🔹 ধ্রুৱ মহন্ত
লেণ্ড জেহাদ !
বিগত এটা শতিকাজুৰি অসমত চলাই অহা হৈছে লেণ্ড জেহাদ বা ভূমি জেহাদ৷ একাংশ প্রব্রজনকাৰী তথা অনুপ্রৱেশকাৰীয়ে বিগত এটা শতিকাজুৰি অসমত চলাই আহিছে অবাধ বেদখল৷ ৰাজ্যৰ য’তে মুকলি হৈ থকা চৰকাৰী ভূমি, বনাঞ্চল, জনজাতীয় বেল্ট–ব্লক আদি দেখা পাইছে, তাতে এইসকলে চলাইছে অবাধ বেদখল৷ কিন্তু প্রশাসনে বেদখল উচ্ছেদ কৰিবলৈ পদক্ষেপ লোৱাৰ সময়তে আৰম্ভ কৰা হৈছে ব্যাপক হায়ৈ–বিয়ৈ৷ একাংশ ৰাজনৈতিক নেতাৰ লগতে এচাম তথাকথিত বুদ্ধিজীৱীয়েও বেদখলকাৰীৰ সমর্থনত আৰম্ভ কৰিছে তীব্র হৈ–চৈ৷
প্রশ্ণ হৈছে– বেদখল এক সাংবিধানিক অধিকাৰ নেকি? আমাৰ মন গ’লেই আমি চৰকাৰী ভূমি, বনাঞ্চল আদিত বেদখল চলাব পাৰো নেকি? শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্রান্তত চলোৱা বেদখল উচ্ছেদ অভিযানক লৈ একাংশই সৃষ্টি কৰা বিতর্কৰ পটভূমিত এই প্রশ্ণ উত্থাপন হৈছে৷ উচ্ছেদ প্রসংগত একাংশ ‘বর্ণসংকৰ বুদ্ধিজীৱী’য়ে উত্থাপন কৰা প্রশ্ণসমূহ হৈছে– উচ্ছেদিত লোকসকল যদি বাংলাদেশী নাগৰিক, তেন্তে তেওঁলোকক বাংলাদেশলৈ খেদি পঠাওক৷ কিন্তু যদি ভাৰতীয় নাগৰিক তেন্তে তেওঁলোকক কিয় উচ্ছেদ কৰিব? প্রশ্ণ হৈছে- বেদখল নাগৰিকৰ সাংবিধানিক অধিকাৰ নেকি? ভাৰতীয় নাগৰিক হ’লেই য’তে–ত’তে বেদখলৰ অধিকাৰ পায় নেকি?
বান-খহনীয়াৰ অজুহাতত সুপৰিকল্পিত আগ্রাসন
বিগত সময়ছোৱাত অসমৰ বিভিন্ন জিলাত হোৱা ব্যাপক বেদখলে সামগ্রিকভাৱে ৰাজ্যখনৰ বিভিন্ন প্রান্তত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বিশেষকৈ গ্রেজিং লেণ্ডকে ধৰি চৰকাৰী ভূমি, বনাঞ্চল, ট্ৰাইবেল বেল্ট–ব্লক আদিত হোৱা এনে অবাধ বেদখলে সমগ্র ৰাজ্যখনতে প্রচণ্ড সামাজিক অস্থিৰতাৰো সৃষ্টি কৰিছে৷ এনে প্রেক্ষাপটত