১৮ দিন মহাকাশত কটাই ওভতনি যাত্রা প্রথম ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লাৰ
🔹 ১৪ জুলাইত আইএছএছৰ পৰা বিচ্ছিন্ন হৈ ১৫ জুলাইত পৃথিৱীত শুক্লা
নিউজ ডেস্ক, ১৩ জুলাই : ইতিহাস ৰচি প্রথম ভাৰতীয় মহাকাশচাৰী হিচাপে গ্রুপ কেপ্টেইন সুভাংশু শুক্লাই আন্তর্জাতিক মহাকাশ কেন্দ্র, চমুকৈ আইএছএছত ১৮ দিন কটাই ১৪ জুলাইত পৃথিৱীলৈ ওভতনি যাত্রা আৰম্ভ কৰিব৷
নাছাই প্রকাশ কৰা মতে, ১৪ জুলাইৰ বিয়লি ৪.৩৫ বজাত আইএছএছৰ পৰা শুক্লাসহ চাৰি মহাকাশচাৰীক লৈ ড্রেগন মহাকাশ যান বিচ্ছিন্ন হ’ব৷ ইয়াৰ পিছত ১৭ ঘণ্টাৰ মূৰকত ১৫ জুলাইৰ বিয়লি ৩ বজাত কেলিফ’র্নিয়াৰ উপকূলত ড্রেগন মহাকাশযান নামিব৷ ড্রেগন মহাকাশযান কেলিফ’র্নিয়াৰ উপকূলত নমাৰ পাছতে শুক্লাসহ ৪ মহাকাশচাৰীক পুনৰ সংস্থাপন কেন্দ্রলৈ লৈ যাব আৰু তাতেই ৭ দিন মহাকাশচাৰীক ৰাখিব৷
নাছাই প্রকাশ কৰা মতে, এএক্স–৪ অভিযানত ড্রেগন কেপছুলেৰে ভাৰতীয় মহাকাশচাৰী গ্রুপ কেপ্টেইন সুভাংশু শুক্লা, নাছাৰ বিশেষজ্ঞ, কমাণ্ডাৰ পেগী হুটছন, পোলেণ্ড শ্লাভোজ উজনানছকী–উইছনিউস্কী আৰু হাংগেৰীৰ টাইবৰ কাপুৱে আইএছএছত থাকি বিভিন্ন গৱেষণা অধ্যয়ন চলোৱাৰ পিছত ১৪ জুলাইত পৃথিৱীলৈ উভতি আহিব৷ কেইবাবাৰো এএক্স–৪ অভিযান স্থগিত ৰখাৰ পিছত যোৱা ২৬ জুনত এই অভিযানেৰে ড্রেগন কেপছুল আইএছএছলৈ গৈ আইএছএছৰ সৈতে সংযুক্ত হৈছিল৷ ইছৰোৱে প্রথমবাৰৰ বাবে ব্যক্তিগত অভিযানৰ জৰিয়তে মহাকাশলৈ গ্রুপ কেপ্টেইন শুক্লাক প্রেৰণৰ বাবে ৫৫০ কোটি টকা বিনিয়োগ কৰিছিল৷ নাছা, এএক্স স্পেচ, স্পেচ এক্স আৰু ইছৰোৰ যৌথ অভিযানযোগে আইএছএছলৈ গৈ ইতিহাস ৰচা মহাকাশচাৰী গ্রুপ কেপ্টেইন শুক্লা নিৰাপদে পৃথিৱীলৈ উভতি অহালৈ দেশবাসীয়ে উৎকণ্ঠাৰে বাট চাই আছে৷
উল্লেখ্য যে আইএছএছলৈ মহাকাশচাৰী পঠিয়াই ইছৰোৱে মহাকাশলৈ মানৱ প্রেৰণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অভিজ্ঞতা অর্জন কৰিব৷