নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্নিগর্ভ কেনিয়া

চৰকাৰবিৰোধী বিক্ষোভত উত্তাল কেনিয়া৷ দীর্ঘদিন ধৰি আফ্রিকান দেশখনৰ জনতা চৰকাৰৰ স্বৈৰাচাৰী নীতিত বিতুষ্ট৷ ৰাষ্ট্রপতি উইলিয়াম ৰুটোৰ পদত্যাগৰ দাবীত যোৱা জুন মাহতো দেশজুৰি বিক্ষোভ প্রদর্শন কৰিছিল প্রতিবাদী জনতাই৷ ৭ জুলাইত বিক্ষোভে ভয়াৱহ ৰূপ ধাৰণ কৰে৷ অকল ৰাজধানী নাইৰোবিয়েই নহয়, সমগ্র দেশখনত প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰে লাখ লাখ জনতাই৷ ৰাজপথত সমাৱেশ উলিয়াই ৰাষ্ট্রপতি ৰুটোৰ অপশাসনৰ শীঘ্রে অৱসানৰ দাবী কৰে প্রতিবাদকাৰীসকলে৷ জনতাৰ এই বিক্ষোভ কঠোৰ হাতেৰে দমন কৰাৰ চেষ্টা চলায় চৰকাৰে৷ বিক্ষোভকাৰীসকলক ছত্রভংগ দিয়াবলৈ কন্দুৱা গেছ, পানীৰ গোলা ব্যৱহাৰ কৰে আৰক্ষীয়ে৷ ইয়াৰ ফলত জনতাৰ বিক্ষোভে অধিক জংগী ৰূপ ধাৰণ কৰে৷ লগে লগে অধিক হিংস্র হৈ আৰক্ষীয়ে প্রতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰে৷ আৰক্ষীৰ গুলীত ১১জন প্রতিবাদকাৰী নিহত হোৱাৰ লগতে অন্য কেইবাজনো আহত হয়৷ বেচৰকাৰী সূত্রই দাবী কৰা অনুসৰি, আহত প্রতিবাদকাৰীৰ সংখ্যা শতাধিক৷ ইফালে, আৰক্ষীয়ে প্রকাশ কৰা বিবৃতি অনুসৰি বিক্ষোভকাৰীৰ সৈতে সংঘর্ষত ৫২জন আৰক্ষী কর্মী আহত হৈছে৷ লক্ষণীয় বিষয়টো হৈছে– কেনিয়াৰ এই পৰিস্থিতি এদিনতে সৃষ্টি হোৱা নাই৷ দীর্ঘদিন ধৰি কেনিয়াত অত্যাৱশ্যকীয় সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে জনসাধাৰণে ক্ষোভ উজাৰি আহিছে৷ চৰকাৰ আছে যদিও দেশখনত চৰম নৈৰাজ্যই মূৰ দাঙি উঠিছে৷ এই ভয়াৱহ অস্থিৰ পৰিস্থিতিৰ বাবে বিশেষজ্ঞসকলে ৰাষ্ট্রপতি উইলিয়াম ৰুটোৰ চৰকাৰকেই জগৰীয়া কৰিছে৷ জনসাধাৰণৰ দাবীক অগ্রাহ্য কৰি অতি দমনমূলকভাৱে প্রতিবাদৰ কণ্ঠ স্তব্ধ কৰি দিয়াৰ চেষ্টাহে চলাই আহিছে চৰকাৰে৷ ৰাজনৈতিক অস্থিৰতাৰ পুৰণি ইতিহাস আছে কেনিয়াৰ৷ ১৯৯০ চনত কেনিয়াৰ তেতিয়াৰ ৰাষ্ট্রপতি ডেনিয়েল আৰাপ মৈয়ৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে উত্তপ্ত হৈছিল দেশখন৷ বিক্ষোভৰ অগ্ণিগর্ভত পৰিণত হোৱা দেশখনত ৰাষ্ট্রপতি ডেনিয়েলৰ অপশাসনৰ অৱসান ঘটাই বহুদলীয় গণতান্ত্রিক ব্যৱস্থা ওভতাই অনাৰ দাবী উত্থাপন হৈছিল৷ সেই বিক্ষোভ আছিল কেনিয়াৰ ৰাজনৈতিক ইতিহাসত নজিৰবিহীন ঘটনা৷ পুৰণি সেই নজিৰবিহীন ইতিহাসক স্মৰণ কৰিবলৈ প্রতিবছৰে কেনিয়াবাসীয়ে ৭ জুলাইৰ দিনটোত দেশখনৰ প্রান্তে প্রান্তে আয়োজন কৰে সমাৱেশৰ৷ এইবাৰো সেই সমাৱেশৰ আয়োজন কৰা হৈছিল৷ কিন্তু এইবাৰৰ সমাৱেশ আছিল ব্যতিক্রম৷ ১৯৯০ৰ মহাবিক্ষোভৰ দৰে এইবাৰো স্বৈৰাচাৰী শাসনৰ অৱসানৰ বাবে প্রতিবাদ সাব্যস্ত কৰে দেশবাসীয়ে৷ এক কথাত ক’বলৈ গ’লে এই বিক্ষোভ সমাৱেশৰ জৰিয়তে ৰাষ্ট্রপতি উইলিয়াম ৰুটোক ক্ষমতাচ্যুত কৰিবলৈ সংকল্পবদ্ধ হৈছে দেশবাসী৷ বিক্ষোভৰ মূল কেন্দ্র হৈ পৰে ৰাজধানী নাইৰোবি৷ আৰক্ষীয়ে ৰাজধানীত প্রৱেশৰ সকলো পথ বন্ধ কৰি ৰাখিছিল৷ কিন্তু প্রতিবাদী জনতাই আৰক্ষীৰ বেৰিকেড ভাঙি ৰাজধানী দখলৰ চেষ্টা চলায়৷ ইয়াৰ লগে লগে উত্তপ্ত হৈ পৰে পৰিস্থিতি৷ বিক্ষোভকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় সংঘর্ষ৷ ৰাজধানী নাইৰোবিৰ এনে জংগী বিক্ষোভে দেশখনৰ অন্য প্রান্তত চলি থকা বিক্ষোভ–প্রতিবাদতো অৰিহণা যোগায়৷ এদিনৰ অভিযানত আৰক্ষী–প্রশাসন সফল হয় যদিও নতুন ৰূপত সংগঠিত হ’বলৈ ধৰিছে বিক্ষোভ৷
যোৱা ২৫ জুনতো আফ্রিকান দেশখন উত্তপ্ত হৈছিল জনতাৰ বিক্ষোভত৷ সেই বিক্ষোভৰ সময়ত আৰক্ষীৰ সৈতে হোৱা সংঘর্ষত দেশখনত মৃত্যু হৈছিল ৬০জন প্রতিবাদকাৰীৰ৷ সন্ধানহীন হৈছিল অন্য ২০জন৷ সন্ধানহীন লোকসকলক আজিও বিচাৰি পোৱা নাই৷ অভিযোগ অনুসৰি সন্ধানহীন লোকসকলক আৰক্ষীয়ে হত্যা কৰি মৃতদেহ কোনো অজ্ঞাত স্থানত পুতি ৰাখিছে৷ সেই বিক্ষোভৰ উমি উমি জ্বলি থকা জুই ৭ জুলাইত দাওদাওকৈ জ্বলি উঠে৷ এই বিক্ষোভৰ জুয়ে এতিয়া ৰাষ্ট্রপতি উইলিয়াম ৰুটোৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে অশনি বার্তা৷ কেনিয়াৰ এই অগ্ণিগর্ভ পৰিস্থিতিৰ কাৰণ কি? ৰাষ্ট্রপতি উইলিয়াম ৰুটোৰ চৰকাৰে দেশবাসীৰ ওপৰত আৰোপ কৰিছে অতিৰিক্ত কৰৰ বোজা৷ দেশখনৰ সম্পদৰ সিংহভাগৰ নিয়ন্ত্রণ আছে বণিক শ্রেণী আৰু ধন কুবেৰসকলৰ হাতত৷ এই ধনকুবেৰসকলৰ মাজত আছে একাংশ দুর্নীতিগ্রস্ত ৰাজনীতিক৷ আনকি ৰাষ্ট্রপতি উইলিয়াম ৰুটোৰ বিৰুদ্ধেও আছে বিভিন্ন বিয়াগোম কেলেংকাৰিৰ অভিযোগ৷ ভয়াৱহ আর্থিক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চৰকাৰে জনসাধাৰণৰ ওপৰত অতিৰিক্ত কৰৰ বোজা আৰোপ কৰাৰ ফলত চৰকাৰবিৰোধী অসন্তুষ্টি প্রবল হৈ উঠিছে৷ আনফালে জনাসাধাৰণৰ ক্রয় ক্ষমতা হ্রাস পাই আহিছে৷ অত্যাৱশ্যকীয় সামগ্রীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে জলাকলা কৰিছে দেশবাসীক৷ এনে পৰিস্থিতিত চৰকাৰক শত্রু হিচাপে চিহ্ণিত কৰিছে জনতাই৷ অকল কেনিয়াৰেই আজি এই দশা নহয়৷ আফ্রিকাৰ বহু দেশ ভয়াৱহ আর্থিক সংকটৰ কবলত পৰিছে৷ নাইজেৰিয়া, জিম্বাব’ৱে, কংগো, ইথি’পিয়া আদি দেশসমূহত আজি একেই পৰিস্থিতি৷ গতিকে, চৰকাৰবিৰোধী বিক্ষোভ এতিয়া এখন দেশতে সীমাবদ্ধ হৈ থকা নাই৷ বিক্ষোভে যেন এক ‘মহাদেশীয়’ মাত্রা লাভ কৰিছে৷ কেনিয়াৰ প্রবল বিক্ষোভৰ ঘটনাক লৈ উদ্বেগ প্রকাশ কৰিছে অন্য দেশবোৰেও৷ কাৰণ যিকোনো মুহূর্ততে সেই দেশসমূহো বিক্ষোভৰ জুইত জ্বলিব পাৰে৷ ইয়াৰ উপৰি আফ্রিকাৰ দুর্দশাগ্রস্ত দেশসমূহত মূৰ দাঙি উঠিছে আল–কায়দাৰ সমর্থনপুষ্ট ইছলামিক সন্ত্রাসবাদী৷ বিভিন্ন সময়ত জনতাৰ ন্যায় প্রতিষ্ঠাৰ গণতান্ত্রিক আন্দোলন তথা সংগ্রামক ইছলামিক সন্ত্রাসবাদে অন্য দিশলৈ ঠেলি দিছে৷ কেনিয়াৰ প্রবল গণবিক্ষোভতো ইছলামিক সন্ত্রাসবাদে ইন্ধন যোগাব পাৰে বুলি আশংকা কৰিছে বিভিন্ন সামাজিক সংগঠনে৷ সেইবাবে ৰাষ্ট্রসংঘকে ধৰি বিভিন্ন আন্তর্জাতিক সংগঠনৰ নজৰ এতিয়া কেনিয়াৰ পৰিস্থিতিৰ ওপৰত৷ প্রায় পাঁচ কোটি পঁয়সত্তৰ লাখ জনসংখ্যাৰ দেশখনত আগন্তুক দিনত শান্তি–সুস্থিৰতাৰ পথ কেনেদৰে মুকলি হ’ব, সেয়া নির্ভৰ কৰিব চৰকাৰৰ নীতিৰ ওপৰত৷ যদি ৰাষ্ট্রপতি উইলিয়াম ৰুটোৰ চৰকাৰৰ জনবিৰোধী নীতি সলনি নহয়, তেন্তে কেনিয়াৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাটো নিশ্চিত৷

You might also like