নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক চেলিব্ৰিটীৰ বন্ধ ইনষ্টা একাউণ্ট পুনৰ উপলব্ধ ভাৰতত

প্ৰশ্ন হল কেতিয়া উঠোৱা হল পাক অভিনেতাৰ ইনষ্টাগ্ৰামত নিষেধাজ্ঞা!

ভাৰতৰ “অপাৰেচন সিন্দূৰ” নামৰ পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)-ৰ সন্ত্রাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে চলোৱা অভিযানৰ পিচত বহু পাকিস্তানী অভিনেতা-অভিনেত্ৰীয়ে ভাৰত আৰু ভাৰতীয় সেনাক সমালোচনা কৰিছিল। ইয়াৰ ফলস্বৰূপ, ভাৰত চৰকাৰে সেইসময়ত পাকিস্তানৰ বহু প্ৰধান চিনাকি মুখৰ ইনষ্টাগ্ৰাম একাউণ্ট ভাৰতত জিঅ’ব্লক কৰিছিল। এতিয়া, ঘটনাটোৰ প্ৰায় দুমাহ পিচত, ভাৰতীয় অনুৰাগীয়ে লক্ষ্য কৰিছে যে মাওৰা হোচানেৰ দৰে বহুজন চিনাকি পাকিস্তানী অভিনেতাৰ ইনষ্টাগ্ৰাম একাউণ্ট ভাৰতত পুনৰ দৃশ্যমান হৈছে। ফলস্বৰূপে, ই সামাজিক মাধ্যমত তেওঁলোকৰ ওপৰত আৰোপ কৰা “নিষেধাজ্ঞা” উঠাই লোৱা হ’ল নে— এই সন্দর্ভত নানা ধৰণৰ জল্পনা চলিছে।

নিষেধাজ্ঞা শেষ নে?
পাকিস্তানী অভিনেতা মাওৰা হোচানে, ইউম্না জাইদি, আহাদ ৰজা মিৰ, আৰু দানিছ তাইমুৰৰ ইনষ্টাগ্ৰাম একাউণ্ট এতিয়া ভাৰতৰ পৰা দেখা গৈছে। এইসকল অভিনেতাৰ একাউণ্ট আগতে অপাৰেচন সিন্দূৰ আৰু পেহেলগাম সন্ত্রাসবাদী আক্ৰমণ সম্পৰ্কে দিয়া মন্তব্য়ৰ পিছত ভাৰতত অৱৰুদ্ধ কৰা হৈছিল। যদিও ২ জুলাই ২০২৫ৰ পৰা এই একাউণ্টসমূহ ভাৰতীয় অনুৰাগীৰ বাবে দৃশ্যমান হৈ পৰিছে। সামাজিক মাধ্যমত এই একাউণ্টসমূহৰ স্ক্ৰীনচট শ্বেয়াৰ হৈছে।

ভাৰত চৰকাৰ বা তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ পৰা এতিয়ালৈকে এই নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে উঠাই লোৱা হৈছে নে, বা এইটো ইনষ্টাগ্ৰামৰ এলগোৰিদমৰ কোনো ভুল—তেওঁলোকৰ পৰা স্পষ্ট কোনো বক্তব্য আহি পোৱা নাই।

হানিয়া আমিৰ, ফাৱাদ খান এতিয়াও ব্লক
তথাপি, পাকিস্তানী চেলিব্ৰিটিসকলৰ ইনষ্টাগ্ৰাম একাউণ্ট সাধাৰণতে ভাৰতত ব্লকেই থকা দেখা গৈছে। ফাৱাদ খান, মাহিৰা খান আৰু হানিয়া আমিৰৰ দৰে A-List অভিনেতাৰ একাউণ্টসমূহ ভাৰতৰ পৰা এতিয়াও উপলব্ধ নহয়। তেওঁলোকৰ একাউণ্টত ক্লিক কৰিলে এই মন্তব্য পোৱা যায়—“ Account not available in India. This is because we complied with a legal request to restrict this content.” (ভাৰতত এই একাউণ্ট উপলব্ধ নহয়। এইটো এখন আইনী অনুৰোধৰ ভিত্তিত সীমাবদ্ধ কৰা হৈছে।)

বিশেষকৈ, হানিয়া আমিৰক লৈ ভাৰতত সাম্প্ৰতিক সময়ত বিতণ্ডা সৃষ্টি হৈছে, কাৰণ তেওঁ দিলজিত দোশাঞ্জৰ পাঞ্জাবী চিনেমা সৰদাৰ জি ৩-ত অংশগ্ৰহণ কৰিছে। যদিও এই চিনেমাখন ভাৰতত মুক্তি পোৱা নাই, তথাপিও হানিয়াক লৈ অস্থিৰতা দেখা গৈছে, বহু চলচ্চিত্ৰ সংগঠন আৰু ভাৰতীয় শিল্পীয়ে হানিয়াৰ সৈতে কাম কৰাৰ বাবে দিলজিতৰ ওপৰত নিষেধাজ্ঞাৰ দাবী উত্থাপন কৰিছে।

Niyomiya Barta Desk, Date of Published, 2 July, 2025

You might also like