নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় টেষ্টত ইংলেণ্ডৰ সন্মুখত পাহাৰসম লক্ষ্য ভাৰতৰ

🔹 ৪২৭ত দ্বিতীয় ইনিংছ ঘোষণা ভাৰতৰ

🔹 ৭টা উইকেট বাকী থকা অৱস্থাত ইংলেণ্ডক প্রয়োজন ৫৩৬ ৰান

নিউজ ডেস্ক, ৬ জুলাই : বার্মিংহাম টেষ্টত ইংলেণ্ডক পর্বতসম ৬০৮ ৰানৰ জয়ৰ লক্ষ্য বান্ধি দিলে টীম ইণ্ডিয়াই৷ প্রথম ইনিংছত ১৮০ ৰানৰ গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰা ভাৰতীয় দলটোৱে কালি অধিনায়ক শুভমন গিলৰ দর্শনীয় শতক, লোকেশ ৰাহুল, ঋষভ পণ্ট আৰু ৰবীন্দ্র জাদেজাৰ অর্ধশতকৰ সহায়ত ৬ উইকেটত ৪২৭ ৰান কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে৷ তৃতীয় দিনা এক উইকেটত কৰা ৬৪ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি ভাৰতে কালি ১২৬ ৰানত কৰুণ নায়াৰ আৰু লোকেশ ৰাহুলক হেৰুৱায়৷ নায়াৰে ২৬ ৰান কৰি বিদায় লয় যদিও ৫৫ ৰানৰ দর্শনীয় ইনিংছ খেলে৷ ইফালে, প্রথম ইনিংছত ২৬৯ ৰান কৰা অধিনায়ক গিলে দ্বিতীয় ইনিংছতো ১৬১ ৰানৰ দুর্দান্ত ইনিংছ খেলি ভাৰতীয় দলটোক শক্তিশালী স্থিতিত উপনীত কৰোৱাই নহয়, এক অভিলেখো স্থাপন কৰে৷ এখন টেষ্টত দ্বিশতক আৰু শতক অর্জন কৰা ভাৰতৰ প্রথমগৰাকী অধিনায়ক হিচাপে নজিৰ গঢ়ে গিলে৷ গিলে পণ্টৰ সৈতে চতুর্থ উইকেটত ১১০ আৰু পঞ্চম উইকেটত জাদেজাৰ সৈতে ১৭৫ ৰান সংগ্রহ কৰে৷ গিলৰ ১৬২টা বলৰ ইনিংছটোত আছিল ১৩টা চাৰি আৰু আঠটা ছয়৷ ইফালে, পণ্টে ৫৮টা বলত ৬৫ ৰান আৰু জাদেজাই ৬৯ ৰান কৰি অপৰাজিত হৈ থাকে৷ নীতিশ কুমাৰ ৰেড্ডীয়ে ১ আৰু সুন্দৰে ১২ ৰানত অপৰাজিত হৈ থাকে৷ পর্বতসম ৬০৮ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি শ’লঠেকত পৰিছে ইংৰাজ বাহিনী৷ কালি চতুর্থ দিনৰ খেলৰ অন্তলৈকে ইংলেণ্ডে দ্বিতীয় ইনিংছত তিনিটা উইকেট হেৰুৱাই মাত্র ৭২ ৰান সংগ্রহ কৰিছে৷ দিনান্তত অ’লি প’পে ২৪ আৰু হেৰী ব্রুকে ১৫ ৰান কৰি নটআউট হৈ থাকে৷ বেন ডাকেটে ২৫, জেক ক্র’লেই ০ আৰু ৰুটে ৬ ৰান কৰি বিদায় লয়৷ ভাৰতৰ হৈ আকাশ দীপে দুটা আৰু মহম্মদ চিৰাজে এটা উইকেট লাভ কৰে৷ হাতত এটা দিন আৰু ৭টা উইকেট বাকী থকা অৱস্থাত ইংলেণ্ডক জয়ৰ বাবে এতিয়াও ৫৩৬ ৰানৰ প্রয়োজন৷

You might also like