নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বাভিলেখ : লাচিথ মালিংগাৰ ৰেকৰ্ড ভংগ আইৰিচ পেচবলাৰ কেম্পাৰৰ

শেহতীয়াকৈ যি অভিলেখ ৰচিলে সেয়া অভূতপূর্ব৷ ডাবল হেটট্ৰিকৰ কথা বাদেই, সাধাৰণতে এগৰাকী বলাৰে কাচিৎ কেতিয়াবাহে হেটট্ৰিক দখলৰ কৃতিত্ব অর্জন কৰে

বিশ্বাভিলেখ : ২০০৭ চনৰ এদিনীয়া বিশ্বকাপ৷ গুয়ানাত দক্ষিণ আফ্রিকা বনাম শ্রীলংকাৰ মেচ৷ এই মেচখনতে ক্রিকেট বিশ্বক চমকিত কৰি তোলা এক বিশেষ কাম কৰিছিল লাচিথ মালিংগাই৷ ক্রমাগত চাৰিটা বলত চাৰিটা উইকেট দখল কৰি তেওঁ ৰচিছিল ডাবল হেটট্ৰিকইতিহাস৷ অৱশ্যে ইয়াৰ পিছতো তেওঁ ২০১৯ চনত নিউজিলেণ্ডৰ বিপক্ষে এনে কৃতিত্ব অর্জন কৰে৷ মালিংগাৰ লগতে পিছে কেইগৰাকীমান বলাৰো পিছত আন্তঃৰাষ্ট্রীয় ক্রিকেটত এনে কৃতিত্বৰ অধিকাৰী হয়৷

আয়াৰলেণ্ডৰ পেচাৰ কার্টিছ কেম্পাৰৰো নাম আছে এই তালিকাত৷ পিছে এই আইৰিচ তাৰকাগৰাকীয়ে শেহতীয়াকৈ যি অভিলেখ ৰচিলে সেয়া অভূতপূর্ব৷ ডাবল হেটট্ৰিকৰ কথা বাদেই, সাধাৰণতে এগৰাকী বলাৰে কাচিৎ কেতিয়াবাহে হেটট্ৰিক দখলৰ কৃতিত্ব অর্জন কৰে৷

তেনে পৰিস্থিতিত ক্রমাগত পাঁচ বলত পাঁচ উইকেট দখল একপ্রকাৰে অভাৱনীয় কথা৷ কিন্তু অভাৱনীয় কথাটিকে ২২ গজত সম্ভৱ কৰি তুলিলে কেম্পাৰে৷

আন্তঃৰাষ্ট্রীয় ক্রিকেটত নহ’লেও সম্পূর্ণ পেছাদাৰী ক্রিকেটত এই অভিলেখ ৰচে আইৰিচ পেচাৰগৰাকীয়ে৷ আইৰিচ টি–২০ প্রতিযোগিতাত নর্থ–ৱেষ্ট ৱাৰিয়র্ছৰ বিৰুদ্ধে মুনষ্টাৰ ৰেডছ দলৰ হৈ এই কৃতিত্ব অর্জন কৰে কার্টিছ কেম্পাৰে৷ নিজ স্পেলত কেম্পাৰে ২.৩ অভাৰ বলিং কৰি ১৬ ৰানৰ বিনিময়ত ৫টা উইকেট দখল কৰে৷ স্পেলৰ দ্বিতীয় অভাৰৰ অন্তিম দুটা বলত কেম্পাৰে দুটা উইকেট দখল কৰিছিল৷ ইয়াৰ পিছত তৃতীয় অভাৰৰ প্রথম বলত তেওঁ হেটট্ৰিক দখলৰ সুযোগ পায়৷

কেম্পাৰে পিছে কেৱল এই সুযোগ কার্যকৰী কৰাই নহয়, পৰৱর্তী বলকেইটাতো উইকেট দখল কৰে৷ এনে অভিনৱ প্রদর্শনেৰে এতিয়া সমগ্র ক্রিকেট বিশ্বত আলোচিত হৈছে কার্টিছ কেম্পাৰৰ নাম৷

Niyomiya Barta Desk, 12 July, 2025

You might also like