীশ্রীচণ্ডী, পদ্মা পুৰাণ, অসমীয়া মহাভাৰত, ভক্তি প্রদীপ, দামোদৰ দেৱৰ জীৱন চৰিত, কীর্তন ঘোষা আৰু নামঘোষা, অসমীয়া শ্রীমদ্ভাগৱত, কালিকা পুৰাণ, শিৱ পুৰাণ, মনসা গীত, দেৱী আৰু মহাদেৱী, মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আদিকে ধৰি ভালেসংখ্যক মূল্যৱান সম্পাদিত গ্রন্থ৷ তেওঁ ইংৰাজী ভাষাত ৰচনা কৰা ভালেসংখ্যক গ্রন্থই পঢ়ুৱৈ সমাজত সমাদৃত হৈছে৷ তেনে দুখনমান হ’ল– A critical study of ojapali, A Essays on the folklore of North East India, A Shamanistic Dance of The Tribal and the Non-Tribal Communities of Assam, A sankardev Sandipika, A Ritual tales of Assamese Women ৷ এইগৰাকী মনীষীয়ে সমগ্র জীৱন লোকসংস্কৃতিৰ অমৃত সাধনাত ব্রতী হৈ অসমীয়া সমাজ আৰু সংস্কৃতিক নতুন মাত্রা প্রদান কৰি থৈ গৈছে৷ ড০ শর্মাই কৃতিত্বপূর্ণ কর্মৰাজিৰ বাবে লাভ কৰা কিছুসংখ্যক সন্মান হ’ল–ইউ জি এমেৰিটাছ ফেল’শ্বিপ, ভাৰতীয় ভাষা সাহিত্যকাৰ বঁটা, সেৱা নাথ শর্মা বঁটা, সীতানাথ ব্রহ্মচৌধুৰী বঁটা, জগদ্ধাত্রী হৰমোহন দাস বঁটা, আউনীআটী সত্রৰ শ্রীমন্ত শংকৰদেৱ গৱেষণা বঁটা, শিল্পী গন্ধৰাম বায়ন বঁটা, অসম সাহিত্য সভাৰ সর্বোচ্চ সন্মান সদস্য মহীয়ান, অসম প্রকাশন পৰিষদ বঁটা, অসম চৰকাৰৰ সাহিত্যিক পেন্সন, বিশ্ব মহাবীৰ চিলাৰায় সাহিত্য বঁটা আৰু দৰং জিলা সাহিত্য সভাৰ দৰংৰত্ন আদি৷ লোকসংস্কৃতিৰ সাধনা আৰু কর্মৰাজিয়ে তেওঁক সদায় অসমীয়া সমাজ জীৱনত স্মৰণীয় কৰি ৰাখিব৷ আলোক–উজ্জ্বল কৰি ৰাখিব৷