বিষাক্ত বৃশ্চিকৰ পৰা স্তন কর্কটৰ ঔষধ উদ্ভাৱনৰ চেষ্টা
🔹 ছাও পাওলোত গৱেষণা চলিছে ‘ব্রথিয়াছ আমাজনিকাছ’ৰ
নিউজ ডেস্ক, ২৮ জুন : বিষৰ দ্বাৰাই বিষমুক্ত হোৱাৰ চিন্তাচর্চা চলাইছে বিজ্ঞানীয়ে৷ ব্রাজিলৰ অতি বিষাক্ত বৃশ্চিকৰ দ্বাৰাই স্তন কর্কট প্রতিৰোধী দৰব উদ্ভাৱনৰ চেষ্টা চলাইছে ব্রাজিলৰ ছাও পাওলো বিশ্ববিদ্যালয়ৰ গৱেষকসকলে৷
ইতিমধ্যে এই বিষাক্ত বৃশ্চিকবিধৰ ওপৰত গৱেষণাও চলোৱা হৈছে৷ ব্রাজিলত পোৱা যায় অতি বিষাক্ত এবিধ বৃশ্চিক৷ এই বৃশ্চিকবিধৰ নাম ‘ব্রথিয়াছ আমাজনিকাছ’৷ এই বৃশ্চিকবিধক বিষাক্ত সাপৰ সৈতে তুলনা কৰা হয়৷ কিন্তু ইয়াৰ বিষত এনে উপাদান আছে যিয়ে টিউমাৰ কোষৰ বৃদ্ধি বন্ধ কৰি দিব পাৰে৷ শৰীৰত যদি কর্কট ৰোগ বিয়পিলৈ আৰম্ভ কৰে তেন্তে ইয়াৰ বিষে কর্কটৰ বিষকো নষ্ট কৰি দিব পাৰে৷ সেইবাবেই বিজ্ঞানীসকলে এই বিষাক্ত বৃশ্চিকক লৈ আৰম্ভ কৰিছে গৱেষণা৷
ইতিমধ্যে এইক্ষেত্রত ছাও পাওলো বিশ্ববিদ্যালয়ৰ গৱেষকসকল যথেষ্ট আগবাঢ়ি গৈছে৷ লক্ষণীয় বিষয়টো হৈছে- এই বৃশ্চিকৰ বিষৰ মূল্য অতি বেছি৷ বিভিন্নজনে ইয়াক নিচা হিচাপেও ব্যৱহাৰ কৰে৷ ভাৰততো কোটি কোটি টকা দামত বিক্রী হয় এই বিষাক্ত বৃশ্চিকৰ বিষ৷ গতিকে এইবাৰ এই বিষ কর্কটৰ মহৌষধ হ’ব বুলি ধাৰণা কৰা হৈছে৷