নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্মান্তৰকৰণ চক্রৰ মাষ্টাৰমাইণ্ড ছাংগুৰ বাবাৰ ১০০ কোটি টকাৰ সম্পত্তিৰ তথ্য ইডিৰ

🔹 উত্তৰ প্রদেশৰ জালাল উদ্দিন হৈছিল স্বয়ম্ভু ভগৱান ছাংগুৰ বাবা

নিউজ ডেস্ক, ১১ জুলাই : উত্তৰ প্রদেশৰ বলৰামপুৰত ধর্মান্তৰকৰণৰ চক্র চলাই থকা স্বয়ম্ভু ভগৱান ছাংগুৰ বাবাক সন্ত্রাসবিৰোধী স্কোৱাডে গ্রেপ্তাৰ কৰাৰ পিছত স্বয়ম্ভু ভগৱান ছাংগুৰ বাবা সন্দর্ভত বিভিন্ন তথ্য পোহৰলৈ আহি আছে৷

এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে ধর্মান্তৰকৰণ চক্র চলোৱা ছাংগুৰ বাবাই বিভিন্ন উপায়েৰে উপার্জন কৰা ১০০ কোটি টকাৰ সম্পত্তিৰ তথ্য লাভ কৰিছে৷ ইডিয়ে চলোৱা তদন্তত স্বয়ম্ভু ছাংগুৰ বাবাৰ লগতে সহযোগীয়ে বিভিন্ন ধৰণেৰে উপার্জন কৰা ১০০ কোটি টকাৰ সম্পত্তি শীঘ্রেই জব্দ কৰিব৷ জালাল উদ্দিনৰ পৰা স্বয়ম্ভু ভগৱান ছাংগুৰ বাবা ৰূপে পৰিচিত হোৱা ব্যক্তিজনৰ ৪০তকৈ অধিক বেংক একাউণ্ট আছে৷ বলৰামপুৰত ধর্মান্তৰকৰণৰ ৰেকেটৰ মাষ্টাৰমাইণ্ড ছাংগুৰ বাবাৰ অতিকমেও ৬টা একাউণ্ট বিদেশৰ বেংকত আছে৷ বিভিন্ন উপসাগৰীয় দেশৰ পৰা বাবাৰ একাউণ্টলৈ ধনৰ লেনদেনৰ তথ্যও ইডিয়ে লাভ কৰিছে৷ বিদেশৰ পৰা লাভ কৰা ধনেৰে ছাংগুৰ বাবাই উত্তৰ প্রদেশৰ উপৰি মহাৰাষ্ট্রৰ নাগপুৰ আৰু পুনেত ভূমি ক্রয় কৰিছে৷ পুনেত ১৬ কোটি টকাৰ সম্পত্তি আছে ছাংগুৰ বাবাৰ৷

অনুসন্ধানত লাভ কৰা মতে, বিলাসী জীৱন যাপন কৰা ছাংগুৰ বাবাই বিদেশৰ পৰা লাখ লাখ টকাৰ ঘোঁৰা আৰু কুকুৰ ক্রয় কৰি আনে৷ ইডিয়ে চলোৱা অভিযানত এনে বহু গোপনীয় তথ্য ছাংগুৰ বাবাৰ পৰা লাভ কৰিছে৷ ছাংগুৰ বাবাই বলৰামপুৰৰ ছান্দ ঔলীয়া দৰগাহত নিয়মিতভাৱে সমাৱেশ আয়োজন কৰে৷ এই সমাৱেশত দেশৰ লগতে বিদেশী নাগৰিকে অংশগ্রহণ কৰে৷ এই সমাৱেশত ইছলাম ধর্ম প্রচাৰ কৰা হয়৷ ইয়াৰ জৰিয়তে বিভিন্ন প্রলোভনেৰে আন ধর্মৰ ব্যক্তি বিশেষকৈ অনুসূচিত জাতি আৰু আর্থিকভাৱে দুর্বল লোকসকলক ইছলামলৈ ধর্মান্তৰকৰণ কৰে৷ শ্বিৰজা–ই–তৈবা শীর্ষক গ্রন্থ এখন প্রকাশ কৰি ছাংগুৰ বাবাই নিজ ধর্মৰ লগতে আন ধর্মৰ লোকক আকর্ষণ কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ জৰিয়তে ধর্মান্তৰকৰণৰ চক্র এটা চলাই আছিল৷

তাৎপর্যপূর্ণ যে ছাংগুৰ বাবাৰ ধর্মান্তৰকৰণ চক্রই ৰাষ্ট্রীয় নিৰাপত্তাৰ ক্ষেত্রত ভাবুকি কঢ়িয়াইছে বুলিও তদন্তকাৰী সংস্থা ইডিয়ে প্রকাশ কৰিছে৷ ইডিয়ে ছাংগুৰ বাবাৰ বিশাল সাম্রাজ্যৰ নেটৱর্কত সূক্ষ্ম নিৰীক্ষণ চলাই দেশী–বিদেশী সহযোগীক গ্রেপ্তাৰৰ বাবে শীঘ্রেই অভিযান চলোৱাৰ প্রস্তুতি চলাইছে৷

You might also like