চিন্তাৰ প্রাসংগিকতা
আদিম বন্যতাৰ পৰা আধুনিক মানৱলৈ উত্তৰণ৷ আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জয়জয় ময়ময় পৰিৱেশত জীৱন যাপন কৰি আছে৷ মানুহে আকাশ চুবলৈ খোজে৷ বিশ্বব্রহ্মাণ্ড জয় কৰাৰ মন মেলিছে৷ মানুহৰ জীৱন সীমিত যদিও আশাবাদী মানুহৰ সপোনৰ সীমা নাথাকে আৰু সীমাহীনতাৰ বাবেই বিচিত্র জীৱনৰ অধিকাৰী হয় মানুহ৷ তেনেদৰে গতিশীল মনে ৰুচিবোধ ক্ষিপ্র গতিৰে পৰিৱর্তিত ৰূপত বিচাৰে৷ আশাবাদী মানুহ, সপোনবিলাসী মানুহ যিয়েই নহওক, প্রকৃতার্থত মানুহ ৰুচিশীল-সংস্কৃতিৱান৷ জীৱন পৰিক্রমাত কর্মই মানুহক সংস্কৃত মনৰ গৰাকী বুলি চিনাকি দিয়ে৷ কর্মৰ লগত মানৱীয় মূল্যবোধৰ প্রশ্ণ স্বতঃস্ফূর্তভাৱে উত্থাপন হয়৷ ই এক চিৰাচৰিত কথা৷ কিন্তু মানৱীয় মূল্যবোধৰ অৱক্ষয়ত সঁচা অর্থত ৰুচিশীল–সংস্কৃতিৱানৰ সংজ্ঞা পৰিৱর্তিত হৈ গ’ল৷ আধুনিক ধাৰণাৰ অর্থসর্বস্ব সমাজত অর্থৰেই কৃত্রিমতা কিনি ৰুচিশীল সংস্কৃতিৱান হোৱাৰ প্রতিযোগিতা চলিল৷ মানুহৰ জ্ঞানবোধৰ আঁৰত শিক্ষাই লৈ অহা ভূমিকাও অৱনমিত হ’ল৷ যাৰ ফলত শিক্ষাও হৈ পৰিছে পণ্য৷ অনস্বীকার্য যে শিক্ষাই মানুহক উন্নত কৰায়, মানুহক অবিশ্বাস কৰিবলৈ সাহস যোগায় অন্ধবিশ্বাসক, প্রতিবাদৰ ভাষা শিকায় শিক্ষাই৷ কিন্তু শিক্ষাৰ বেহাই এতিয়া কৰিছে কি? আনহাতে, সংস্কৃতিয়ে জগায় বোধ, গঢ়ে ৰুচিশীল মন, কিন্তু বর্তমানৰ শিক্ষা–সংস্কৃতিৰ দুর্বল বিকাশত সমাজত (ইতিপূর্বে গঢ় লোৱা যিবোৰে মানুহক উদগনি যোগাইছিল) আদর্শ, সৃষ্টি, সৃজনশীলতাৰ প্রভাৱ দ্রুতগতিত হ্রাস পাব ধৰিছে৷ ভাৰাত পোৱা যায় সংস্কৃতিৰ বাহক, ভাৰাত পোৱা যায় সৌন্দর্য, ভাৰাত পোৱা যায় সংস্কৃতি৷ মানৱীয় জীৱনৰ সঁচা ৰংবোৰ– আওপুৰণিৰ প্রলেপেৰে লেপি চিকমিক সস্তীয়া বহুৰূপী ৰঙেৰে সানিলে৷ যিয়ে মানৱীয় জীৱনৰ মাদকতা আঁতৰাই যান্ত্রিক কৰি তুলিলে৷ শিক্ষা–সংস্কৃতিৰ দুর্বল বিকাশৰ সুযোগ লৈ এচাম শিক্ষিত ধীমান ব্যক্তিয়ে তথাকথিত সংস্কৃত মনৰ মুখা পিন্ধি লুণ্ঠন, নির্যাতন, বৈষম্য, অসামাজিক কার্যকলাপেৰে ধনকুবেৰ হৈ সমাজত মান, যশ বলপূর্বক আদায় কৰাত লাগিল আৰু তেওঁলোকৰ পিছে পিছে সহযাত্রী হৈ আগবাঢ়িল অশিক্ষিত, উদণ্ড অসংস্কৃত মনৰ এচাম ব্যক্তি৷ ৰাজনৈতিক ব্যক্তি মানেইতো এতিয়া নীলা শিয়াল৷ সমাজৰ সকলো কুলতেই জড়িত হৈ থকা ধনকুবেৰে সমাজত আদর্শৰ পৰিপন্থী কাম কৰি সুখ–স্বাচ্ছন্দ্যৰ জীৱন ন–প্রজন্মৰ মাজত জনপ্রিয় কৰাৰ অহৰহ চেষ্টা চলাই আছে আৰু সফলকামো হৈছে৷
