স্বামীৰ ওচৰত যেন মূল্যহীন… প্রেমিকৰে পলাল ৫০০ বোৱাৰী
আৰক্ষীৰ সহায় লৈও স্বামীয়ে ওভতাই আনিব পৰা নাই গৃহিণীক
স্বামীৰ ওচৰত যেন মূল্যহীন… প্রেমিকৰে পলাল ৫০০ বোৱাৰী
বিবাহপাশত আবদ্ধ হোৱাৰ পিছতো স্বামীয়ে সংগ নিদিয়ে পত্নীক আনকি সম্ভ্রান্ত ঘৰৰ ছোৱালী হোৱা সত্ত্বেও স্বামীৰ ওচৰত যেন মূল্যহীন তেওঁলোকৰ আব্দাৰ৷ এনে পৰিস্থিতিত স্বামীৰ সংগহীনতাৰ বাবে পৰকীয়াত লিপ্ত হৈ পৰিছে বহু বোৱাৰী৷
পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ বাৰাছতত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা৷ স্বামীৰ সংগ লাভ নকৰাৰ বাবেই বিগত ৫ মাহত নিজৰ সংসাৰ ভাঙি অন্য পুৰুষৰ সৈতে পলায়ন কৰিছে কমপক্ষেও ৫০০ বোৱাৰীয়ে৷ কর্মসূত্রে কোনোবা ভিন্ন ৰাজ্য বা বিদেশত থাকে৷ কোনোবা আকৌ কর্মক্ষেত্রত ইমানেই ব্যস্ত যে পত্নীৰ বাবে সময় নাই৷
দাম্পত্যৰ ৰসায়ন এওঁলোকে বুজি নাপায়৷ গতিকে পত্নীয়ে স্বামীক বিসর্জন দিয়াৰ ভয়াৱহ প্রৱণতা আৰম্ভ হৈছে৷ ইয়াৰ উপৰি ছ’চিয়েল মিডিয়াই দিছে এইক্ষেত্রত নতুন সমল৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে স্বামীৰ সংগ লাভৰ পৰা বঞ্চিত বহু পত্নীয়ে সম্পর্ক গঢ়ি তুলিছে অন্য পুৰুষৰ সৈতে৷ ইয়াৰ পৰিণতিত বিয়াৰ দুই–তিনি বছৰৰ পিছত স্বামীগৃহ এৰি নতুন প্রেমিকৰ সৈতে পলায়ন কৰিছে পত্নীয়ে৷ পশ্চিমবংগৰ বাৰাছতত অকল পাঁচ মাহৰ ভিতৰত ৫০০ বোৱাৰীয়েই ঘৰ এৰি পলায়ন কৰা নাই৷ অন্য প্রায় ৪০গৰাকী অবিবাহিত যুৱতীয়েও প্রেমিকৰ সৈতে পলায়ন কৰিছে৷
লক্ষণীয় বিষয়টো হৈছে এই সন্দর্ভত আৰক্ষীক অভিযোগ দিয়া হৈছে যদিও আৰক্ষীয়ে কোনো এগৰাকী বোৱাৰীক পূর্বৰ স্বামীৰ ওচৰলৈ ওভতাই আনিব পৰা নাই৷ কাৰণ প্রাপ্তবয়স্ক বোৱাৰীসকলে নিজৰ সিদ্ধান্ত নিজেই ল’ব পাৰিব বুলি আৰক্ষীক ওভতাই পঠিয়াইছে৷ এই ঘটনাই এতিয়া ৰাজ্যখনত বিশেষ চর্চা লাভ কৰিছে৷ কিহৰ বাবে এনেদৰে বোৱাৰীসকলে স্বামীক ত্যাগ কৰি পৰকীয়াত লিপ্ত হৈছে তাক লৈ বিভিন্ন মহলত গভীৰ আলোচনাও চলিছে৷
Niyomiya Barta Desk, Date of Published – 26-06-2025