নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীৰ অভাৱত উত্তৰ অসমৰ শ শ বিঘা কৃষিভূমিত ছিঁৰাল ফাট

🔹 বতৰ অপৰিৱর্তিত হৈ থাকিলে ছন পৰি ৰ’ব পথাৰ

বিশেষ বার্তা, ১৯ জুলাই : খৰাঙে দহিছে বিশ্বনাথৰ লগতে উত্তৰ অসমৰ বিস্তৃত অঞ্চল৷ আহাৰ মাহৰ শেষ দিনকেইটাত বৰষুণৰ পানীৰে ভৰি থকা পথাৰবোৰত এতিয়া পানীৰ অভাৱ৷ চলিত মাহতেই বহু কৃষকে ভূঁই ৰুই শেষ কৰিব লাগে যদিও পানীৰ অভাৱত এতিয়াও আৰম্ভই কৰিব পৰা নাই হাজাৰ হাজাৰ কৃষকে৷

প্রকৃতিনির্ভৰ কৃষকৰ বাবে বৰষুণ পানীৰ গত্যন্তৰ নাই৷ বিশ্বনাথ আদি অঞ্চলসমূহত দুই–এজাক পাতলীয়া বৰষুণ ছেগা–চোৰোকাকৈ দিছে যদিও সেয়া ভূঁই ৰোৱাৰ বাবে পর্যাপ্ত নহয়৷ তদুপৰি ৰাজ্যত জলসিঞ্চন বিভাগৰ কোনো কাম নাইকিয়া হোৱা বুলি ক’ব খোজে ৰাইজে৷ বৰষুণৰ ওপৰত নির্ভৰশীল গ্রামাঞ্চলৰ কৃষকৰ বাবে এতিয়া অতি দুৰৱস্থাৰ সময়৷ শাওণ মাহতো বতৰৰ ৰূপ অপৰিৱর্তিত থাকিলে ছন পৰিব হাজাৰ হাজাৰ বিঘা ভূমি৷ অৱশ্যে একাংশ কৃষকে ভূঁই ৰুলে যদিও পথাৰত পানীৰ অভাৱত এতিয়া ছিঁৰাল ফাট দিছে৷ বহু কৃষকৰ কঠীয়াতলীত নাই পর্যাপ্ত পৰিমাণৰ পানী৷ এনে অৱস্থা শেহতীয়াকৈ যদিও পথাৰত পানী হ’লেও কঠীয়াৰ অভাৱেও দেখা দিয়াৰ চিন্তাই দহিছে বহু কৃষকক৷

বিশ্বনাথত জলসিঞ্চন ব্যৱস্থা অতি শোচনীয়৷ বহু পথাৰত জলসিঞ্চনৰ চিন–মোকাম নাই৷ ফলত বহু পথাৰ এনেও ছন পৰি থাকে৷ আনহাতে বুঢ়ীগাং, সাধাৰু নদীৰ জলসিঞ্চনৰ নলাসমূহো কার্যক্ষম হৈ থকা নাই৷ এনে পৰিস্থিতিত কৃষি বিভাগে সুবিধা দিলেও পানীৰ অভাৱতে থমকিব লগা হয় বিশ্বনাথৰ কৃষক৷

You might also like