নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাইকানত আৰক্ষী-বনকর্মীক আক্রমণ কৰা ২১ দুর্বৃত্তক গ্রেপ্তাৰ

🔹 উচ্ছেদিত অঞ্চলত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ টহল

বিশেষ বাৰ্তা, ১৯ জুলাই : গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত পৰহি বনকর্মী আৰু আৰক্ষীক আক্রমণ কৰা ১০জন লোকক গ্রেপ্তাৰ কৰাৰ পিছত যোৱানিশাও আন ১১ দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ এতিয়ালৈ মুঠ ২১জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। শীর্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত এক বিশাল আৰক্ষী বাহিনীয়ে কৃষ্ণাই থানাৰ অন্তর্গত বিভিন্ন স্থানৰ পৰা লোককেইজনক গ্রেপ্তাৰ কৰে৷ পৰহি ধৃত লোককেইজন হৈছে জাহিদুল ইছলাম (১৮), হাচিনুৰ আলী (২০), হাচিবুল প্রামাণিক (১৫), মহিনুৰ আলী (২১), আজিজুল হক (২৫), আব্দুল ৰহিম (৪২), চামনুৰ আলী (৫০), নজৰুল আলী (৪৫), মকিবুৰ ৰহমান (৩৫) আৰু ৰফিকুল ইছলাম (২০) ৷ আনহাতে, যোৱানিশা ধৃত দুৰ্বৃত্তসকলৰ নাম এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

ইফালে, যুদ্ধৰ পিছৰ নিস্তব্ধতাসদৃশ পৰিৱেশ এতিয়া বিৰাজ কৰিছে গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তর্গত বিদ্যাপাৰা, বেতবাৰী অঞ্চলত৷ বেদখল উচ্ছেদিত বৃহত্তৰ অঞ্চলটোৰ চতুর্দিশে এতিয়া মাথোঁ আৰক্ষী, বনৰক্ষী তথা নিৰাপত্তাৰক্ষীৰ টহল৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত ৰক্তাক্ত সংঘাতৰ পিছতে সমগ্র অঞ্চলটোত যিকোনো লোকৰে প্রৱেশ নিষেধ কৰিছে আৰক্ষী–প্রশাসনে৷ বিদ্যাপাৰাত প্রৱেশ কৰা মূল পথটোত স্থাপন কৰা হৈছে বেৰিকেড৷ পৰহি অগ্নিসংযোগ কৰা বিদ্যাপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদটো ফেন্সিং তাঁৰৰ বেৰেৰে ঘেৰি পেলোৱা হৈছে৷ অঞ্চলটোত উচ্ছেদ অভিযানৰ সময়তে উক্ত বিদ্যালয়খনত স্থাপন কৰা হৈছে বনৰক্ষীৰ অস্থায়ী শিবিৰ৷ পাইকান সংৰক্ষিত বনাঞ্চল এতিয়া সম্পূর্ণ বেদখলমুক্ত৷ এটা সময়ত গছ–গছনিৰে সেউজীয়া হৈ থকা বনাঞ্চলখনে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত পুনৰ ঘূৰাই পালে পূর্বৰ পৰিৱেশ৷ বনাঞ্চলখনৰ আজিৰ পৰিৱেশ দেখি আনন্দিত হৈ পৰিছে গোৱালপাৰাৰ খিলঞ্জীয়া লোকসকল৷

বহু ইতিহাস থকা পাইকান সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত সন্দর্ভত আগিয়াৰ সমাজকর্মী সঞ্জীৱ দাসে কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সাহসিকতাক আমি গোৱালপাৰাবাসীয়ে শলাগ লৈছোঁ৷ অসমৰ ইতিহাসত কোনো মুখ্যমন্ত্রীয়ে কৰিব নোৱাৰা কাম তেওঁ কৰি বনাঞ্চল বেদখলমুক্ত কৰাৰ যি পদক্ষেপ লৈছে তাৰ বাবে আমি গোৱালপাৰাবাসীয়ে সদায় তেওঁৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম৷ আগিয়াৰ শিক্ষক লক্ষণ দাসে কয় যে পাইকান সংৰক্ষিত বনাঞ্চলখনে মুখ্যমন্ত্রীগৰাকীৰ বাবে পুনৰ যেন জীৱন ঘূৰাই পাইছে৷ এটা সময়ত গছ–গছনিৰে ভৰপূৰ পাইকান সংৰক্ষিত বনাঞ্চলখনক বেদখলকাৰীয়ে যেনেদৰে ধ্বংস কৰিছিল আৰু এতিয়া মুখ্যমন্ত্রীৰ প্রচেষ্টাত তাত বন বিভাগে বৃক্ষৰোপণ কৰাৰ যি পদক্ষেপ লৈছে সেয়া নিশ্চিতভাৱে এক প্রশংসনীয় বিষয়৷

ইফালে, ঘটনা সন্দর্ভত জিলা আয়ুক্ত প্রদীপ টিমুঙে কয় যে এতিয়া পৰিস্থিতি সম্পূর্ণ নিয়ন্ত্রণত৷ ৰেপিড একচন ফ’র্চে সমগ্র কৃষ্ণাই অঞ্চলত টহল দি আছে৷ গতিকে ৰাইজলৈ অনুৰোধ- প্রশাসনক সহায় কৰক৷ ইফালে, বৃহস্পতিবাৰে পাইকান সংৰক্ষিত বনাঞ্চলৰ কৃষ্ণাই বেতবাৰীত সংঘটিত ঘটনা সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰে অসম আৰক্ষীৰ ডি আই জি বিজয় কুলুগামে৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ইতিমধ্যে পর্যাপ্ত নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰা হৈছে৷ পৰিস্থিতি নিয়ন্ত্রণাধীন৷ ঘটনাৰ লগত জড়িতক গ্রেপ্তাৰ কৰা হৈছে৷ চিনাক্তকৰণ প্রক্রিয়া চলি আছে৷ আৰু অধিক লোক গ্রেপ্তাৰ হ’ব৷ দুটা গোচৰ ৰুজু কৰা হৈছে৷ তৃতীয় পক্ষ জড়িত থকাৰো সন্দেহ প্রকাশ কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে৷

You might also like