🔹 অনুপ্রৱেশকাৰী প্রসংগত প্রধানমন্ত্রী মোদীৰ হুংকাৰ
নিউজ ডেস্ক, ১৯ জুলাই : ২০২৬ চনৰ বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখিয়েই পশ্চিমবংগৰ দুর্গাপুৰত বিজেপি কর্মীৰ এক বিশাল সমাৱেশত অংশগ্রহণ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ পশ্চিমবংগ দখল কৰাৰ লক্ষ্যৰে দুর্গাপুৰত কেইবাহাজাৰ কোটিটকীয়া প্রকল্পৰ শুভ উদ্বোধন কৰি মোদীয়ে ৰাজ্যখনৰ শাসকীয় তৃণমূল কংগ্রেছ আৰু মুখ্যমন্ত্রী মমতা বেনার্জীক আক্রমণৰ লক্ষ্য কৰি লয়৷
প্রধানমন্ত্রী মোদীয়ে মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছক আক্রমণৰ লক্ষ্য কৰি লৈ দলটোৱে ৰাজ্যখনত মিথ্যা, অনাচাৰ আৰু লুণ্ঠনৰ শাসন চলাই আছে বুলি গুৰুতৰ অভিযোগ কৰে৷ অনুপ্রৱেশকাৰী প্রসংগত প্রধানমন্ত্রী মোদীয়ে এক গুৰুত্বপূর্ণ মন্তব্য কৰি কয় যে অনুপ্রৱেশকাৰীৰ পক্ষত তৃণমূল কংগ্রেছে মুকলিকৈ অৱস্থান কৰিছে৷ কাণ খুলি শুনি লওক– অনুপ্রৱেশকাৰীসকলৰ বিৰুদ্ধে সংবিধান মতেই ব্যৱস্থা লোৱা হ’ব৷ কলকাতাৰ চিকিৎসা মহাবিদ্যালয়ৰ ধর্ষণ কাণ্ডৰ পৰা শিক্ষক নিযুক্তিৰ কেলেংকাৰিৰ প্রসংগ উল্লেখ কৰি মুখ্যমন্ত্রী বেনার্জীক তীক্ষ্ণ বাক্যবাণ নিক্ষেপ কৰে মোদীয়ে৷ বেংগলক ৰক্ষা কৰিব লাগিলে টিএমচিক উৎখাত কৰিব লাগিব বুলি কৈ মোদীয়ে কয়– বেংগল হৈছে মহান লোকৰ ভূমি৷ কিন্তু টিএমচিৰ শাসনত ৰাজ্যখনৰ যুৱ অন্য ৰাজ্যলৈ প্রব্রজন কৰিবলগীয়া হৈছে৷ বেংগলক বিপর্যয়ৰ পৰা ভাল দিশলৈ আনিবলৈ জনতাক পৰিৱর্তনৰ বাবে আহ্বান জনায় প্রধানমন্ত্রী মোদীয়ে৷
শিক্ষক কেলেংকাৰি আৰু মুর্ছিদাবাদ হিংসাত্মক ঘটনাৰ প্রসংগও উল্লেখ কৰে মোদীয়ে ৷ মোদীয়ে শাসকীয় দলটোক আক্রমণ কৰি ৰাজ্যখনত ন্যায়ৰ কোনো আশাৰ ৰেঙনি নাই বুলি কয়৷ টিএমচি চৰকাৰ বিনিয়োগ আৰু সংস্থাপন সৃষ্টিৰ বিৰোধী বুলি অভিযোগ কৰি প্রধানমন্ত্রী মোদীয়ে কঠোৰ পৰিশ্রম, সৎ আৰু শক্তিশালী চৰকাৰ গঠনৰ বাবে ৰাজ্যবাসীক বিজেপিক এবাৰ সুযোগ দিবলৈ আহ্বান জনায়৷ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক ধর্ষণৰ প্রসংগ উল্লেখ কৰি মোদীয়ে মুখ্যমন্ত্রী বেনার্জীৰ ৰাজ্যত চিকিৎসালয়ত নাৰী সুৰক্ষিত নহয় বুলি সমালোচনা কৰে৷ সমাৱেশ সম্বোধন কৰাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে তেল আৰু গেছ, বিদ্যুৎ, পথ আৰু ৰে’লখণ্ডত ৫,৪০০ কোটিটকীয়া কেইবাটাও প্রকল্পৰ আধাৰশিলা কৰাৰ লগতে উদ্বোধনো কৰে৷
ইপিনে, পশ্চিমবংগ ভ্রমণৰ পূর্বে কালি প্রধানমন্ত্রী মোদীয়ে বিহাৰৰ মতিহাৰীতো সমাৱেশত কংগ্রেছ আৰু আৰজেডিক আক্রমণৰ লক্ষ্য কৰি লয়৷ জেডিইউৰ নেতৃত্বত বিহাৰত চলি থকা এনডিএৰ চৰকাৰৰ সফলতাৰ ওপৰত জোৰ দি প্রধানমন্ত্রী মোদীয়ে বিৰোধী কংগ্রেছ আৰু আৰজেডিক আক্রমণ কৰে৷ অহা বিধানসভা নির্বাচনতো বিজেপি নেতৃত্বাধীন এনডিএক বিহাৰবাসীয়ে ভোট দিব বুলি বিৰোধীক আক্রমণ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– অপাৰেচন সিন্দূৰৰ সফলতাই আৰজেডি আৰু কংগ্রেছক আঘাত কৰিছে৷ কালি প্রধানমন্ত্রীগৰাকীয়ে ৰাজ্যখনৰ পূব চম্পাৰণ জিলাত ৭,২০০ কোটিতকৈ অধিক টকা ব্যয়সাপেক্ষে নির্মাণ কৰা কেইবাটাও প্রকল্পৰ শুভাৰম্ভ কৰে৷