অন্যায়–দুর্নীতিৰ বিৰুদ্ধে আজীৱন সংগ্রাম কৰি শ্রম কৰি খোৱাজনক অৱহেলাৰ দৃষ্টিৰে চোৱাৰ মানসিকতা গঢ় দিব ধৰিলে৷ খন্তেকীয়া মানৱ জীৱনত দুখ–কষ্টত ভোগাতকৈ সহজলভ্য পথেৰে প্রচুৰ অর্থৰ গৰাকী হৈ ভোগ–বিলাসত জীৱন যাপন কৰাই শ্রেয়, অর্থাৎ সমাজত মানুহ হিচাপে প্রতিষ্ঠা হোৱাৰ ন–চিন্তাৰ চিকমিকনি দিছে৷ ন–প্রজন্মক উদগনি যোগাইছে কর্মহীনভাৱে সুখ–স্বাচ্ছন্দ্যৰ জীৱন কটোৱাত৷ চাকৰিৰ কালছোৱাত উৎকোচ, উপঢৌকন, অন্যায় পন্থাৰে কোৰোণাৰে ধন ঘটি নিজ সন্তানক প্রয়োজনাধিক সুবিধা প্রদান, ৰাজ্যৰ সম্পদ লুণ্ঠন কৰি ধন ঘটাজনে মদ, জুৱা, ড্রাগছ, সমাজৰ অনিষ্টকাৰী ব্যৱসায়–বাণিজ্যৰে ধন ঘটাজনেও এনেধৰণৰ বাতাৱৰণৰ ভোগবাদী চিন্তাৰে নৈতিকতাহীন এখন সমাজ গঢ়াত মধ্যবিত্ত শ্রেণীৰ অধিকাংশ যুৱক–যুৱতীয়ে বিপথগামী, পথভ্রষ্টমূলক পন্থাক ন–ৰুচিবোধ, প্রমূল্যবোধ, চিন্তা–ধাৰণাৰ দোহাই দি পলায়নবাদৰ আশ্রয় লৈছে৷ অসম ৰাজ্যত মূল্যবোধৰ অৱক্ষয়, অব্যৱহাৰিক শিক্ষা পদ্ধতি, অনুশাসনহীন গৃহ পৰিৱেশ, পাশ্চাত্যৰ অন্ধ অনুকৰণ, ৰাজনৈতিক অস্থিৰতা, প্রশাসনৰ ব্যর্থতা কিম্বা অৱহেলা– আশীৰ দশকৰ পৰাই নিম্নগামী হ’ল৷ যাৰ ফলত ৰাজ্যত নৈৰাজ্যবাদৰ আৰম্ভণি ঘটিল৷ নিবনুৱা সমস্যা, উগ্রপন্থী সমস্যা প্রভৃতিয়ে ভয়াৱহ ৰূপ ল’লে৷ চাকৰিমুখী শিক্ষাই, চাকৰিমুখিতাই অসমৰ সামাজিক জীৱনত অবর্ণনীয় প্রভাৱ পেলালে৷ ৭৫ বছৰীয়া স্বাধীন ভাৰতে ব্রিটিছৰ ওপৰত এতিয়াও যেন নির্ভৰ হৈয়েই থাকিল৷ শিক্ষা, ভাষা, সংস্কৃতি, ৰাজনীতি আনকি চহা গ্রাম্য কর্ম জীৱনৰ ওপৰত বিৰূপ প্রভাৱে দেশক পশ্চাৎমুখী কৰিলে৷ সহজতে ধন ঘটা অজস্র পথে যুৱ সমাজৰ মনত থকা প্রত্যয় আৰু দেশাত্মবোধত আঘাত কৰিলে; চৰকাৰ, সমাজ, অভিভাৱকসকলে ন–প্রজন্মক সঠিক দিশৰ পিনে আগবঢ়াই দিয়াত ব্যর্থ হ’ল৷ পৰনির্ভৰশীল, অনুশাসনহীন আৰু অন্যায়বাদী হোৱাত উদগনি যোগাবলৈ কুণ্ঠাবোধ নকৰা হ’ল৷ কর্মৰ প্রতি ইচ্ছুক নহৈ, শ্রমবিহীনভাৱে অর্থ উপার্জনৰ পথ বিচাৰি জাতিৰ সংস্কৃতি আৰু অর্থনৈতিক দিশত কুপ্রভাৱ পেলাইছে৷ শিক্ষাৰ অব্যৱহাৰিক পদ্ধতিয়ে চাকৰিমুখী কৰি তোলা, কর্মৰ প্রতি আগৰণুৱাসকলক উপযুক্ত মর্যাদা নিদিয়া আদিয়ে সমাজ ব্যৱস্থাৰ প্রতি ভাবুকি হৈ উঠিছে৷ আধুনিকতাৰ নামত নিজক প্রৱঞ্চনা কৰাৰ নিগনি দৌৰ বৃদ্ধি পাইছে৷ গড্ডলিকা প্রবাহত অসমীয়া সমাজ জীৱন বিপর্যস্ত হৈ গৈ আছে৷ বিলাসী শিক্ষাই দুর্নীতিগ্রস্ত সমাজ গঢ়াত অৰিহণা যোগাই আছে৷ চৰকাৰৰ দুর্নীতিবিৰোধী শূন্য সহনশীলতা নীতি নামতহে চলি আছে৷ অসম আৰু অসমীয়াপ্রেমীৰ ভিৰত মুলুকখন ককবকাই আছে৷ সবাৰে ঊর্ধ্বত সংসদীয় ৰাজনীতিৰ নেতিবাচক প্রভাৱ সকলোৰে জ্ঞাত৷ এনে চিন্তাৰ প্রাসংগিকতা নিশ্চয় আছে৷