বিভিন্ন পক্ষই দীর্ঘকালজুৰি বেদখল উচ্ছেদৰ দাবী উত্থাপন কৰি আহিছে৷ এইক্ষেত্রত বেদখলৰ সমর্থনত ‘বর্ণসংকৰ বুদ্ধিজীৱী’চামে আগবঢ়োৱা আন এক যুক্তি হৈছে– চৰকাৰী ভূমি বেদখল কৰা এই লোকসকল বৰপেটা, ধুবুৰী, গোৱালপাৰা, নগাঁও আদি জিলাৰ বান–গৰাখহনীয়াত সর্বস্বান্ত হোৱা লোক৷ বান–খহনীয়াত সর্বস্ব হেৰুৱাই তেওঁলোকে এনেদৰে চৰকাৰী ভূমি বেদখল কৰিবলৈ বাধ্য হৈছে৷ কিন্তু বান–খহনীয়াত সদায় এক বিশেষ ধর্মৰ এচাম লোকহে ক্ষতিগ্রস্ত হয় নেকি? তদুপৰি তেওঁলোক যদি বান–খহনীয়াত সর্বস্বান্ত হোৱা লোক হয়ো, তেন্তে তেওঁলোকে নিজৰ জিলাত পুনৰ সংস্থাপিত হোৱাৰ চেষ্টা নকৰি আন জিলালৈ ব্যাপক হাৰত প্রব্রজন কৰাৰ আঁৰৰ উদ্দেশ্য কি? আমি জানো যে অসমৰ ধেমাজি, মাজুলী আৰু লখিমপুৰেই বান–খহনীয়াত সর্বাধিক ক্ষতিগ্রস্ত হোৱা জিলা৷ কিন্তু ধেমাজি–মাজুুলী–লখিমপুৰৰ বান ক্ষতিগ্রস্তই ব্যাপক হাৰত প্রব্রজন কৰি আন জিলাৰ চৰকাৰী ভূমি অবাধ বেদখল কৰাৰ কোনো নজিৰ নাই৷
কাছাৰ, বৰপেটা, মানকাচৰৰ পৰা গৈ লখিমপুৰত বেদখল
শেহতীয়াকৈ লখিমপুৰত হোৱা উচ্ছেদ অভিযানত উচ্ছেদিত লোকসকলে দক্ষিণ শালমাৰা–মানকাচৰ, বৰপেটা, কাছাৰ, নগাঁও আদি জিলাৰ পৰা গৈ লখিমপুৰত চৰকাৰী ভূমি বেদখল কৰাৰ তথ্য প্রকাশ পাইছে৷ এনে বেদখলক যুক্তিযুক্ততা প্রদান কৰিবলৈ গ’লে অসমত খিলঞ্জীয়া মানুহ বর্তি থকাই কার্যতঃ অসম্ভৱ হৈ পৰিব৷ কাছাৰ–বৰপেটা–মানকাচৰৰ পৰা গৈ এনে ব্যাপক বেদখল চলোৱা কার্যই ভাছানী–ছাদুল্লাৰ মন্ত্রেৰে দীক্ষিত এইচাম বেদখলকাৰীৰ চৰম আগ্রাসী চৰিত্রকে প্রতিপন্ন কৰা নাইনে? এনে আগ্রাসনক সংগঠিতভাৱে ৰোধ কৰিব নোৱাৰিলে কিছু বছৰ পাছত হ’লেও মুছলিম লীগৰ অসম দখলৰ সপোন বাস্তৱায়িত হোৱাটো ৰোধ কৰা নিশ্চিতভাৱে অসম্ভৱ হৈ নপৰিবনে?
