আমেৰিকাত নতুন ৰাজনৈতিক দল গঠন ধনকুবেৰ ইলন মাস্কৰ
🔹 ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে মতভেদৰ পিছতে ‘আমেৰিকা পাৰ্টী’ গঠন মাস্কৰ
নিউজ ডেস্ক, ৬ জুলাই : বিলিয়নেয়াৰ আমেৰিকান ব্যৱসায়ী ইলন মাস্কে শনিবাৰে এটা নতুন ৰাজনৈতিক দল গঠনৰ ঘোষণা কৰে, যাৰ নাম ৰাখে ‘আমেৰিকা পাৰ্টী’।- এই ঘোষণাটো তেওঁ ‘X’ প্লেটফৰ্মত কৰে।
এই ঘটনাটোৱে বিশেষ গুৰুত্ব লাভ কৰে, কাৰণ এই ঘোষণাটোৰ ঠিক আগদিনা অৰ্থাত ৪ জুলাইত মাস্কে এটা জনমতত সুধিছিল- “মই কি ‘আমেৰিকা পাৰ্টী’ গঠন কৰোঁ?” য’ত ৬৫%তকৈও অধিক লোকে দল গঠনক সমৰ্থন জনাইছিল।
এই পদক্ষেপটো মূলতঃ মাস্ক আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত সদ্য সংঘটিত মতভেদৰ ফল। মতভেদটো ঘটিছিল “Big Beautiful Bill (BBB)” নামৰ এক ডাঙৰ কৰ আৰু খৰচৰ বিলক লৈ, যাক মাস্কে “সম্পূৰ্ণ উন্মাদ আৰু বিধ্বংসী” বুলি আখ্যা দিয়ে। তেওঁৰ মতে, এই বিলে ৰাষ্ট্ৰীয় ঘাটি বৃদ্ধি কৰিব।
ইলন মাস্কে ‘X’ত লিখে — আপোনালোকে এটা নতুন ৰাজনৈতিক দল বিচাৰে আৰু সেইটো আপোনালোক পাবই। আমাৰ দেশ অপচয় আৰু দুর্নীতিৰ জৰিয়তে দেউলীয়া কৰা হৈছে। আমি গণতন্ত্ৰত নহয়, এটা এক পার্টীৰ ব্যৱস্থাত বাস কৰোঁ। সেয়ে ‘আমেৰিকা পাৰ্টী’ গঠন কৰা হৈছে আপোনালোকৰ স্বাধীনতা পুনৰুদ্ধাৰ কৰিবলৈ।”
অৱশ্যে বৰ্তমানলৈকে Federal Election Commission-ত কোনো আনুষ্ঠানিক নথি-পত্ৰ দাখিল কৰা হোৱা নাই। মাস্কৰ দলটোৰ আইনী পঞ্জীয়ন কেতিয়া হ’ব, তেওঁ স্পষ্টকৈ জনোৱা নাই।