নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ শিশুটি Covid-19 ত আক্ৰান্ত হোৱা নাই, নিশ্চিত হ’ল তথ্য

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ Covid-19 ত যোৰহাটৰ শিশুটি আক্ৰান্ত হোৱা নাই। লাহোৱালস্থিত ICMR ত দ্বিতীয়টো পৰীক্ষাৰ অন্তত আজি ৰিপৰ্ট আহিল নিগেটিভ ।

উল্লেখ্য যে শনিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰা প্ৰাৰাম্ভিক পৰীক্ষাত শিশুটিৰ দেহত পজিটিভ পোৱা গৈছিল । পাছত শিশুটিৰ তেজৰ নমুনা লাহোৱালস্থিত ICMR লৈ পঠিওৱা হৈছিল । পৰীক্ষাৰ অন্তত ক’ৰোনাত আক্ৰান্ত নহয় বুলি প্ৰমাণিত হয় ।

ইফালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই তথ্য প্ৰচাৰ কৰি এই পৰ্যন্ত অসমত কোনো লোক ক’ৰোনাত আক্ৰান্ত নোহোৱাৰ খবৰ প্ৰকাশ কৰে ।

You might also like