অসমকেশৰীৰ সকীয়নিক উপেক্ষাৰ বিষম পৰিণতি
একাংশ প্রব্রজনকাৰীয়ে অসমত পৰিকল্পিতভাৱে চলোৱা এনে বেদখলৰ বিৰুদ্ধে দেশৰ স্বাধীনতাৰ সময়তে সংগঠিতভাৱে প্রতিবাদ সাব্যস্ত কৰা প্রথমজন ব্যক্তি হৈছে অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী৷ মুছলিম লীগৰ ‘প্রত্যক্ষ সংগ্রাম’ৰ বিৰুদ্ধে ৰায়চৌধুৰীয়ে ‘অসম আত্মৰক্ষী বাহিনী’ গঠন কৰি খিলঞ্জীয়া ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে অহোপুৰুষার্থ কৰিছিল৷ এই সন্দর্ভত ১৯৪৬ চনৰ ১৫ জুনত ‘অসম আত্মৰক্ষী বাহিনী গঠন’ শীর্ষক এক লেখাত অসমকেশৰীয়ে কৈছিল– ‘আইন অমান্য কৰি ৰিজার্ভ আৰু পট্টাৰ মাটিবোৰ বলেৰে দখল কৰা নতুন বাহিৰৰ লোকসকলক উচ্ছেদৰ বাবে অসম গৱর্নমেণ্টে গ্রহণ কৰা নীতিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি মুছলিম লীগৰ গুণ্ডা দলে আমাৰ শান্তিপূর্ণ অসমকো অৰাজক ৰক্তপাতেৰে এখন অশান্তিপূর্ণ নৰকত পৰিণত কৰিবলৈকে উদ্যোগ কৰাৰ কাম প্রত্যক্ষ দেখা গৈছে৷ এই উদ্দেশ্যে মুছলিম লীগে বাহিৰৰ পৰা নিতৌ শই শই নতুন নতুন গুণ্ডা প্রকৃতিৰ লোক আমদানি কৰি অসমৰ গাঁৱে–ভূঞে সুমুুৱাই দিছে৷ এই গুণ্ডা দলে প্রবলভাৱে সংঘবদ্ধ হৈ অসমীয়া ৰাইজক আৰু অসম গৱর্নমেণ্টক কাম–কাজ আৰু মতি–গতিৰে দেখুৱাই কৈ দিছে, আমি বেআইনীকৈ দখল কৰা ৰিজার্ভ আৰু পট্টাৰ মাটিবোৰ কেতিয়াও এৰি নিদিওঁ৷ অসম চৰকাৰ আৰু অসমীয়া ৰাইজে যুটীয়াভাৱে উঠাবলৈকে চেষ্টা কৰিলেও আমি ‘প্রত্যক্ষ সংগ্রাম’ চলাই গাৰ বলেৰে সেই মাটি দখল কৰি থাকিম৷ …আহক! আমি আমাৰ সকলো দুর্বলতা এৰি আত্মৰক্ষী বাহিনী গঠন কৰি বজ্রৰ দৰে প্রচণ্ড শক্তিৰে আমাৰ পৈতৃক ঘৰ–বাৰী আমি মুছলিম লীগৰ আক্রমণৰ পৰা ৰক্ষা কৰোঁ৷’
পূর্ববংগৰ পৰা অহা বেদখলকাৰীয়ে অসমত ব্যাপক নৈৰাজ্যৰ সৃষ্টি কৰি আজিৰ পৰা আঠটা দশক পূর্বেই অসমৰ মহিলা সমাজক আক্রমণৰ লক্ষ্য কৰি লোৱা পৰিস্থিতিৰ বর্ণনা কৰি ‘অসমত অৰাজকতা’ শীর্ষক এক লেখাত অম্বিকাগিৰীয়ে লিখিছিল– ‘আজি কিছুমান বছৰৰ পৰা বংগ দেশৰ মৈমনসিং আদি জিলাৰ পৰা নিচেই নীচ শ্রেণীৰ যি লাখ লাখ মানুহ আহি গোৱালপাৰা, কামৰূপ, দৰং, নগাঁও জিলাত বসতি পাতি লৈছে, স্থানীয় অসমীয়া মানুহ বিশেষকৈ অবলা তিৰোতাবিলাকৰ ওপৰত সিহঁতৰ নানাৰূপে অত্যাচাৰৰ কথা আমি অসংখ্য শুনিব ধৰিছোঁ৷ যি ঠাইতেই এই নীচ প্রকৃতিৰ মানুহবিলাক বহিছে, সেই ঠাইতে কোনো অসমীয়া তিৰোতা অকলে, এনেকি দুই–চাৰিজন গ’লেও ইগাঁও–সিগাঁও কৰিব নোৱাৰে, ঘাট–পথাৰলৈ অহা–যোৱা কৰিব নোৱাৰে৷ এনে তিৰোতা দেখা পালেই এই নৰপশুবোৰে অবলা জাতিক নানাৰকমে উৎপীড়িত কৰি জাতি–ধর্ম নষ্ট কৰি সিহঁতৰ পশু প্রবৃত্তি চৰিতার্থ কৰে৷ … কিন্তু তথাপি অসমীয়াৰ চেতনা নাই৷’ (চেতনা, পুহ, ৫ম সংখ্যা, ১ম ভাগ)
উচ্ছেদ অভিযানৰ নেতৃত্ব দিছিল বৰদলৈ–মেধিয়ে
দেশৰ স্বাধীনতাৰ পূর্বৰ পৰাই এচাম প্রব্রজনকাৰীয়ে অসমৰ পতিত মাটিত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ অপচেষ্টা চলাই অহাৰ লগতে কার্যতঃ অসম দখলেৰে ভয়ানক ষড়যন্ত্র চলাই আহিছে৷ এইচাম প্রব্রজনকাৰীৰ অসম দখল অভিযানৰ বিৰুদ্ধে স্বাধীনতাৰ প্রাকক্ষণতে মুখ্যমন্ত্রী গোপীনাথ বৰদলৈ আৰু ৰাজহ মন্ত্রী বিষ্ণুৰাম মেধিৰ নেতৃত্বত অসম চৰকাৰে দৃঢ় পদক্ষেপ গ্রহণ কৰিছিল৷ স্বাধীনতাৰ পৰৱর্তী সময়তো বৰদলৈ–মেধিৰ চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে বৃহৎ অভিযান চলাই হাজাৰ হাজাৰ বেদখলকাৰীক উচ্ছেদ কৰি অসমৰ পৰা খেদি পঠাইছিল৷ ১৯৪৬ চনত বৰদলৈ–মেধিৰ চৰকাৰে বৰপেটাৰ গোবিন্দপুৰ ৰিজার্ভ, তেজপুৰৰ কুমলীয়া গ্রেজিং, নগাঁও, গোৱালপাৰা আদি জিলাত ব্যাপক উচ্ছেদ অভিযান চলাইছিল৷ উল্লেখ্য যে সেই সময়ত মুছলিম লীগৰ নেতৃত্বত অসমলৈ লাখ লাখ পূর্ববংগীয় মুছলমানৰ প্রব্রজন ঘটাই হাজাৰ হাজাৰ বিঘা পতিত মাটি বেদখল কৰা হৈছিল৷ অসমক পাকিস্তানৰ অন্তর্ভুক্ত কৰাৰ ষড়যন্ত্রৰে চৈয়দ ছাদুল্লা, মৌলানা ভাছানীৰ নেতৃত্বত মুছলিম লীগে এই ‘অসম দখল অভিযান’ চলাইছিল৷ আনকি বৰদলৈ–মেধি চৰকাৰে উচ্ছেদ অভিযান চলাবলৈ যোৱাৰ সময়ত এই বেদখলকাৰীসকলে আৰক্ষী তথা প্রশাসনৰ লোকৰ ওপৰত যাঠী–জোং লৈ ভয়ংকৰ আক্রমণো কৰিছিল৷ এনে পৰিস্থিতিত আৰক্ষী তথা অভিযানকাৰী দলে আক্রমণকাৰীক বাধা দিবলৈ বাধ্য হৈ গুলীচালনাও কৰিবলগীয়া হৈছিল আৰু বৰপেটা, তেজপুৰ আদি বিভিন্ন ঠাইত আৰক্ষীৰ গুলীত ১৬জন লোক নিহত হোৱাৰ লগতে আন বহুকেইজন আহত হৈছিল৷ এনে ক্ষেত্রত স্বাভাৱিকতেই মুছলিম লীগৰ ষড়যন্ত্রৰ অংশীদাৰ এই বেদখলকাৰীসকলে গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিক চৰম শত্রু ৰূপে চিহ্ণিত কৰিছিল৷
