নলবাৰীৰ খেতিপথাৰত ছিঁৰাল ফাট, নাই পানী : ব্যৰ্থ জলসিঞ্চন বিভাগ
দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাত কৃষি পথাৰ সমূহ শুকাই যোৱা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ আন আন জিলাৰ লেখিয়া নলবাৰী জিলাটো কৃষি পথাৰ সমুহ ছিৰাল ফাট মেলিছে। জিলাখনৰ ঘগ্ৰাপাৰ, পূবনলবাৰী, ধমধমা, বৰভাগ, বালিতাৰা, চামতা, মুকালমুৱা, বেলশৰ, বাঁহজানী আদি অঞ্চলৰ কৃষি পথাৰ সমুহ পানীৰ অভাৱত জ্বলি-পুৰি যোৱা দেখা গৈছে।
একাংশ কৃষকে ভুই ৰোপণ কৰিছিল যদিও ভুইবোৰ শুকাই মৰহি যোৱাৰ উপক্ৰম হৈছে। ঠায়ে ঠায়ে কঠিয়া সমুজ ৰঙা পৰি যাব ধৰিছে। বহু কৃষকে বহু টকা খৰছ কৰি ট্ৰেক্টৰৰে মাটি চহাইছিল যদিও মাটিবোৰ শুকাই যাব ধৰাত কৃষক সকল চিন্তিত হৈ পৰিছে। মূৰে-কপালে হাত দিছে এইসকল সাধাৰণ কৃষক ৰাইজে। পৰিয়াল পোহপাল কেনেদৰে দিব তাক লৈ হতাশাত ভুগিছে কৃষক সকলে।
ইপিনে কৃষি পথাৰ সমুহত পানী যোগান ধৰিব পৰা নাই জলসিঞ্চন বিভাগ। ঠায়ে ঠায়ে কৃষি পথাৰত জলসিঞ্চন আঁচনি আছে যদিও কোনো কামত অহা নাই। এই আঁচনি সমুহ আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল সদৃশ হৈছে। বহু আঁচনি বিকল হৈ পৰি আছে। নলবাৰী জলসিঞ্চন বিভাগৰ ব্যৰ্থতাত কৃষক ৰাইজ ক্ষুব্ধ হৈ পৰিছে।
কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলে অফিচৰ কোঠাত বহি চৰকাৰী দৰমহা লৈ আছে বুলি ৰাইজে অভিযোগ কৰিছে। শীঘ্ৰে এইসকল বিষয়া-কৰ্মচাৰীৰ ওপৰত উচিত ব্যৱস্থা লবলৈ ৰাইজে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে।
নিয়মীয়া বাৰ্তা, নলবাৰী, 14 July, 2025