🔹 অভিনেত্রী, বিজেপি সাংসদ কংগনা ৰাণাৱটৰ বিস্ফোৰণ
নিউজ ডেস্ক, ১৩ জুলাই : সাংসদ হোৱাৰ এবছৰতেই ৰাজনীতিৰ প্রতি মোহভংগ হ’ল বলীউডৰ অভিনেত্রী বিজেপি সাংসদ কংগনা ৰাণাৱটৰ৷ হিমাচল প্রদেশৰ মান্দীৰ সাংসদ কংগনা ৰাণাৱটে এক সাক্ষাৎকাৰত ৰাজনীতিলৈ অহাৰ পিছত তেওঁলৈ অহা অসুবিধা সন্দর্ভত বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷
এক সাক্ষাৎকাৰত ৰাণাৱটে কয়– মই একেবাৰেই আশা কৰা নাছিলোঁ এই কামটো ইমান কঠিন হ’ব বুলি৷ যেতিয়া মোৰ ওচৰলৈ সাংসদ হোৱাৰ প্রস্তাৱ আহিছিল তেতিয়া মোক কোৱা হৈছিল যে বছৰত মাত্র ৬০–৭০ দিন কাম কৰিলেই হ’ব৷ তাৰ পিছত বাকীখিনি নিজৰ কাম কৰিব পাৰিব৷ আমি তাকেই ভাবি লৈ ৰাজনীতিত প্রৱেশ কৰিছিলোঁ৷ কিন্তু পৰিস্থিতি বেলেগ হৈ গৈছে৷ যিটো মই কল্পনা কৰা নাছিলোঁ৷ মান্দীৰ সাংসদ হিচাপে পথ উন্নয়নৰ কাম–কাজত কি ধৰণে নানান সমস্যাৰ সন্মুখীন হৈছে তাকো স্পষ্টকৈ উল্লেখ কৰিছে ৰাণাৱটে৷
সাংসদগৰাকীয়ে পুনৰ কয়– শ শ মানুহে যেতিয়া পথকে ধৰি বিভিন্ন সমস্যা সন্দর্ভত ওচৰলৈ আহে তেতিয়া মই অসহায় বোধ কৰো৷ কিয়নো সমস্যাৰ সমাধান মোৰ হাতত নাই৷ ৰাজ্য আৰু কেন্দ্রৰ সংযোগ স্থাপনকাৰী মাধ্যম হিচাপেহে মই কাম কৰিব পাৰোঁ৷ গতিকে জনতাৰ সমস্যাৰ সমাধান কৰি দিব নোৱাৰোঁ৷ কিয়নো সকলো সমস্যাৰ সমাধান মোৰ হাতত নাথাকে৷
মন কৰিবলগীয়া যে সাংসদ হোৱাৰ পাছত অভিনেত্রীগৰাকীয়ে মাত্র এখন ছবিহে মুক্তি দিবলৈ সক্ষম হৈছে৷ ইমার্জেন্সী নামৰ ছবিখন বিগত বর্ষৰ জুলাইৰ আগতেই কাম–কাজ শেষ হোৱাৰ বাবেহে মুক্তি দিব পৰা গৈছিল৷ সাংসদগৰাকীৰ এই বিস্ফোৰক মন্তব্যৰ পাছত হিমাচল প্রদেশৰ উদ্যান মন্ত্রী জগৎসিং নেগীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে কংগনা ৰাণাৱটে যদি তেওঁৰ সাংসদ পদটোক লৈ ইমানেই অসুখী হৈছে তেতিয়াহ’লে তেওঁ শীঘ্রেই পদত্যাগ কৰিব লাগে৷