নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৰুগ্রামত ৰাজ্যিক পর্যায়ৰ টেনিছ খেলুৱৈক গুলীয়াই হ*ত্যা পিতৃৰ

নিউজ ডেস্ক, ১১ জুলাই : গুৰুগ্রামত ৰাজ্যিক পর্যায়ৰ টেনিছ খেলুৱৈ ২৫ বছৰীয়া ৰাধিকা যাদৱক নিজৰ পিতৃয়ে বাসগৃহত গুলীয়াই হ*ত্যা কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ গুৰুগ্রামৰ ছেক্টৰ ৫৭ত অৱস্থিত বাসগৃহৰ প্রথম মহলাত কালি পুৱা প্রায় ১০.৩০ বজাত ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে পিতৃয়ে৷

প্রাৰম্ভিক তথ্য মতে, কন্যা ৰাধিকা যাদৱক পিতৃয়ে একেৰাহে তিনিটা গুলী মাৰে৷ গুলীবিদ্ধ খেলুৱৈ কন্যাগৰাকীক লগে লগে সংকটজনক অৱস্থাত ওচৰৰে ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে চিকিৎসা চলাই থকাৰ মাজতে খেলুৱৈগৰাকীৰ মৃত্যু হয়৷ ছেক্টৰ ৫৭ৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াই প্রকাশ কৰা মতে, হাস্পতালৰ পৰা তেওঁলোকে ২৫ বছৰীয়া মহিলা এগৰাকী মৃত্যু হোৱা বুলি খবৰ লাভ কৰে৷ গুলীৰ আঘাতত মৃত্যু হোৱা বুলি মহিলাগৰাকীৰ খুৰাকক হাস্পতালত লগ পায় যদিও তেওঁ এই ঘটনা সন্দর্ভত একো কোৱা নাছিল৷ পিছলৈ আৰক্ষী ঘটনাস্থলীলৈ গৈ মহিলাগৰাকীৰ পিতৃয়েই গুলীওৱা বুলি জানিব পাৰে৷ কন্যাক গুলীওৱা পিতৃক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি ৰিভলভাৰটো জব্দ কৰিছে৷

উল্লেখ্য যে ৰাধিকা যাদৱ ৰাজ্যিক পর্যায়ৰ টেনিছৰ পৰিচিত নাম৷ তেওঁ কেইবাটাও পদক লাভ কৰিছে৷ এগৰাকী লন টেনিছ খেলুৱৈ হোৱাৰ উপৰি ৰাধিকা যাদৱে এখন টেনিছ একাডেমী চলাই থাকি আন খেলুৱৈক প্রশিক্ষণ দিছিল৷ আৰক্ষীয়ে কন্যাক হত্যা কৰা পিতৃক গ্রেপ্তাৰ কৰি সোধা–পোছা কৰি আছে৷ এতিয়াও হত্যাৰ প্রকৃত কাৰণ জানিব পৰা হোৱা নাই৷

আৰক্ষীয়ে প্রকাশ কৰা মতে, ৰাধিকা যাদৱে গুৰুগ্রামৰ বাসগৃহত পিতৃৰ সৈতে একেলগে বাস কৰিছিল৷ টেনিছ খেলুৱৈগৰাকীৰ পিতৃৰ হাতত নিহত হোৱা খবৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তদুপৰি অঞ্চলটোৰ জনপ্রিয় টেনিছ খেলুৱৈগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে৷ আৰক্ষীৰ তদন্তৰ অন্ততহে এই ঘটনাৰ প্রকৃত কাৰণ পোহৰলৈ আহিব৷

You might also like