মৌলানা ভাছানীৰ নেতৃত্বত লীগপন্থীসকলে অসমৰ বিভিন্ন ঠাইত আৰক্ষীৰ ওপৰত আক্রমণৰ ঘটনা সংঘটিত কৰাৰ লগতে আনকি অসমক পাকিস্তানৰ অন্তর্ভুক্তিৰ ষড়যন্ত্রৰে ‘ডাইৰেক্ট একচন’ কার্যসূচীও গ্রহণ কৰিছিল৷ অসমৰ জাতীয় জীৱনক থানবান কৰিবলৈ হাতত অস্ত্র–শস্ত্র লৈ এই লীগপন্থী প্রব্রজনকাৰীসকল সর্বশক্তিৰে জঁপিয়াই পৰিছিল৷ কিন্তু ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ স্বার্থত বেদখলকাৰীৰ বিৰুদ্ধে বৰদলৈ–মেধিয়ে কঠোৰতম স্থিতি গ্রহণ কৰিছিল৷ ‘Tension generated in the reserve areas on 21 March, 1946 and a police petrol party, provoked by some immigrants, fired a few warning shots to disperse them. But this only infuriated the immigrants who, about 5000 in number, attacked the police camp in retaliation. And as a result, police again opened fire which killed 12 persons. (Political history of Assam, V-III)
বেদখলকাৰীয়ে মেধিক দেখুৱাইছিল ক’লা পতাকা
পৰৱর্তী সময়ত ১৯৪৬ চনৰ ১৫ আৰু ১৬ মে’ত তেজপুৰৰ কুমলীয়া প্রফেচনেল গ্রেজিঙত বৃহৎ অভিযান চলাই প্রশাসনে ২২৯টা বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰে৷ লীগপন্থীৰ ভাবুকি–প্রত্যাহ্বানৰ মাজতো চলা উচ্ছেদ অভিযানৰ সময়ত আৰক্ষী আৰু বেদখলকাৰীৰ মাজত হোৱা সংঘর্ষত তিনিজন বেদখলকাৰী নিহত আৰু ছজন আহত হয়৷ দেশ–জাতিৰ জটিল সন্ধিক্ষণত লোৱা এনে দৃঢ়–অটল ভূমিকাৰ বাবেই ১৯৪৭ চনৰ ২০ এপ্রিলত মুছলিম লীগৰ এদল দুষ্কৃতিকাৰীয়ে নগাঁও আৱর্ত ভৱনত বিত্ত–ৰাজহ মন্ত্রী বিষ্ণুৰাম মেধিক ক’লা পতাকা প্রদর্শন কৰে৷ লীগপন্থীসকলে ইমানতে ক্ষান্ত নাথাকি অসমক পাকিস্তানৰ অন্তর্ভুক্ত কৰিবলৈ সর্বশক্তিৰে জঁপিয়াই পৰিছিল৷ ১৯৪৭ চনৰ ২৩ মার্চত মুছলিম লীগে পালন কৰা ‘পাকিস্তান দিৱস’ৰ দিনা অসমৰ নগাঁও, গোৱালপাৰা, বৰপেটা আদিত বৃহৎসংখ্যক পাকিস্তান সমর্থকে ‘লড়কে লেংগে পাকিস্তান’, ‘চলো চলো জেলে চলো, পাকিস্তান কায়েম কৰো’ আদি শ্লোগান দি শোভাযাত্রা উলিয়াইছিল৷ অৱশ্যে লোকপ্রিয় বৰদলৈ আৰু বিষ্ণুৰাম মেধিৰ সবল নেতৃত্বই মৌলানা ভাছানী, ছাদুল্লাহঁতৰ এনে ষড়যন্ত্রক কলিতে মষিমূৰ কৰি অসম আৰু অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰিবলৈ সমর্থ হৈছিল৷