নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ জুলাইত নতুন দিল্লীত আন্তর্জাতিক বৌদ্ধ সন্মিলন

🔹 দালাই লামাৰ ৯০সংখ্যক জন্ম শতবার্ষিকী

নিউজ ডেস্ক, ১১ জুলাই : চতুর্দশ দালাই লামাৰ ৯০সংখ্যক জন্মবার্ষিকী উপলক্ষে দেশৰ ৰাজধানী নতুন দিল্লীত অহা ১৩ জুলাইত আন্তর্জাতিক বৌদ্ধ সন্মিলনৰ আয়োজন কৰা হৈছে৷ ইণ্টাৰনেচনেল বুদ্ধিষ্ট কনফেডাৰেচন, চমুকৈ আইবিচিয়ে আয়োজন কৰা দিনজোৰা এই সন্মিলনত বৌদ্ধ পণ্ডিত, গৱেষক, ধর্মীয় নেতা আৰু এই ধর্মৰ অনুশীলনকাৰীয়ে অংশগ্রহণ কৰিব৷

দালাই লামাৰ সৈতে বছৰ বছৰ ধৰি সম্পর্কিত অনুৰাগীয়েও এই সন্মিলনত অংশগ্রহণ কৰিব৷ দালাই লামাৰ জ্ঞান আৰু জীৱন্ত অভিজ্ঞতাৰ মর্মার্থ এই সন্মিলনত অংশগ্রহণকাৰীয়ে লাভ কৰিব৷ সন্মিলনত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰিব প্রখ্যাত পণ্ডিত, দার্শনিক, কেন্দ্রীয় তিব্বত প্রশাসনৰ প্রাক্তন প্রধানমন্ত্রী, অধ্যাপক ছামধং ৰিনপোছে৷ বিশেষ অতিথি হিচাপে থাকিব থাইলেণ্ডৰ ছুপ্রিম সংঘ কাউঞ্চিলৰ জ্যেষ্ঠ সদস্য আৰু থাই বৌদ্ধ ভিক্ষু পি ভি ডি আৰায়াৱাংছু৷ তদুপৰি বিশ্বৰ বিভিন্ন দেশৰ বৌদ্ধ ধর্মৰ পণ্ডিত, গৱেষক, ভিক্ষুৱে এই সন্মিলনত অংশগ্রহণ কৰিব বুলি আয়োজক সমিতিয়ে সদৰী কৰিছে৷ উল্লেখ্য যে ধৰমশালাত দালাই লামাৰ জন্মদিন উদযাপনক লৈ চীন আৰু ভাৰতৰ মাজত বিবৃতি যুদ্ধ চলিছে৷

You might also like