নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰিয়াৰশ্রেষ্ঠ ষষ্ঠ স্থানলৈ উন্নীত শুভমন গিল

🔹 আইচিচি টেষ্ট ৰেংকিঙত ৰুটক আঁতৰাই শীর্ষস্থানত হেৰী ব্রুক

নিউজ ডেস্ক, ১০ জুলাই : ভাৰতীয় টেষ্ট দলৰ অধিনায়ক শুভমন গিলে আইচিচি টেষ্ট ৰেংকিঙৰ বেটাৰ শাখাত কেৰিয়াৰশ্রেষ্ঠ ষষ্ঠ স্থানটো দখল কৰিছে৷ বার্মিংহাম টেষ্টৰ প্রথম ইনিংছত ২৬৯ আৰু দ্বিতীয় ইনিংছত ১৬১ ৰান কৰাৰ সুবাদত ১৫টাকৈ স্থান আগুৱাই ষষ্ঠ স্থানটো দখল কৰিছে গিলে৷ ইয়াৰ পূর্বে গিলৰ কেৰিয়াৰশ্রেষ্ঠ ৰেংকিং আছিল চতুর্দশ স্থান৷ বর্তমান গিলৰ ৰেটিং পইণ্ট হ’ল ৮০৭৷

মন কৰিবলগীয়া যে টেষ্ট ৰেংকিঙৰ বেটাৰ শাখাত শুভমন গিলকে ধৰি তিনিগৰাকী ভাৰতীয় খেলুৱৈয়ে শীর্ষ ১০ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ যশস্বী জয়ছোৱালে চতুর্থ স্থান অক্ষুণ্ণ ৰখাৰ বিপৰীতে ঋষভ পণ্টে সপ্তম স্থানটো নিজৰ দখলত ৰাখিছে৷ ইফালে, ইংলেণ্ডৰ তাৰকা বেটাৰ হেৰী ব্রুকে টেষ্ট ৰেংকিঙৰ বেটাৰ শাখাৰ শীর্ষ স্থানটো দখল কৰিবলৈ সক্ষম হৈছে৷ সদ্যসমাপ্ত বার্মিংহাম টেষ্টত প্রথম ইনিংছত ১৫৮ ৰানৰ দর্শনীয় ইনিংছ খেলাৰ সুবাদত ব্রুকে স্বদেশৰে সতীর্থ জ’ ৰুটক আঁতৰাই শীর্ষস্থানটো অধিকাৰ কৰে৷ বর্তমান ব্রুকৰ ৰেটিং পইণ্ট হ’ল ৮৮৬৷ বিপৰীতে ৰুটৰ ৰেটিং পইণ্ট হ’ল ৮৬৮৷

ইফালে নিউজিলেণ্ডৰ তাৰকা বেটাৰ কেন উইলিয়ামছনে তৃতীয় স্থানটো নিজৰ দখলতে ৰাখিছে৷ আনহাতে, টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহে শীর্ষস্থান দখল কৰি থকা বলাৰ শাখাৰ শীর্ষ দহত কোনো সালসলনি ঘটা নাই৷ দাক্ষিণ আফ্রিকাৰ কাগিছো ৰাবাডাই দ্বিতীয় আৰু অষ্ট্রেলিয়াৰ পেট কামিনছে তৃতীয় স্থানটো অধিকাৰ কৰি আছে৷ অলৰাউণ্ডাৰ শাখাত টীম ইণ্ডিয়াৰ ৰবীন্দ্র জাদেজাই শীর্ষস্থানটো নিজৰ দখলতে ৰাখিছে৷ ইফালে, জিম্বাব’ৱেৰ বিপক্ষে বুলাৱায়’ত খেলা দ্বিতীয়খন টেষ্টত অপৰাজিত ৩৬৭ ৰানৰ দুর্দান্ত ইনিংছ খেলাৰ সুবাদত দক্ষিণ আফ্রিকাৰ ৱিয়ান মুল্ডাৰে ১২টা স্থান আগুৱাই তৃতীয় স্থানটো অধিকাৰ কৰিছে৷

You might also like