নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SBI PO নিযুক্তি : সোনকাল কৰক! ৫৪১টা পদৰ আবেদনৰ আজিয়ে অন্তিম দিন

ষ্টেট বেংক অৱ ইণ্ডিয়াই (SBI) শীঘ্ৰে প্ৰবেচনকালীন বিষয়া (PO) নিযুক্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া বন্ধ কৰিব। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে SBI-ৰ PO নিযুক্তি ২০২৫ৰ বাবে sbi.co.in ৱেবচাইটত অনলাইন আবেদন আগবঢ়াব পাৰে। আবেদন কৰাৰ অন্তিম তাৰিখ ১৪ জুলাই, ২০২৫।

এই নিযুক্তি প্ৰক্ৰিয়াৰ মাধ্যমেৰে বিভিন্ন শাখাত ৫৪১ টা PO পদ পূৰণ কৰা হ’ব।

গুৰুত্বপূর্ণ তাৰিখ

  • আবেদনৰ অন্তিম তাৰিখ : ১৪ জুলাই, ২০২৫
  • অনলাইন ফীজ জমা দিবৰ অন্তিম তাৰিখ : ১৪ জুলাই, ২০২৫
  • আবেদন প্ৰিন্ট কৰাৰ অন্তিম তাৰিখ : ২৯ জুলাই, ২০২৫
  • SBI PO প্ৰিলিম্ছ এডমিট কাৰ্ড : জুলাইৰ ৩য়/৪র্থ সপ্তাহ
  • SBI PO প্ৰিলিলছ পৰীক্ষা : জুলাই–আগষ্ট
  • SBI PO মেইনছ এডমিট কাৰ্ড : আগষ্ট–ছেপ্টেম্বৰ
  • SBI PO মেইনছ পৰীক্ষা : ছেপ্টেম্বৰ

আবেদন মাচুল

  • সাধাৰণ/ EWS/ OBC প্ৰাৰ্থী : ৭৫০ টকা
  • SC/ ST/ PWD প্ৰাৰ্থী : সম্পূৰ্ণ ফ্ৰী

উল্লেখ্য যে এবাৰ পেমেন্ট কৰিলে, কোনো পৰিস্থিতিত মাচুল উভতাই দিয়া নহ’ব।

বয়সৰ সীমা

  • সৰ্বনিম্ন বয়স : ২১ বছৰ
  • সৰ্বাধিক বয়স : ৩০ বছৰ
  • সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ৰেহাই প্ৰযোজ্য

নিৰ্বাচন প্ৰক্ৰিয়া

  1. প্ৰাৰম্ভিক (Preliminary) পৰীক্ষা
  2. মুখ্য (Main) পৰীক্ষা
  3. মানসিক (Psychometric) পৰীক্ষা
  4. গোট আলোচনাৰ (GD) সৈতে সাক্ষাৎকাৰ

আবেদন কেনেদৰে কৰিব

  • কেৱল অনলাইন আবেদন গ্ৰহণ কৰা হ’ব (অন্য কোনো মাধ্যম গ্ৰহণ কৰা নহ’ব)।
  • আবেদন কৰিবলৈ প্ৰাৰ্থীজনে বৈধ ইমেইল আই.ডি. আৰু মোবাইল নম্বৰ ৰাখিব লাগিব, যি ফলাফল ঘোষণা নোহোৱা পৰ্যন্ত সক্ৰিয় থাকিব লাগিব।
  • বেংকৰ পৰা ইমেইল/ SMS-ৰ জৰিয়তে যিকোনো মেচেজ বা কল লেটাৰ পোৱাৰ বাবে এই তথ্যবোৰ আবশ্যক।

উল্লেখ্য যে বিস্তাৰিত তথ্য, আবেদন ফর্ম, পৰীক্ষাৰ তাৰিখ আৰু আবেদন প্ৰক্ৰিয়া সম্পৰ্কে জানিবলৈ অনুগ্ৰহ কৰি SBI-ৰ ৱেবচাইট sbi.co.in ভিজিট কৰক।

You might also like