কমিক বুকৰ ভৱিষ্যদ্বাণীত আজিৰ দিনটোক প্ৰলয়ৰ দিন হিচাপে উল্লেখ, কিমান সঁচা এই কথা
জাপানত বিগত দুই সপ্তাহত ১০০০ৰো অধিক ভূমিকম্প হৈছে, ফলত জনসাধাৰণৰ মাজত ভয়ৰ পৰিৱেশ সৃষ্টি হৈছে। এই পৰিপ্ৰেক্ষিতত মাংগা কমিক বুকৰ ফলত আৰু অধিক আতংকৰ সৃষ্টি হৈছে, য’ত ৫ জুলাই অৰ্থাৎ আজিৰ দিনটোক প্ৰলয়ৰ দিন হিচাপে উল্লেখ কৰা হৈছে। এই কমিক বুকৰ ভৱিষ্যদ্বাণী সন্দৰ্ভত ছ’চিয়েল মিডিয়াত গুজব বিয়পি পৰিছে।
কমিক বুকৰ ভৱিষ্যদ্বাণীয়ে জনসাধাৰণক বিস্মিত কৰিছে
বহুতেই বিশ্বাস কৰে যে জাপানত কোনো বৃহৎ বিপর্যয় আহিব! কেৱল দেশৰ ভিতৰত নহয়, বিশ্বৰ অন্যান্য ঠাইৰ লোকসকলেও জাপান ভ্ৰমণৰ পৰিকল্পনাৰ ক্ষেত্ৰত ভয়ত আছে। পৰ্যটনত হ্ৰাস পৰিলক্ষিত হৈছে, কাৰণ লোকসকল ৫ জুলাইৰ প্ৰতি আতংকিত।
জাপানত বসবাস কৰা লোকসকলো চিন্তিত যে আগলৈ কি হ’ব। যদিও এতিয়ালৈকে কোনো আনুষ্ঠানিক সংস্থাই কমিক বুকৰ ভৱিষ্যদ্বাণীক গুৰুত্বসহকাৰে লোৱা নাই, তথাপিও ভূমিকম্পৰ অবিৰাম ঘটনাই জনসাধাৰণৰ উদ্বেগ বৃদ্ধি কৰিছে। স্থানীয় নিবাসীৰ মত- “শুই থাকোঁতেও ভয় লাগে। এনে লাগে যেন প্ৰতিমুহূৰ্ততে পৃথিৱী কঁপি আছে।”
টকাৰা দ্বীপপুঞ্জত সৰ্বাধিক প্ৰভাৱ
ভূমিকম্পৰ ফলত সৰ্বাধিক প্ৰভাৱ পৰিলক্ষিত হৈছে টকাৰা দ্বীপপুঞ্জত, য’ত প্ৰায় ৭০০ জন লোক বাস কৰে। এই দ্বীপসমূহত হাস্পতাল আৰু জৰুৰীকালীন সেৱা সহজে উপলব্ধ নহয়, যাৰ ফলত পৰিস্থিতি আৰু অধিক উদ্বেগজনক হৈ পৰিছে।
স্থানীয় লোকসকলে জনোৱা মতে, ভূমিকম্পৰ পূৰ্বে তেওঁলোকে সমুদ্ৰৰ পৰা এক ভয়ংকৰ গৰ্জনৰ দৰে শব্দ শুনিছে। বহুতেই এই পৰিস্থিতিক ভয়াৱহ আৰু ৰহস্যময় বুলি বৰ্ণনা কৰিছে।
ভয়ৰ কাৰণে লোকসকল জাপানলৈ নাহে
ভূমিকম্প আৰু মাংগা কমিকত ৫ জুলাইৰ প্ৰলয়ৰ ভৱিষ্যদ্বাণীৰ কাৰণে জাপানলৈ অহা পৰ্যটকৰ সংখ্যা হ্ৰাস পাইছে। এপ্ৰিল মাহত য’ত ৩৯ লাখ লোকে জাপান ভ্ৰমণ কৰিছিল, এতিয়া তাত বৃহৎ হ্ৰাস পৰিলক্ষিত হৈছে। হংকংৰ পৰা অহা পৰ্যটকৰ সংখ্যা ১১% কমি গৈছে। বহুতো বিমান সেৱাও বাতিল হৈছে কাৰণ লোকসকল ভয়ৰ কাৰণে ভ্ৰমণ কৰা নাই।
মাংগাৰ ভৱিষ্যদ্বাণী কি?
মাংগা জাপানৰ এক অতি জনপ্ৰিয় কমিক বুক ধাৰাবাহিক, যাৰ বিষয়ে বহুতেই দাবী কৰে যে ই অতীতত কেইবাটাও বিপর্যয়ৰ সঠিক ভৱিষ্যদ্বাণী কৰিছিল। ২০১১ চনত যেতিয়া জাপানত ৯.০ তীব্ৰতাৰ ভূমিকম্প হৈছিল আৰু ভয়ংকৰ ছুনামি আহিছিল, যাৰ ফলত প্ৰায় ২০,০০০ লোকৰ মৃত্যু হৈছিল, তেতিয়াও কোৱা হৈছিল যে মাংগাৰ ১৯৯৯ চনত প্ৰকাশিত প্ৰথম সংস্কৰণত এই বিপর্যয়ৰ ইংগিত দিয়া হৈছিল।
Niyomiya Barta Desk, Date of Published, 5 July